--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰক্তহীনতাই এজন ব্যক্তিক ভিতৰৰ পৰা দুৰ্বল কৰি তোলে। ব্যক্তিজন দেখাত স্বাস্থ্যৱান হ’লেও তেওঁ শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰে। বহু সময়ত দুৰ্বলতা ইমান বেছি হৈ পৰে যে তেওঁ চকু আৰু ছালৰ ৰং হালধীয়া হ'বলৈ আৰম্ভ কৰে আৰু নখবোৰ বগা, শুকান আৰু খহটা দেখাবলৈ আৰম্ভ কৰে।

 ৰক্তহীনতা মুখ্যতঃ শৰীৰত লো আৰু পুষ্টিৰ অভাৱৰ ফলত হয়। কিন্তু কিছুমান গুৰুতৰ ৰোগৰ বাবেও ৰক্তহীনতা হ’ব পাৰে। এই ক্ষেত্ৰত, চিকিৎসকসকলে কেৱল পুংখানুপুংখ পৰীক্ষাৰ পিছতহে সঠিক পৰামৰ্শ দিব পাৰে। কাৰণ ৰক্তহীনতাৰ কাৰণ প্ৰতিজন ব্যক্তিৰ বাবে পৃথক। যদি পৰিয়ালৰ কোনো ব্যক্তিয়ে এই সময়ত ৰক্তহীনতাৰ সমস্যাৰ সৈতে যুঁজি আছে, তেনেহ'লে আপুনি তেওঁক প্ৰতিদিনে এই চাৰিটা ৰসৰ যিকোনো এটা দিব পাৰে। যি সোৱাদ ল'বলৈও ভাল আৰু এই ৰসে শৰীৰত হিমোগ্লোবিনৰ পৰিমাণ বৃদ্ধি কৰি ৰক্তহীনতা আঁতৰ কৰিবলৈ কাম কৰে।

 ১. এলোভেৰা ৰসঃ-এলোভেৰা এটা চমৎকাৰ ভেষজ। ইয়াৰ ব্যৱহাৰ বা ছাল আৰু চুলি সদায় উজ্জ্বুল কৰে। প্ৰতিদিনে এলোভেৰাৰ ৰস এগিলাচকৈ সেৱন কৰিলে তেজ পৰিষ্কাৰ হোৱাৰ লগতে হিমগ্লোবিনৰ পৰিমাণ বৃদ্ধি কৰে।

 ২. আঙুৰঃ-আঙুৰ খাব পাৰে বা ক'লা নিমখৰ লগত আঙুৰৰ ৰসো খাব পাৰে। গ্ৰীষ্মকালত আঙুৰে শৰীৰ শীতল কৰি ৰাখে আৰু হিমগ্লোবিন বৃদ্ধি কৰাত সহায় কৰে।

 ৩. আমঃ-এতিয়া আমৰ বতৰ। আমে শৰীৰত তেজৰ অভাৱ দূৰ  কৰে। প্ৰতিদিনে আম সেৱন কৰিব পাৰে আৰু আম খোৱাৰ দুঘণ্টা পিছত বা ৰাতি শুবলৈ যোৱাৰ আগতে এগিলাচকৈ গাখীৰ খাব লাগে। শৰীৰত তেজৰ অভাৱ দূৰ হ'ব।

 ৪. বীটঃ- বীট আইৰনৰে সমৃদ্ধ। সেয়েহে যেতিয়াই শৰীৰত তেজৰ অভাৱ হয়, ঘৰুৱা প্ৰতিকাৰ আৰু আহাৰৰ সৈতে সম্পৰ্কিত বিষয়বোৰত বীটৰুটৰ বিষয়ে নিশ্চিতভাৱে উল্লেখ কৰা হয়। আপুনি প্ৰতিদিনে বীটৰ ৰস বা চালাড বনাও খাব পাৰে। নিশ্চিতভাৱে তেজৰ অভাৱ দূৰ হয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ