--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰিকেট খেলখন শতিকা পুৰণি আৰু ক্ৰমবৰ্দ্ধমানৰূপে এই খেলৰ উপযোগী সামগ্ৰীৰো বিকাশ হৈ আহিছে। আজিৰ বেটবোৰ আগৰ বেটবোৰতকৈ বহুত বেলেগ ৷ কিন্তু আগতে ক্ৰিকেট খেলখন অতি কম নিৰাপদ অৱস্থাতে খেলা হৈছিল। বিশেষকৈ জোতাৰ কথা ক’লে আজি বলাৰৰ জোতাত ডাঙৰ ডাঙৰ স্পাইক থাকে, যাৰ বাবে ৰানৰ বাবে দৌৰিবলৈ সহজ হৈ পৰে। কিন্তু ক্ৰিকেটাৰে পিন্ধা জোতাৰ দাম কিমান আপুনালোকে জানেনে?

ভাৰতৰ বিখ্যাত ক্ৰীড়া সামগ্ৰী নিৰ্মাতা কোম্পানীৰ ভিতৰত এছজি অন্যতম। ভাৰতত খেলা টেষ্ট মেচত এই কোম্পানীৰ চামৰাৰ বল বেছিকৈ ব্যৱহাৰ কৰা হয়। জোতাৰ কথা ক’বলৈ গ’লে এছ জিৰ অফিচিয়েল ৱেবছাইটত স্পাইক থকা জোতাৰ দাম ২০০০ টকাৰ পৰা ৩০০০ টকাৰ ভিতৰত। জোতাৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি এই দাম আৰু অধিকো হ’ব পাৰে। আনহাতে এডিডাছ আৰু পুমাৰ দৰে কোম্পানীয়ে ১০-২০ হাজাৰ টকাৰ মূল্যৰ ভিতৰত স্পাইক লগোৱা ক্ৰিকেট জোতা বিক্ৰী কৰে।

বৰ্তমান বিশ্বৰ অন্যতম শ্ৰেষ্ঠ, ধনী আৰু জনপ্ৰিয় খেলুৱৈ বিৰাট কোহলী। তেওঁ নিজৰ এগৰাকী ব্ৰেণ্ড হৈ পৰিছে আৰু বৰ্তমান তেওঁৰ নেট ৱৰ্থ ১০০০ কোটিতকৈও অধিক অতিক্ৰম কৰিছে। বিৰাট কোহলী গ্ল’বেল স্প’ৰ্টছ কোম্পানী পুমাৰ ব্ৰেণ্ড এম্বেছাদৰ আৰু এই কোম্পানীয়ে তেওঁৰ বাবে জোতা তৈয়াৰ কৰে। ভাৰতীয় ক্ৰীড়া কোম্পানী ডিএছইৰ তথ্য অনুসৰি বিৰাটৰ জোতাৰ দাম ২০ৰ পৰা ৩০ হাজাৰ টকাৰ ভিতৰত।

ক্ৰিকেটাৰসকলে স্পাইক নোহোৱাকৈও ক্ৰিকেট খেলিব পাৰে কিন্তু বেটছমেন হওক বা বলাৰ হওক স্পাইক প্ৰয়োগ কৰিলে তেওঁৰ জোতাৰ গ্ৰিপ ভাল হয়, যাৰ ফলত তেওঁলোকে পিছলি নোযোৱাকৈ দৌৰিব পাৰে । সাধাৰণ জোতাতো স্পাইক লগাব কৰিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩খন কাকতৰ পৰীক্ষা অনুষ্ঠিত কৰি বাকী বিষয়সমূহ ডেৰ মাহৰ পাছত পতাৰ আজব সিদ্ধান্ত
গৰৈমাৰীৰ জোৰশিমুলীত আৰক্ষীৰ অভিযান; নগদ ধনসহ বৃহৎ পৰিমাণৰ হীৰা আৰু সোণৰ আ-অলংকাৰ জব্দ
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ