--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোকৰাঝাৰ আৰক্ষীৰ জিম্মাত থকা গুজৰাটৰ কংগ্ৰেছী বিধায়ক তথা আগশাৰীৰ দলিত নেতা জিগনেশ মেৱানীৰ ওপৰত পুনৰ আৰোপ কৰিলে এক নতুন গোচৰ৷ বৰপেটা আৰক্ষীয়ে আজি এক নতুন গোচৰত গ্ৰেপ্তাৰ কৰে জিগনেশ মেৱানীক ৷ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত আজি বিয়লি জিগনেশ মেৱানীক কোকৰাঝাৰৰ পৰা বৰপেটা থানালৈ লৈ অহা হয় ৷বৰপেটা ৰোড থানাত ৰুজু হৈ থকা ৮১/২০২২ নং গোচৰ সংক্ৰান্তত জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে গুজৰাটৰ পৰা কোকৰাঝাৰ অভিমুখে আহি থকা থকা সময়ছোৱাত এগৰাকী মহিলা আৰক্ষী বিষয়াক কৰ্তব্যত বাধা প্ৰদান কৰাৰ লগতে শালীনতা ভংগৰ চেষ্টা চলোৱা বুলি জিগনেশ মেৱানীক বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ ৷ উক্ত অভিযোগ সন্দৰ্ভত যোৱা ২১ এপ্ৰিলত কোকৰাঝাৰ আৰক্ষীৰ অধীনৰ মহিলা আৰক্ষী বিষয়াগৰাকীয়ে জিগনেশ মেৱানীক বিৰুদ্ধে বৰপেটা ৰোড থানাত সেই সন্দৰ্ভত গোচৰ তৰে ৷

গোচৰটো সংক্ৰান্তত জাৰি হোৱা হাজিৰ পাৰোৱানা (Production Warrant) ৰ ভিত্তিত জিগনেশ মেৱানীক আজি বৰপেটা আৰক্ষীয়ে কোকৰাঝাৰ আৰক্ষীৰ পৰা চমজি লয় ৷ সম্প্ৰতি বৰপেটা সদৰ থানাত জিগনেশ মেৱানীক সোধা-পোছা কৰি থকা হৈছে আৰু কাইলৈ আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে ৷

ইপিনে জিগনেশ মেৱানীক পুনৰ এক নতুন গোচৰত গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰপেটা জিলা কংগ্ৰেছ কমিটিয়ে ৷ জিগনেশ মেৱানী বিজেপি দলৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলি মত প্ৰকাশ কৰে বৰপেটা কংগ্ৰেছৰ নেতৃবৃন্দই ৷ মূৰৰ বিষত আক্ৰান্ত জিগনেশ মেৱানীক  ঔষধ যোগান ধৰিবলৈও আৰক্ষীয়ে অনুমতি দিয়া নাই বুলি অভিযোগ কৰে বৰপেটা কংগ্ৰেছে ৷

আনহাতে জগনিশৰ সৈতে অসমলৈ অহা এগৰাকী আত্মীয়ই দ্বিতীয় আম্বেদকাৰ আখ্যা দিয়ে জিগনেশ মেৱানীক  ৷ নৰেন্দ্ৰ মোডীয়ে যিসকলক ভয় কৰে,সেইসকলৰ বিৰুদ্ধে আৰক্ষীয়ে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰে বুলি মন্তব্য কৰে আত্মীয়গৰাকীয়ে। দলিত আৰু দৰিদ্ৰৰ বিকাশৰ কথা কোৱা প্ৰধানমন্ত্ৰীয়ে দেশৰ উঠি অহা নেতাসকলৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰা বুলিও তেওঁ মন্তব্য কৰে ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ