--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু যুৱতীৰ হৃদয় ভাঙি বিবাহপাশত আৱদ্ধ হল ভাৰতৰ গল্ডেন বয় নীৰড চোপ্ৰা। নীৰজক সপোন কোঁৱৰ হিচাপে কল্পনা কৰিছিল বহু যুৱতীয়ে। যুৱতীসকলৰ আশাত চেঁচা পানী ঢালি নীৰজে একেবাৰে নিজৰ কৰি ললে নিজৰ সপোন কুঁৱৰীক। 

ভাৰতীয় তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰা দেওবাৰে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে এই কথা ঘোষণা কৰে। তেওঁ নিজৰ বিয়াৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি জীৱনৰ নতুন আৰম্ভণিৰ কথা ঘোষণা কৰে। নীৰজৰ পত্নীৰ নাম হিমানী মৰ।

পানীপতৰ নিবাসী নীৰজ চোপ্ৰাই গোপনে বিয়া পাতি সকলোকে আচৰিত কৰি তুলিছে। অৱশ্যে যোৱা কেইবাদিনো পৰিয়ালটোৱে বিয়াৰ প্ৰস্তুতি চলাইছিল। 

চোপ্ৰাৰ খুড়াক ভীম চোপ্ৰাই জনোৱা মতে, বৰ্তমান হিমানীয়ে আমেৰিকাত অধ্যয়ন কৰি আছে। নিউ হামচায়াৰৰ ফ্ৰেংকলিন পিয়ৰ্চ বিশ্ববিদ্যালয়ত ‘স্প’ৰ্টছ মেনেজমেণ্ট’ অধ্যয়ন কৰি আছে হিমানীয়ে। ৰাজনীতি বিজ্ঞান আৰু শাৰীৰিক শিক্ষাত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰা হিমানী মৰ দিল্লীৰ মিৰাণ্ডা হাউছৰ প্ৰাক্তন ছাত্ৰী। ভীমে কয়, ‘হয়, বিয়াখন দুদিন আগতে ভাৰতত হৈছিল। ক’ত হৈছিল ক’ব পৰা নাযাব।’ কইনা ছনীপটৰ বাসিন্দা আৰু তেওঁ আমেৰিকাত পঢ়ি আছে। হানিমুনৰ বাবে তেওঁলোক দেশৰ বাহিৰলৈ গৈছে আৰু ক'লৈ গৈ আছে আমি নাজানো। 

উল্লেখ্য যে অল ইণ্ডিয়া টেনিছ ফেডাৰেচনৰ ৱেবছাইট অনুসৰি ২০১৮ চনত হিমানীৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় ৰেংকিঙত একক শাখাত ৪২ আৰু ডাবলছত ২৭ ৰান। ২০১৮ চনত তেওঁ এআইটিএৰ ইভেণ্টত খেলিবলৈ আৰম্ভ কৰিছিল।

আনহাতে পেৰিছ অলিম্পিকত ৮৯.৪৫ মিটাৰ দূৰত্বত জেভেলিন থ্ৰ’ৰ ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় নীৰজ চোপ্ৰা। দ্বিতীয় স্থানত থাকে নীৰজ। পাকিস্তানৰ আৰ্ছাদ নাদীমে ৯২.৯৭ মিটাৰ জেভেলিন নিক্ষেপ কৰি স্বৰ্ণ পদক লাভ কৰে। টকিঅ’ অলিম্পিক ২০২০ত নীৰজ চোপ্ৰাই স্বৰ্ণ পদক লাভ কৰি দেশবাসীৰ নয়নৰ মণি হৈ পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ