--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ’না ভাইৰাছ সংক্ৰমণ চিনাক্ত কৰিবলৈ আৰটি-পিচিআৰ পৰীক্ষা প্ৰণালী বিশ্বৰ আটাইতকৈ বিশ্বাসযোগ্য পদ্ধতি বুলি গণ্য কৰা হয়। কিন্তু পৰীক্ষাৰ প্ৰতিবেদন আহিবলৈ দীঘলীয়া সময়ৰ প্ৰয়োজন হয়। চীনে এই সমস্যা সমাধানৰ দ্বাৰা ক’ভিড-১৯ৰ পৰীক্ষাৰ বাবে অন্য এক প্ৰণালী বিকশিত কৰি উলিয়াছে। এই পৰীক্ষা প্ৰণালীটোৰ বিশেষত্বটো হ'ল যে পৰীক্ষাৰ ফলাফল মাত্ৰ ৪ মিনিটত প্ৰকাশ কৰা হয়। ‘দ্য হিন্দু’ৰ এক প্ৰতিবেদন অনুসৰি সোমবাৰে নেচাৰ বায়’মেডিকেল ইঞ্জিনিয়াৰিং আলোচনীত প্ৰকাশিত এক প্ৰবন্ধত গৱেষকৰ দলটোৱে কয় যে তেওঁলোকৰ চেন্সৰ, যিয়ে স্বাৱৰ পৰা আনুবংশিক সামগ্ৰী বিশ্লেষণ কৰিবলৈ মাইক্ৰ'ইলেক্ট্ৰনিক ক’ভিড পৰীক্ষাগাৰত ব্যৱহাৰ কৰা হয়। ছাংহাইৰ ফুদান বিশ্ববিদ্যালয়ৰ গৱেষকসকলে সৃষ্টি কৰা এই সঁজুলিটো স্বাৱৰ নমুনাত আনুবংশিক সামগ্ৰী চিনাক্ত কৰিবলৈ আৰু ইয়াক বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। মাইক্ৰ'ইলেক্ট্ৰনিকছৰ সৈতে ডি এন এৰ সৰু যান্ত্ৰিক উপাদান ব্যৱহাৰ কৰে। এই ডিভাইচটো কম্পিউটাৰ বা স্মাৰ্টফোনৰ সৈতেও সংযোজিত কৰা হয়। য'ত পৰীক্ষাটোত গৱেষকসকলে কৈছিল যে তেওঁলোকৰ পদ্ধতি অতি দ্ৰুত, চলাবলৈ সহজ লগতে যথেষ্ট সংবেদনশীল আৰু বিশ্বাসযোগ্য। তেওঁলোকৰ পৰীক্ষণত ছাংহাইৰ পৰা কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ৩৩জন লোকৰ নমুনা লোৱা হৈছিল। একে সময়তে এটা পি চি আৰ পৰীক্ষাও কৰা হৈছিল। তেওঁলোকৰ পৰীক্ষা প্ৰণালীৰ ফলাফলো পি চি আৰ পৰীক্ষাৰ ফলাফলৰ সৈতে সম্পূৰ্ণৰূপে মিলি গৈছিল কিন্তু পৰীক্ষাৰ ফলাফলৰ সময় তাৰতম্য ঘটা পৰিলক্ষিত হৈছিল। গৱেষকসকলে কয় যে এই পৰীক্ষা প্ৰণালীটো বিকশিত হোৱাৰ পাছত ইয়াক বিমানবন্দৰ, স্বাস্থ্য সুবিধা আৰু ঘৰত ব্যৱহাৰ কৰি দ্ৰুত ফলাফল লাভ কৰিবলৈ সক্ষম হ’ব। কেৱল সেয়াই নহয়, গৱেষকসকলে দাবী কৰে যে এই সঁজুলিটোৰ পৰা আন ৰোগো চিনাক্ত কৰিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব