--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৯ ছেপ্টেম্বৰ দিনটো ভাৰতৰ ক্ৰিকেট জগতৰ বাবে এক ঐতিহাসিক দিন৷ এই দিনটোতে এক বিশেষ কৃতিত্ব অৰ্জন কৰিছিল ভৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙে৷

দক্ষিণ আফ্ৰিকাৰ ডাৰবানস্থিত কিংছমেড ষ্টেডিয়ামত অনুষ্ঠিত আইচিচি টি-২০ বিশ্বকাপৰ এখন খেলত, যুৱৰাজ সিঙে ইংলেণ্ডৰ ষ্টুৱাৰ্ট ব্ৰডৰ এটা অভাৰত ছয়টা ছয় সংগ্ৰহ কৰছিল। ইংলেণ্ডৰ বিৰুদ্ধে এই মেচখনত যুৱৰাজ সিঙে ১২ বলত ৫০ ৰান কৰি, টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্ৰুততম অৰ্ধশতকৰ ৰেকৰ্ড গঢ়িছিল। ক্ৰীড়াবিদ গৰাকীৰ এই দুৰ্দান্ত প্ৰদৰ্শনে ক্ৰীড়া প্ৰেমীৰ অন্তৰ জয় কৰিছল৷ আৰু এই কৃতিত্বই ক্ৰিকেটৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰিছিল৷ এই দিনটো কেৱল ভাৰতীয় ক্ৰিকেটৰ বাবে নহয় সমগ্ৰ বিশ্বৰ ক্ৰিকেটৰ বাবে এই দনটো স্মৰণীয় দিন হৈ ৰ'ল। এই কৃতিত্ব অৰ্জনৰ ১৭ টা বৰ্ষ অতিক্ৰম কাৰাৰ পাছতো ক্ৰীড়া প্ৰেমী তথা বিশ্লেষক সকলে গৌৰৱেৰে স্মৰণ কৰিছে৷

যুৱৰাজ সিঙে, ২০০০ চনত কেনিয়াৰ বিৰুদ্ধে তেওঁৰ প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত অভিষেক কৰিছিল আৰু ২০০৩ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত অভিষেক কৰিছিল।আৰু ২০০৭ চনৰ ১৯ ছেপ্টেম্বৰত প্ৰথম আই চি.চি.টি-২০ বিশ্বকাপত ইংলেণ্ডৰ ষ্টুৱাৰ্ট ব্ৰডৰ এটা অভাৰত ছয়টা ছয় সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাৰ লগতে ১২ টা বলত অৰ্ধশতক লাভ কৰি টি-২ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক দ্ৰুততম অৰ্ধশতকৰ ৰেকৰ্ড গঢ়িছিল। ২০১১ চনৰ আই চি চি ক্ৰিকেট বিশ্বকাপত ভাৰতক বিজয়ী কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰাৰ লগতে  টুৰ্ণামেণ্টৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছিল যুৱৰাজ সিঙে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post