--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেৱালী উপলক্ষে কিছুমান কোম্পানীয়ে কৰ্মচাৰীক উপহাৰ প্ৰদান কৰে। দেৱালীত কৰ্মচাৰীক ডাঙৰ ডাঙৰ উপহাৰ দিয়াৰ কথা যেতিয়াই চৰ্চা হয় তেতিয়াই গুজৰাটৰ সাৱজী ঢোলাকিয়াৰ নাম চৰ্চালৈ আহে। কর্মচাৰীক ব্যয়বহুল উপহাৰ দিয়াৰ বাবে তেওঁ পৰিচিত। 

এতিয়া চেন্নাই কোম্পানী এটাৰ মালিকেও একেধৰণৰ কাম কৰিছে। তেওঁ কৰ্মচাৰীসকলক ২৮খন গাড়ী আৰু ২৯খন বাইক উপহাৰ দিছে। এই গাড়ীসমূহৰ মডেলৰ ভিতৰত আছে হুণ্ডাই, টাটা, মাৰুতি চুজুকি আৰু মাৰ্চিডিজ বেঞ্জ।

এই উপহাৰ দিয়া চেন্নাই কোম্পানীটোৰ নাম হৈছে Team Detailing Solutions। এই কোম্পানীটোৱে ষ্ট্ৰাকচাৰেল ষ্টীল ডিজাইন আৰু ডিটেইলিং সেৱাৰ সৈতে জড়িত ব্যৱসায় কৰে। এজন বিষয়াৰ মতে, কৰ্মচাৰীসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি কোম্পানীটোৱে এনে ব্যয়বহুল বস্তু উপহাৰ দিছে। এই কোম্পানীটোত প্ৰায় ১৮০ জন কৰ্মচাৰী আছে।

কোম্পানীটোৰ পৰিচালন সঞ্চালক শ্ৰীধৰ কান্ননে কয়, ‘‘কোম্পানীটোৰ সফলতাত তেওঁলোকৰ (কৰ্মচাৰী) অক্লান্ত প্ৰচেষ্টাৰ বাবে আমি আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰিছিলোঁ। আমি বিশ্বাস কৰোঁ যে আমাৰ কৰ্মচাৰীসকল আমাৰ আটাইতকৈ ডাঙৰ সম্পদ।’’

তেওঁ লগতে কয় যে ‘‘কোম্পানীয়ে কৰ্মচাৰীসকলৰ কৰ্মদক্ষতা আৰু কোম্পানীত কাম কৰা বছৰ সংখ্যাৰ ভিত্তিত তেওঁলোকৰ অৱদান জুখিছে।আমাৰ কৰ্মচাৰীসকলে অসাধাৰণ দায়বদ্ধতা আৰু নিষ্ঠা প্ৰদৰ্শন কৰিছে। তেওঁলোকৰ এই কৃতিত্বৰ বাবে আমি গৌৰৱান্বিত। সেই অনুসৰি কৰ্মচাৰীকেইজনক উপহাৰ দিয়া হৈছে।’’

কান্ননে কয় যে তেওঁ এনে কৰ্মচাৰীক বাছনি কৰে যাৰ বাবে গাড়ী বা বাইক কিনাটো সপোনৰ দৰে। 

উল্লেখ্য যে এই কোম্পানীয়ে কেৱল গাড়ী আৰু বাইকেই নহয় বিয়াৰ বাবেও নিজৰ কৰ্মচাৰীক ধন দিছে। কান্ননে কয় যে ‘‘কোম্পানীটোৰ যি কৰ্মচাৰীয়ে বিয়া পাতিবলৈ ওলাইছে তেওঁক ১ লাখ টকা সাহায্য হিচাপে দিয়া হৈছে। পূৰ্বে এই ধনৰাশি আছিল ৫০ হাজাৰ টকা। এইবাৰ ১ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ