--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে পুনে টেষ্ট মেচৰ পূৰ্বে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে এক সংবাদমেল অনুষ্ঠিত কৰে। বৃহস্পতিবাৰৰ পৰা ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ। সংবাদমেলত গম্ভীৰে বহু প্ৰশ্নৰ উত্তৰ দিলে। কেএল ৰাহুলৰ বিষয়টোক লৈও তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। গম্ভীৰে স্পষ্টকৈ কৈছে যে ভাৰতীয় দলে এতিয়া কেএল ৰাহুলক সমৰ্থন কৰিব। তেওঁ ৰাহুলৰ কানপুৰ টেষ্ট ইনিংছৰ কথাও উল্লেখ কৰে। বাংগালুৰু টেষ্টত ৰাহুলৰ প্ৰদৰ্শন ভাল নাছিল।


পুনে টেষ্টৰ পূর্বে সংবাদমেলত গম্ভিৰে কয় যে ‘প্লেইং ইলেভেন’ ছ’চিয়েল মিডিয়াই নির্ধাৰণ নকৰে৷ ছ’চিয়েল মিডিয়াত মানুহে বা বিশেষজ্ঞই কি ভাবে সেয়া আমাৰ বাবে গুৰুত্বপূৰ্ণ নহয়, টিম মেনেজমেণ্টে কি ভাবে সেয়া আমাৰ বাবে গুৰুত্বপূৰ্ণ। কানপুৰৰ কঠিন খেলপথাৰত তেওঁ (কে এল ৰাহুলে) ভাল ইনিংছ খেলিছিল।আমাৰ দল পৰিচালনাই তেওঁক সহায় কৰিব।

Kl Rahul: Cricketer's controversy-ridden career and net worth

নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ প্ৰথমখন খেলত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ভাৰতীয় দলে। এই মেচখনৰ প্ৰথম ইনিংছত শূন্যত আউট হৈছিল কে এল ৰাহুল। দ্বিতীয় ইনিংছত ১২ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে। বাংলাদেশৰ বিৰুদ্ধে কানপুৰ টেষ্টত ৰাহুলে অৰ্ধশতক অৰ্জন কৰিছিল। তেওঁ ৬৮ ৰানৰ ইনিংছ খেলে। দ্বিতীয়খন টেষ্টৰ প্লেইং ইলেভেনত ৰাহুলৰ নাম অন্তৰ্ভুক্ত কৰা হ’ব নে নহয় সেই কথা প্ৰকাশ কৰা নাই গৌতম গম্ভীৰে।

বেংগালুৰু টেষ্টৰ পাছত কে এল ৰাহুলে খেলপথাৰ স্পৰ্শ কৰি সেৱা কৰিছিল। ইয়াৰ পিছত তেওঁৰ অৱসৰৰ উৰাবাতৰি ভাইৰেল হৈ পৰে। ৰাহুলৰ সেই ফটোখনো ছ’চিয়েল মিডিয়াত বহুবাৰ শ্বেয়াৰ কৰা হৈছিল। অৱশ্যে এই উৰাবাতৰিবোৰক লৈ তেওঁৰ পক্ষৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ হোৱা নাই। বেংগালুৰু টেষ্টৰ পাছত ৰাহুলক নিৰাশ যেন লাগে।

ভাৰতীয় দলৰ হৈ প্ৰতিটো ফৰ্মেটতে ভাল খেল প্ৰদৰ্শন কৰিছে ৰাহুলে। তেওঁ এই পৰ্যন্ত ৫৩ খন টেষ্ট মেচ খেলিছে। আজি পৰ্যন্ত তেওঁ আঠটা শতক আৰু ১৫টা অৰ্ধশতক অৰ্জন কৰিছে। ৰাহুলে মুঠ ২৯৮১ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ সৰ্বোত্তম টেষ্ট স্ক’ৰ হৈছে ১৯৯ ৰান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
কমনৱেলথ গেমছলৈ নির্বাচিত তেজপুৰৰ লিছা দাস
NHPCয়ে সোৱণশিৰিত, নীপকোৱে ৰঙানদীত এৰিলে পানী
কেৱল সোৱাদতেই নহয়, বহু উপকাৰী গুণেৰেও অতুলনীয় খৰিচা
গুৱাহাটী ৰে’লৱে ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; চেন্নাইলৈ যোৱাৰ চেষ্টা ব্যৰ্থ কৰিলে RPFএ
চামগুৰিত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ডুৰাণ্ড কাপৰ ট্ৰফী; ১৬-১৭ জুলাইত গুৱাহাটীত হ’ব প্রদর্শন
মহাকাব্যিক প্ৰত্যাৱৰ্তন
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
Advertisement