--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আৰহাম আহমেদৰ পিতৃ ৰফিক উদ্দিন আৰু মাতৃ মৌচুমী বেগম তথা পৰিয়ালৰ সদস্য সকলৰ মতে, আৰহামে একেবাৰে কণমানৰে পৰা ব্যতিক্ৰমী স্মৃতিশক্তি, তীক্ষ্ণ পৰ্যবেক্ষণ ক্ষমতা আৰু দ্রুত শিক্ষণ দক্ষতাৰ পৰিচয় দি আহিছে।

ডিজিটেল ডেস্ক: মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ। হোজাই জিলাৰ যমুনামুখ অঞ্চলৰ কণমানি আৰহাম আহমেদে পুনৰ এবাৰ নিজৰ ব্যতিক্ৰমী প্ৰতিভাৰ জৰিয়তে সমগ্ৰ অঞ্চলটোক গৌৰৱান্বিত কৰি তুলিছে। অসাধাৰণ স্মৃতিশক্তি আৰু প্ৰাৰম্ভিক শিক্ষণ দক্ষতাৰে যমুনামুখলৈ গৌৰৱ কঢ়িয়াই আনিলে কণমানি আৰহাম আহমেদে। 


‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত ৰাষ্ট্ৰীয় ৰেকৰ্ড স্থাপন কৰি কণমানি শিশুটিয়ে এক উল্লেখযোগ্য সাফল্য অর্জন কৰিবলৈ সক্ষম হৈছে। অতি কম বয়সতে এনে অসাধাৰণ কৃতিত্ব লাভ কৰা আৰহাম আহমেদ বৰ্তমানে অঞ্চলটোৰ লগতে সমগ্ৰ ৰাজ্যজুৰি বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে। শিশুটিৰ এই সফলতাই কেৱল পৰিয়ালটোকেই নহয়, সমগ্ৰ যমুনামুখ অঞ্চল আৰু নগাঁও জিলাকো গৌৰৱান্বিত কৰি তুলিছে।


আৰহাম আহমেদৰ পিতৃ ৰফিক উদ্দিন আৰু মাতৃ মৌচুমী বেগম তথা পৰিয়ালৰ সদস্য সকলৰ মতে, আৰহামে একেবাৰে কণমানৰে পৰা ব্যতিক্ৰমী স্মৃতিশক্তি, তীক্ষ্ণ পৰ্যবেক্ষণ ক্ষমতা আৰু দ্রুত শিক্ষণ দক্ষতাৰ পৰিচয় দি আহিছে। খেলাৰ মাজেৰে বিভিন্ন বস্তু, ছবি, জন্তু, শাক-পাচলি, শৰীৰৰ অংগ, বৰ্ণমালা, কবিতা, ৰাষ্ট্ৰীয় চিহ্ন, সাত বাৰৰ নাম, বাৰ মাহৰ নাম, সৌৰ জগতৰ গ্ৰহ আদি সহজে মনত ৰাখি চিনাক্ত আৰু উচ্চাৰণ কৰিব পৰা ক্ষমতাই পৰিয়ালৰ লগতে স্থানীয় লোক সকলকো বিস্মিত কৰি তুলিছে। 


বিশেষকৈ ইংৰাজী বৰ্ণমালাৰ আখৰ সমূহ সংশ্লিষ্ট ছবিৰ সৈতে সঠিকভাৱে চিনাক্ত কৰাৰ দক্ষতাই বিচাৰক মণ্ডলীৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ এছিভাৰ’ উপাধি লাভ কৰে। উল্লেখযোগ্য যে, আৰহাম আহমেদৰ প্ৰথম উল্লেখযোগ্য সাফল্য নহয়, ইয়াৰ পূৰ্বেও মাত্ৰ ১৮ মাহ বয়সতে তেওঁ ‘অসম বুক অৱ ৰেকৰ্ডছ’ৰ অধীনত ৰাজ্যিক ৰেকৰ্ড স্থাপন কৰি ব্যাপক প্ৰশংসা লাভ কৰিছিল। অতি কম বয়সতে এনে সাফল্য অর্জন কৰাৰ বাবে বিভিন্ন মহলে শিশুটিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান