--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোকৰাঝাৰ আৰক্ষীৰ জিম্মাত থকা গুজৰাটৰ কংগ্ৰেছী বিধায়ক তথা আগশাৰীৰ দলিত নেতা জিগনেশ মেৱানীৰ ওপৰত পুনৰ আৰোপ কৰিলে এক নতুন গোচৰ৷ বৰপেটা আৰক্ষীয়ে আজি এক নতুন গোচৰত গ্ৰেপ্তাৰ কৰে জিগনেশ মেৱানীক ৷ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত আজি বিয়লি জিগনেশ মেৱানীক কোকৰাঝাৰৰ পৰা বৰপেটা থানালৈ লৈ অহা হয় ৷বৰপেটা ৰোড থানাত ৰুজু হৈ থকা ৮১/২০২২ নং গোচৰ সংক্ৰান্তত জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে গুজৰাটৰ পৰা কোকৰাঝাৰ অভিমুখে আহি থকা থকা সময়ছোৱাত এগৰাকী মহিলা আৰক্ষী বিষয়াক কৰ্তব্যত বাধা প্ৰদান কৰাৰ লগতে শালীনতা ভংগৰ চেষ্টা চলোৱা বুলি জিগনেশ মেৱানীক বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ ৷ উক্ত অভিযোগ সন্দৰ্ভত যোৱা ২১ এপ্ৰিলত কোকৰাঝাৰ আৰক্ষীৰ অধীনৰ মহিলা আৰক্ষী বিষয়াগৰাকীয়ে জিগনেশ মেৱানীক বিৰুদ্ধে বৰপেটা ৰোড থানাত সেই সন্দৰ্ভত গোচৰ তৰে ৷

গোচৰটো সংক্ৰান্তত জাৰি হোৱা হাজিৰ পাৰোৱানা (Production Warrant) ৰ ভিত্তিত জিগনেশ মেৱানীক আজি বৰপেটা আৰক্ষীয়ে কোকৰাঝাৰ আৰক্ষীৰ পৰা চমজি লয় ৷ সম্প্ৰতি বৰপেটা সদৰ থানাত জিগনেশ মেৱানীক সোধা-পোছা কৰি থকা হৈছে আৰু কাইলৈ আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে ৷

ইপিনে জিগনেশ মেৱানীক পুনৰ এক নতুন গোচৰত গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰপেটা জিলা কংগ্ৰেছ কমিটিয়ে ৷ জিগনেশ মেৱানী বিজেপি দলৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলি মত প্ৰকাশ কৰে বৰপেটা কংগ্ৰেছৰ নেতৃবৃন্দই ৷ মূৰৰ বিষত আক্ৰান্ত জিগনেশ মেৱানীক  ঔষধ যোগান ধৰিবলৈও আৰক্ষীয়ে অনুমতি দিয়া নাই বুলি অভিযোগ কৰে বৰপেটা কংগ্ৰেছে ৷

আনহাতে জগনিশৰ সৈতে অসমলৈ অহা এগৰাকী আত্মীয়ই দ্বিতীয় আম্বেদকাৰ আখ্যা দিয়ে জিগনেশ মেৱানীক  ৷ নৰেন্দ্ৰ মোডীয়ে যিসকলক ভয় কৰে,সেইসকলৰ বিৰুদ্ধে আৰক্ষীয়ে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰে বুলি মন্তব্য কৰে আত্মীয়গৰাকীয়ে। দলিত আৰু দৰিদ্ৰৰ বিকাশৰ কথা কোৱা প্ৰধানমন্ত্ৰীয়ে দেশৰ উঠি অহা নেতাসকলৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰা বুলিও তেওঁ মন্তব্য কৰে ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত