--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৯ ছেপ্টেম্বৰ দিনটো ভাৰতৰ ক্ৰিকেট জগতৰ বাবে এক ঐতিহাসিক দিন৷ এই দিনটোতে এক বিশেষ কৃতিত্ব অৰ্জন কৰিছিল ভৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙে৷

দক্ষিণ আফ্ৰিকাৰ ডাৰবানস্থিত কিংছমেড ষ্টেডিয়ামত অনুষ্ঠিত আইচিচি টি-২০ বিশ্বকাপৰ এখন খেলত, যুৱৰাজ সিঙে ইংলেণ্ডৰ ষ্টুৱাৰ্ট ব্ৰডৰ এটা অভাৰত ছয়টা ছয় সংগ্ৰহ কৰছিল। ইংলেণ্ডৰ বিৰুদ্ধে এই মেচখনত যুৱৰাজ সিঙে ১২ বলত ৫০ ৰান কৰি, টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্ৰুততম অৰ্ধশতকৰ ৰেকৰ্ড গঢ়িছিল। ক্ৰীড়াবিদ গৰাকীৰ এই দুৰ্দান্ত প্ৰদৰ্শনে ক্ৰীড়া প্ৰেমীৰ অন্তৰ জয় কৰিছল৷ আৰু এই কৃতিত্বই ক্ৰিকেটৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰিছিল৷ এই দিনটো কেৱল ভাৰতীয় ক্ৰিকেটৰ বাবে নহয় সমগ্ৰ বিশ্বৰ ক্ৰিকেটৰ বাবে এই দনটো স্মৰণীয় দিন হৈ ৰ'ল। এই কৃতিত্ব অৰ্জনৰ ১৭ টা বৰ্ষ অতিক্ৰম কাৰাৰ পাছতো ক্ৰীড়া প্ৰেমী তথা বিশ্লেষক সকলে গৌৰৱেৰে স্মৰণ কৰিছে৷

যুৱৰাজ সিঙে, ২০০০ চনত কেনিয়াৰ বিৰুদ্ধে তেওঁৰ প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত অভিষেক কৰিছিল আৰু ২০০৩ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত অভিষেক কৰিছিল।আৰু ২০০৭ চনৰ ১৯ ছেপ্টেম্বৰত প্ৰথম আই চি.চি.টি-২০ বিশ্বকাপত ইংলেণ্ডৰ ষ্টুৱাৰ্ট ব্ৰডৰ এটা অভাৰত ছয়টা ছয় সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাৰ লগতে ১২ টা বলত অৰ্ধশতক লাভ কৰি টি-২ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক দ্ৰুততম অৰ্ধশতকৰ ৰেকৰ্ড গঢ়িছিল। ২০১১ চনৰ আই চি চি ক্ৰিকেট বিশ্বকাপত ভাৰতক বিজয়ী কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰাৰ লগতে  টুৰ্ণামেণ্টৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছিল যুৱৰাজ সিঙে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ