--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাজ্যত পুনৰ উদ্বেগজনক হাৰত বৃদ্ধি কৰ’নাৰ সংক্ৰমণ৷ আক্ৰান্ত হৈছে এখনৰ পাছত আনখন জিলাৰ লোক৷ ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়াত ১৪৪ ধাৰা জাৰি কৰে প্ৰশাসনে৷ তিনিচুকীয়াৰ অতিৰিক্ত জিলা দণ্ডাধীশ মনজিৎ বৰকাকতীয়ে সমগ্ৰ জিলাখনত তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ ভাৰতীয় দণ্ডবিধি আইন ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞাৰ জাৰি কৰিছে।

জিলাখনত ৰাজহুৱা স্থানত ৫ জনতকৈ অধিক লোক সমৱেত হোৱা , প্ৰশাসনৰ অনুমতি অবিহনে সভা আয়োজন কৰা , ধৰ্ণা , প্ৰতিবাদী সমদল বাহিৰ কৰা, বাইকত দুজন লোক বহা আদিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰে৷ লগতে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰিছে প্ৰশাসনে ।

ইফালে দীপাৱলীৰ সময়ত আতচবাজী ব্যৱহাৰৰ ক্ষেত্ৰতো কিছু নীতি নিৰ্ধাৰণ কৰি দিছে প্ৰশাসনে। সেউজীয়া আতচবাজীৰ বাহিৰে আন আতচবাজী জিলাখনত নিৰ্মাণ ,বিক্ৰী বা ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে নিশা ৮ বজালৈকে আতচবাজীৰ ব্যৱহাৰৰ সময়সীমা বান্ধি দিছে জিলা প্ৰশাসনে । এই নিৰ্দেশনাসমূহ সমগ্ৰ জিলাখনতে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থকাৰ লগতে কোনো ব্যক্তিয়ে নিষেধাজ্ঞাৰ ভংগ কৰিলে ভাৰতীয় দণ্ড বিধি আইন ১৮৮ ধাৰাৰ অধীনত দণ্ডিত কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত