--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাজ্যত পুনৰ উদ্বেগজনক হাৰত বৃদ্ধি কৰ’নাৰ সংক্ৰমণ৷ আক্ৰান্ত হৈছে এখনৰ পাছত আনখন জিলাৰ লোক৷ ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়াত ১৪৪ ধাৰা জাৰি কৰে প্ৰশাসনে৷ তিনিচুকীয়াৰ অতিৰিক্ত জিলা দণ্ডাধীশ মনজিৎ বৰকাকতীয়ে সমগ্ৰ জিলাখনত তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ ভাৰতীয় দণ্ডবিধি আইন ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞাৰ জাৰি কৰিছে।

জিলাখনত ৰাজহুৱা স্থানত ৫ জনতকৈ অধিক লোক সমৱেত হোৱা , প্ৰশাসনৰ অনুমতি অবিহনে সভা আয়োজন কৰা , ধৰ্ণা , প্ৰতিবাদী সমদল বাহিৰ কৰা, বাইকত দুজন লোক বহা আদিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰে৷ লগতে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰিছে প্ৰশাসনে ।

ইফালে দীপাৱলীৰ সময়ত আতচবাজী ব্যৱহাৰৰ ক্ষেত্ৰতো কিছু নীতি নিৰ্ধাৰণ কৰি দিছে প্ৰশাসনে। সেউজীয়া আতচবাজীৰ বাহিৰে আন আতচবাজী জিলাখনত নিৰ্মাণ ,বিক্ৰী বা ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে নিশা ৮ বজালৈকে আতচবাজীৰ ব্যৱহাৰৰ সময়সীমা বান্ধি দিছে জিলা প্ৰশাসনে । এই নিৰ্দেশনাসমূহ সমগ্ৰ জিলাখনতে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থকাৰ লগতে কোনো ব্যক্তিয়ে নিষেধাজ্ঞাৰ ভংগ কৰিলে ভাৰতীয় দণ্ড বিধি আইন ১৮৮ ধাৰাৰ অধীনত দণ্ডিত কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ