--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ বাবে মানুহে সকলো কৰিব পাৰে। প্ৰেমৰ বাবেই হেলাৰঙে কৰিব পাৰি কঠিনতকৈও কঠিন কাম। পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ জাতেশ্বৰ গাঁৱৰ এক অসাধাৰণ প্ৰেম কাহিনীয়ে সকলোৰে মন জয় কৰিছে। শাৰীৰিকভাৱে অক্ষম পত্নীয়ে যাতে পূজাৰ আনন্দ উপভোগৰ পৰা বঞ্চিত নহয় তাৰবাবে সুব্যৱস্থা কৰিলে স্বামীয়ে। 

সুখী নামৰ মহিলাগৰাকীক সুখী কৰিবলৈ সকলো কৰিব পাৰে বিনোদ নামৰ মানুহজনে। দুৰ্গা মাৰ দৰ্শন কৰাবলৈ সুখীক কোলাই-বোকোচাই উঠাই পূজাৰ মণ্ডপে-মণ্ডপে ঘূৰিল বিনোদ। সুখী সদায় সুখী হৈ ৰোৱাৰ আঁৰত আছে তেওঁৰ স্বামী বিনোদ, যিয়ে প্ৰতি বছৰে  সুখীক কোলাই-বোকোচাই উঠাই পূজা দেখুৱাবলৈ ওলাই আহে। জীৱনৰ ৰংবোৰ ভালদৰে বুটলিবলৈ দুয়ো লয় মা দুৰ্গাৰ আশীৰ্বাদ।

সুখীৰ জন্মৰ সময়ত মাক-দেউতাকে তেওঁক ‘সুখী’ নামৰ মৰমলগা নামটো দিছিল। শাৰীৰিকভাৱে অক্ষম যদিও সুখী কিন্তু সঁচাকৈয়ে সুখী কিয়নো তেওঁৰ স্বামী বিনোদে মৰম-ভালপোৱা, আদৰ-যত্নৰে উপচাই ৰাখিছে জীৱন। সুখী জন্মতেই শাৰীৰিকভাৱে অক্ষম নাছিল। জীৱনৰ ৫ বছৰ বয়সত তেওঁ পলিঅ’ ৰোগত আক্ৰান্ত হৈছিল। ফলত সুখীৰ দুভৰি অক্ষম হৈ পৰিল। পৰিয়ালে চোৱা-চিতা কৰি ডাঙৰ-দীঘল কৰা সুখীৰ যৌৱন কালত জীৱনৰ পোহৰ হৈ আগমন ঘটিল বিনোদ দাসৰ। ১১ বছৰ পূৰ্বে প্ৰেমক স্থায়ী নাম দিয়াৰ মানসেৰে সুখী সৰকাৰক বিয়াই কৰাই নিজ ঘৰখনলৈ লৈ আহিছিল বিনোদ দাসে। 

দুয়োৰে বিয়া হোৱাৰ পিছৰে পৰা বিনোদে পত্নীৰ শাৰীৰিক অক্ষমতাক এদিনো বাধা হিচাপে চোৱা নাই। সুখীয়ে যাতে নিজ জীৱনক লৈ কেতিয়াও হুমুনিয়াহ কাঢ়িব লগা নহয় তাৰ প্ৰতি সৰ্বক্ষণ নজৰ ৰাখে বিনোদে। সুখী-বিনোদৰ সংসাৰত আছে দুটিকৈ মৰমলগা পুত্ৰ সন্তান। এটিৰ বয়স ৮ বছৰ আৰু সৰুটিৰ বয়স ৫ বছৰ। পেছাত ই-ৰিক্সা চালক বিনোদ দাসে নিজৰ সংসাৰখন পত্নীৰ সহযোগত বৰ সুন্দৰকৈ আৰু নিয়াৰিকৈ চলাই নিছে। 

বহুতৰ বাবে দুয়োৰে সম্পৰ্ক অতি আদৰ্শৰ আৰু কিছুমানৰ বাবে ঈৰ্ষাৰ বিষয়। তেওঁলোক কুশলে থাকিবলৈ ৰাইজে জনাইছে শুভকামনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ