--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ’না ভাইৰাছ সংক্ৰমণ চিনাক্ত কৰিবলৈ আৰটি-পিচিআৰ পৰীক্ষা প্ৰণালী বিশ্বৰ আটাইতকৈ বিশ্বাসযোগ্য পদ্ধতি বুলি গণ্য কৰা হয়। কিন্তু পৰীক্ষাৰ প্ৰতিবেদন আহিবলৈ দীঘলীয়া সময়ৰ প্ৰয়োজন হয়। চীনে এই সমস্যা সমাধানৰ দ্বাৰা ক’ভিড-১৯ৰ পৰীক্ষাৰ বাবে অন্য এক প্ৰণালী বিকশিত কৰি উলিয়াছে। এই পৰীক্ষা প্ৰণালীটোৰ বিশেষত্বটো হ'ল যে পৰীক্ষাৰ ফলাফল মাত্ৰ ৪ মিনিটত প্ৰকাশ কৰা হয়। ‘দ্য হিন্দু’ৰ এক প্ৰতিবেদন অনুসৰি সোমবাৰে নেচাৰ বায়’মেডিকেল ইঞ্জিনিয়াৰিং আলোচনীত প্ৰকাশিত এক প্ৰবন্ধত গৱেষকৰ দলটোৱে কয় যে তেওঁলোকৰ চেন্সৰ, যিয়ে স্বাৱৰ পৰা আনুবংশিক সামগ্ৰী বিশ্লেষণ কৰিবলৈ মাইক্ৰ'ইলেক্ট্ৰনিক ক’ভিড পৰীক্ষাগাৰত ব্যৱহাৰ কৰা হয়। ছাংহাইৰ ফুদান বিশ্ববিদ্যালয়ৰ গৱেষকসকলে সৃষ্টি কৰা এই সঁজুলিটো স্বাৱৰ নমুনাত আনুবংশিক সামগ্ৰী চিনাক্ত কৰিবলৈ আৰু ইয়াক বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। মাইক্ৰ'ইলেক্ট্ৰনিকছৰ সৈতে ডি এন এৰ সৰু যান্ত্ৰিক উপাদান ব্যৱহাৰ কৰে। এই ডিভাইচটো কম্পিউটাৰ বা স্মাৰ্টফোনৰ সৈতেও সংযোজিত কৰা হয়। য'ত পৰীক্ষাটোত গৱেষকসকলে কৈছিল যে তেওঁলোকৰ পদ্ধতি অতি দ্ৰুত, চলাবলৈ সহজ লগতে যথেষ্ট সংবেদনশীল আৰু বিশ্বাসযোগ্য। তেওঁলোকৰ পৰীক্ষণত ছাংহাইৰ পৰা কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ৩৩জন লোকৰ নমুনা লোৱা হৈছিল। একে সময়তে এটা পি চি আৰ পৰীক্ষাও কৰা হৈছিল। তেওঁলোকৰ পৰীক্ষা প্ৰণালীৰ ফলাফলো পি চি আৰ পৰীক্ষাৰ ফলাফলৰ সৈতে সম্পূৰ্ণৰূপে মিলি গৈছিল কিন্তু পৰীক্ষাৰ ফলাফলৰ সময় তাৰতম্য ঘটা পৰিলক্ষিত হৈছিল। গৱেষকসকলে কয় যে এই পৰীক্ষা প্ৰণালীটো বিকশিত হোৱাৰ পাছত ইয়াক বিমানবন্দৰ, স্বাস্থ্য সুবিধা আৰু ঘৰত ব্যৱহাৰ কৰি দ্ৰুত ফলাফল লাভ কৰিবলৈ সক্ষম হ’ব। কেৱল সেয়াই নহয়, গৱেষকসকলে দাবী কৰে যে এই সঁজুলিটোৰ পৰা আন ৰোগো চিনাক্ত কৰিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ