--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰিকেট খেলখন শতিকা পুৰণি আৰু ক্ৰমবৰ্দ্ধমানৰূপে এই খেলৰ উপযোগী সামগ্ৰীৰো বিকাশ হৈ আহিছে। আজিৰ বেটবোৰ আগৰ বেটবোৰতকৈ বহুত বেলেগ ৷ কিন্তু আগতে ক্ৰিকেট খেলখন অতি কম নিৰাপদ অৱস্থাতে খেলা হৈছিল। বিশেষকৈ জোতাৰ কথা ক’লে আজি বলাৰৰ জোতাত ডাঙৰ ডাঙৰ স্পাইক থাকে, যাৰ বাবে ৰানৰ বাবে দৌৰিবলৈ সহজ হৈ পৰে। কিন্তু ক্ৰিকেটাৰে পিন্ধা জোতাৰ দাম কিমান আপুনালোকে জানেনে?

ভাৰতৰ বিখ্যাত ক্ৰীড়া সামগ্ৰী নিৰ্মাতা কোম্পানীৰ ভিতৰত এছজি অন্যতম। ভাৰতত খেলা টেষ্ট মেচত এই কোম্পানীৰ চামৰাৰ বল বেছিকৈ ব্যৱহাৰ কৰা হয়। জোতাৰ কথা ক’বলৈ গ’লে এছ জিৰ অফিচিয়েল ৱেবছাইটত স্পাইক থকা জোতাৰ দাম ২০০০ টকাৰ পৰা ৩০০০ টকাৰ ভিতৰত। জোতাৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি এই দাম আৰু অধিকো হ’ব পাৰে। আনহাতে এডিডাছ আৰু পুমাৰ দৰে কোম্পানীয়ে ১০-২০ হাজাৰ টকাৰ মূল্যৰ ভিতৰত স্পাইক লগোৱা ক্ৰিকেট জোতা বিক্ৰী কৰে।

বৰ্তমান বিশ্বৰ অন্যতম শ্ৰেষ্ঠ, ধনী আৰু জনপ্ৰিয় খেলুৱৈ বিৰাট কোহলী। তেওঁ নিজৰ এগৰাকী ব্ৰেণ্ড হৈ পৰিছে আৰু বৰ্তমান তেওঁৰ নেট ৱৰ্থ ১০০০ কোটিতকৈও অধিক অতিক্ৰম কৰিছে। বিৰাট কোহলী গ্ল’বেল স্প’ৰ্টছ কোম্পানী পুমাৰ ব্ৰেণ্ড এম্বেছাদৰ আৰু এই কোম্পানীয়ে তেওঁৰ বাবে জোতা তৈয়াৰ কৰে। ভাৰতীয় ক্ৰীড়া কোম্পানী ডিএছইৰ তথ্য অনুসৰি বিৰাটৰ জোতাৰ দাম ২০ৰ পৰা ৩০ হাজাৰ টকাৰ ভিতৰত।

ক্ৰিকেটাৰসকলে স্পাইক নোহোৱাকৈও ক্ৰিকেট খেলিব পাৰে কিন্তু বেটছমেন হওক বা বলাৰ হওক স্পাইক প্ৰয়োগ কৰিলে তেওঁৰ জোতাৰ গ্ৰিপ ভাল হয়, যাৰ ফলত তেওঁলোকে পিছলি নোযোৱাকৈ দৌৰিব পাৰে । সাধাৰণ জোতাতো স্পাইক লগাব কৰিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ