--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে ৰচিলে ইতিহাস । খো খো বিশ্বকাপ ২০২৫ৰ খিতাপ দখল কৰিছে ভাৰতীয় মহিলা দলে। ফাইনেলত নেপালক পৰাস্ত কৰি ভাৰতীয় মহিলা দলটোৱে প্ৰথম চেম্পিয়ন হিচাপে পৰিগণিত হয়। চূড়ান্ত মেচখনত ভাৰতে ৭৮-৪০ ত জয়লাভ কৰে। সমগ্ৰ বিশ্বকাপত ভাৰতীয় মহিলা খো খো দলে শক্তিশালী প্ৰদৰ্শন আগবঢ়ায়।

দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথম খো-খো বিশ্বকাপত ভাৰতীয় পুৰুষ আৰু মহিলা দলৰ আধিপত্য দেখা গ’ল। মহিলা দলটোৱে নেপালক পৰাস্ত কৰি বিশ্বকাপৰ খিতাপ দখল কৰাৰ বিপৰীতে পুৰুষৰ দলটোৱেও তেওঁলোকৰ পদাংক অনুসৰণ কৰি নেপালক পৰাস্ত কৰি বিশ্বকাপৰ ট্ৰফী লাভ কৰিবলৈ সক্ষম হয়। ভাৰতীয় পুৰুষ দলটোৱে সমগ্ৰ প্ৰতিযোগিতাখনত অপৰাজিত অভিযান বজাই ৰাখিছিল, যিটো চূড়ান্ত মেচতো অব্যাহত ৰাখিছিল। ভাৰতে নেপালৰ বিৰুদ্ধে ৫৪-৩৬ৰ ব্যৱধানত খিতাপ অৰ্জন কৰে।

খো-খো বিশ্বকাপ ২০২৫ৰ পুৰুষৰ ফাইনেল খেলখনত ভাৰতীয় দলটোৱে নেপালৰ বিৰুদ্ধে এক সুন্দৰ আৰম্ভণি কৰিছিল য’ত তেওঁলোকে প্ৰথম পালত ২৬ পইণ্ট লাভ কৰিছিল আৰু নেপালৰ দলটোক আৰম্ভণিৰ সুযোগ নিদিলে। দ্বিতীয় পালত নেপালে সামান্য প্ৰত্যাৱৰ্তন কৰি মুঠ ১৮ পইণ্ট লাভ কৰে যদিও ভাৰতীয় দলে ৮ পইণ্টৰ অগ্ৰগতি বজাই ৰাখিবলৈ সক্ষম হয়। অৱশ্যে তৃতীয় পালত ভাৰতীয় পুৰুষৰ খো-খো দলৰ উজ্জ্বল প্ৰত্যাৱৰ্তন ঘটি পইণ্টৰ সংখ্যা ৫০ৰ অতিক্ৰম কৰি নেপালক খিতাপ সংঘৰ্ষৰ পৰা সম্পূৰ্ণৰূপে বাহিৰ কৰি দিয়ে।

নেপালৰ বিৰুদ্ধে চূড়ান্ত খেলখনৰ প্ৰথম তিনিটা পালত ভাৰতীয় পুৰুষৰ খো-খো দলে নিজৰ অগ্ৰগতি বজাই ৰখাৰ বিপৰীতে চতুৰ্থ পালতো একেধৰণৰ কথা দেখা গৈছিল আৰু ভাৰতীয় দলে ৫৪-৩৬ ৰ ব্যৱধানত জয়লাভ কৰে। এই বিশ্বকাপত ভাৰতীয় পুৰুষৰ খো-খো দলে দ্বিতীয়বাৰৰ বাবে নেপাল দলক পৰাস্ত কৰিছে, য’ত পূৰ্বে দুয়োৰে মাজত গ্ৰুপ মেচত সংঘৰ্ষ হৈছিল আৰু সেইখনো জয়ী হোৱাত ভাৰত সফল হৈছিল। পুৰুষৰ খো-খো বিশ্বকাপৰ প্ৰথম সংস্কৰণত মুঠ ২০টা দলে অংশগ্ৰহণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ