--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আৰহাম আহমেদৰ পিতৃ ৰফিক উদ্দিন আৰু মাতৃ মৌচুমী বেগম তথা পৰিয়ালৰ সদস্য সকলৰ মতে, আৰহামে একেবাৰে কণমানৰে পৰা ব্যতিক্ৰমী স্মৃতিশক্তি, তীক্ষ্ণ পৰ্যবেক্ষণ ক্ষমতা আৰু দ্রুত শিক্ষণ দক্ষতাৰ পৰিচয় দি আহিছে।

ডিজিটেল ডেস্ক: মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ। হোজাই জিলাৰ যমুনামুখ অঞ্চলৰ কণমানি আৰহাম আহমেদে পুনৰ এবাৰ নিজৰ ব্যতিক্ৰমী প্ৰতিভাৰ জৰিয়তে সমগ্ৰ অঞ্চলটোক গৌৰৱান্বিত কৰি তুলিছে। অসাধাৰণ স্মৃতিশক্তি আৰু প্ৰাৰম্ভিক শিক্ষণ দক্ষতাৰে যমুনামুখলৈ গৌৰৱ কঢ়িয়াই আনিলে কণমানি আৰহাম আহমেদে। 


‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত ৰাষ্ট্ৰীয় ৰেকৰ্ড স্থাপন কৰি কণমানি শিশুটিয়ে এক উল্লেখযোগ্য সাফল্য অর্জন কৰিবলৈ সক্ষম হৈছে। অতি কম বয়সতে এনে অসাধাৰণ কৃতিত্ব লাভ কৰা আৰহাম আহমেদ বৰ্তমানে অঞ্চলটোৰ লগতে সমগ্ৰ ৰাজ্যজুৰি বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে। শিশুটিৰ এই সফলতাই কেৱল পৰিয়ালটোকেই নহয়, সমগ্ৰ যমুনামুখ অঞ্চল আৰু নগাঁও জিলাকো গৌৰৱান্বিত কৰি তুলিছে।


আৰহাম আহমেদৰ পিতৃ ৰফিক উদ্দিন আৰু মাতৃ মৌচুমী বেগম তথা পৰিয়ালৰ সদস্য সকলৰ মতে, আৰহামে একেবাৰে কণমানৰে পৰা ব্যতিক্ৰমী স্মৃতিশক্তি, তীক্ষ্ণ পৰ্যবেক্ষণ ক্ষমতা আৰু দ্রুত শিক্ষণ দক্ষতাৰ পৰিচয় দি আহিছে। খেলাৰ মাজেৰে বিভিন্ন বস্তু, ছবি, জন্তু, শাক-পাচলি, শৰীৰৰ অংগ, বৰ্ণমালা, কবিতা, ৰাষ্ট্ৰীয় চিহ্ন, সাত বাৰৰ নাম, বাৰ মাহৰ নাম, সৌৰ জগতৰ গ্ৰহ আদি সহজে মনত ৰাখি চিনাক্ত আৰু উচ্চাৰণ কৰিব পৰা ক্ষমতাই পৰিয়ালৰ লগতে স্থানীয় লোক সকলকো বিস্মিত কৰি তুলিছে। 


বিশেষকৈ ইংৰাজী বৰ্ণমালাৰ আখৰ সমূহ সংশ্লিষ্ট ছবিৰ সৈতে সঠিকভাৱে চিনাক্ত কৰাৰ দক্ষতাই বিচাৰক মণ্ডলীৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ এছিভাৰ’ উপাধি লাভ কৰে। উল্লেখযোগ্য যে, আৰহাম আহমেদৰ প্ৰথম উল্লেখযোগ্য সাফল্য নহয়, ইয়াৰ পূৰ্বেও মাত্ৰ ১৮ মাহ বয়সতে তেওঁ ‘অসম বুক অৱ ৰেকৰ্ডছ’ৰ অধীনত ৰাজ্যিক ৰেকৰ্ড স্থাপন কৰি ব্যাপক প্ৰশংসা লাভ কৰিছিল। অতি কম বয়সতে এনে সাফল্য অর্জন কৰাৰ বাবে বিভিন্ন মহলে শিশুটিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত