--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ঘৰলৈ অহাৰ পথত থকা এটা জনবসতিহীন অঞ্চলৰ মৰাপাট খেতিৰ কাষেৰে পাৰ হৈ যাওঁতেই খাপ পিটি থকা তিনি অভিযুক্তই কিশোৰীগৰাকীক বলপূৰ্বকভাৱে মৰাপাট খেতিৰ মাজলৈ টানি লৈ যায়।

ডিজিটেল ডেস্ক: বৰপেটা জিলাৰ বাঘবৰত সংঘটিত এক জঘন্য আৰু লোমহৰ্ষক ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এগৰাকী ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ আৰু হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে তিনিজন কিশোৰক আটক কৰিছে।


সোমবাৰে বাঘবৰৰ ২ নং চাছৰা গাঁৱৰ বাসিন্দা মোকাদ্দেছ আলীৰ কন্যা তথা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে বিদ্যালয়লৈ গৈছিল। কিন্তু স্কুলত হঠাত গা বেয়া লাগিবলৈ ধৰাত তেওঁ আধাতে ছুটি লৈ অকলশৰে ঘৰলৈ বুলি ৰাওনা হয়। ঘৰলৈ অহাৰ পথত থকা এটা জনবসতিহীন অঞ্চলৰ মৰাপাট খেতিৰ কাষেৰে পাৰ হৈ যাওঁতেই খাপ পিটি থকা তিনি অভিযুক্তই কিশোৰীগৰাকীক বলপূৰ্বকভাৱে মৰাপাট খেতিৰ মাজলৈ টানি লৈ যায়।


তাতেই অভিযুক্ত কেইজনে কিশোৰীগৰাকীক অতি পাশৱিকভাৱে ধৰ্ষণ কৰে আৰু পিছত তেওঁ পিন্ধি থকা স্কুল ইউনিফৰ্মেৰেই ডিঙিত ফাচ লগাই নিৰ্দয়ভাৱে হত্যা কৰে।


কিশোৰীগৰাকী সময়মতে ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে আৰু বিচাৰ-খোচাৰ আৰম্ভ কৰে। অৱশেষত নিশাৰ ভাগত মৰাপাট খেতিৰ মাজত কিশোৰীগৰাকীৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হয়।


ঘটনাৰ খবৰ পোৱাৰ পিছতেই বৰপেটা জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য আৰু উপ আৰক্ষী অধীক্ষক ভাৰ্গিছ কুমাৰ ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ ক্ষিপ্ৰ তদন্ত আৰম্ভ কৰে। প্ৰাৰম্ভিক অৱস্থাত কোনো ক্লু লাভ কৰা নাছিল যদিও গভীৰ অনুসন্ধানৰ অন্তত আৰক্ষীয়ে সন্দেহবশতঃ তিনিজন কিশোৰক আটক কৰে।


তীব্ৰ জেৰাৰ অন্তত ধৃত তিনিওজন কিশোৰে আৰক্ষীৰ সন্মুখত নিজৰ অপৰাধ স্বীকাৰ কৰিছে। আটাইতকৈ চাঞ্চল্যকৰ বিষয়টো হ’ল, ধৃত তিনিজনৰ ভিতৰত এজন ভুক্তভোগী কিশোৰীগৰাকীৰ নিজা মোমায়েকৰ পুত্ৰ বুলি জানিব পৰা গৈছে।


জীৱন কি তাক বুজি উঠাৰ পূৰ্বেই এজনী ১০ বছৰীয়া কণমানিয়ে এনেদৰে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হোৱা ঘটনাই সচেতন মহলক স্তব্ধ কৰি তুলিছে। কম বয়সীয়া কিশোৰে মিলি এনে বৰ্বৰ আৰু পাশৱিক অপৰাধ সংঘটিত কৰা ঘটনাই বৰ্তমান সমাজত কিশোৰ অপৰাধৰ (Juvenile Delinquency) এক ভয়াবহ আৰু উদ্বেগজনক ছবি উদঙাই দেখুৱাইছে। স্থানীয় ৰাইজে দোষীৰ বিৰুদ্ধে কঠোৰতম শাস্তিৰ দাবী জনাইছে। বৰ্তমানো আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত আইনী প্ৰক্ৰিয়া আৰু তদন্ত অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান