--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ইছলাম ধৰ্মত ৰমজান মাহক বিশেষ গুৰুত্ব দিয়া হয়। চলিত বৰ্ষৰ ১২ মাৰ্চ অৰ্থাৎ আজিৰে পৰা আৰম্ভ হৈছে ৰমজান মাহ। এই সময়ছোৱাত মুছলমান সমাজৰ লোকে আল্লাহৰ ইবাদত কৰে আৰু ৰোজা ৰাখে। এই সময়ছোৱাত সূৰ্য্য উদয়ৰ আগে আগে চেহৰী কৰা হয় আৰু সূৰ্যাস্তৰ পাছত ইফতাৰৰ খাদ্য গ্ৰহণ কৰে।

এই সময়ছোৱাত ৰোজা ৰখা লোকসকলে পানীও নাখায়, অৰ্থাৎ গোটেই দিনটো ভোক আৰু পিয়াহত থাকি আল্লাহৰ নাম স্মৰণ কৰে আৰু সূৰ্যাস্তৰ পাছত ইফতাৰৰ সময়ত খেজুৰ খাই ৰোজা ভংগ কৰা হয়। তাৰ পাছতহে তেওঁলোকে অন্য খাদ্য গ্ৰহণ কৰে। সেয়েহে আজি আমি জানিম যে কেৱল খেজুৰ খাই কিয় ৰোজা ভংগ কৰা হয়। ইয়াৰ আঁৰত ধৰ্মীয় গুৰুত্ব আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱৰ বিষয়ে জানো আহক।

খেজুৰৰ ধৰ্মীয় সম্পৰ্ক কি?

ইছলাম ধৰ্মাৱলম্বীসকলৰ বিশ্বাস অনুসৰি খেজুৰ খাই ৰোজা ভংগ কৰাটো ছুন্নত বুলি গণ্য কৰা হয়। কোৱা হয় যে হজৰত মহম্মদ খেজুৰৰ প্ৰতি আকৰ্ষিত আছিল আৰু তেওঁ খেজুৰ খাই ৰোজা ভংগ কৰিছিল। ইছলামত হজৰত মহম্মদৰ পথ অনুসৰণ কৰাটো চুন্নাহ বুলি কোৱা হৈছে। সেইবাবেই মুছলমান সম্প্ৰদায়ৰ লোকসকলে খেজুৰ খাই ৰোজা ভংগ কৰে। ইয়াৰ পাছতহে আন খাদ্য গ্ৰহণ কৰে।

স্বাস্থ্যৰ ওপৰত খেজুৰৰ প্ৰভাৱ-

ধৰ্মীয় বিশ্বাস অনুসৰি খেজুৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। কেৱল এয়াই নহয়,  পুষ্টিৰ ক্ষেত্ৰতো খেজুৰ অতি উপকাৰী। সেয়েহে উপবাস ভংগ কৰাৰ এটা ভাল বিকল্প বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগতে কোৱা হয় যে খেজুৰত প্ৰাকৃতিকভাৱে মিঠা থাকে, যাৰ ফলত দিনটো ব্ৰত ৰখাৰ পাছত খেজুৰ গ্ৰহণে তৎক্ষণাত শক্তি প্ৰদান কৰে। খেজুৰত গ্লাইচেমিকও কম বুলি কোৱা হয়। সেয়েহে ই ডায়েবেটিছ ৰোগী ক্ষেত্ৰতো সমানে উপকাৰী বুলি কোৱা হয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ