--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ পাটিয়ালা হাউছ কোৰ্টে ‘গৰম ধৰম ধাবা’ ফ্ৰেঞ্চাইজি গোচৰত বলীউডৰ অভিনেতা ধৰ্মেন্দ্ৰকে ধৰি দুজন লোকক চমন জাৰি কৰিছে। এই বিষয়টো প্ৰৱঞ্চনাৰ সৈতে জড়িত। দিল্লীৰ এজন ব্যৱসায়ীৰ অভিযোগৰ পিছতে ন্যায়িক দণ্ডাধীশ (প্ৰথম শ্ৰেণী) যশদীপ চাহালে চমন জাৰি কৰিছে। য'ত অভিযোগকাৰীয়ে লাখ লাখ টকাৰ জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছে।

এই এজাহাৰ দাখিল কৰিছে দিল্লীৰ ব্যৱসায়ী সুশীল কুমাৰে। তেওঁ অভিযোগ কৰে যে গৰাম ধৰম ধাবাৰ ফ্ৰেঞ্চাইজিত বিনিয়োগ কৰাত তেওঁক ভুলকৈ জড়িত কৰা হৈছিল। ধৰ্মেন্দ্ৰৰ বাহিৰেও এই গোচৰত আৰু দুজন লোক আছে যাৰ বিৰুদ্ধে আদালতে চমন জাৰি কৰিছে।

এই গোচৰত আদালতে কয় যে এই অভিযুক্তসকলে অভিযোগকাৰীক প্ৰভাৱিত কৰা বুলি সকলো ৰেকৰ্ডৰ পৰাই বুজা যায়। এনে পৰিস্থিতিত আই পি চিৰ ৪২০, ১২০বি আৰু ৩৪ ধাৰাত ধৰ্মেন্দ্ৰ আৰু আন দুজন লোকক হাজিৰ হ’বলৈ কোৱা হৈছে।

অভিযোগকাৰীৰ অধিবক্তা ডি ডি পাণ্ডেই কয় যে এই গোচৰটো ২০১৮ চনৰ। যেতিয়া তেওঁৰ লগত ধৰ্মেন্দ্ৰই যোগাযোগ কৰিছিল। তেওঁক ২৪ নং ৰাষ্ট্ৰীয় ঘাইপথ/৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ‘গৰম ধৰম ধাবা’ৰ ফ্ৰেঞ্চাইজি খুলিবলৈ দিয়া হৈছিল। বিনিময়ত তেওঁক প্ৰলোভন দিয়া হৈছিল যে তেওঁ দিল্লীত কন’ট প্লেচ, মুৰ্থালৰ দৰে বিখ্যাত ৰেষ্টুৰেণ্ট খুলিব পাৰিব। ই প্ৰতিমাহে ৭০-৮০ লাখ টকাৰ ব্যৱসায় কৰে।

অভিযোগকাৰীয়ে কয় যে তেওঁক প্ৰতিশ্ৰুতি দিয়া হৈছিল যে তেওঁ ৪১ লাখ টকা বিনিয়োগ কৰিব লাগিব। ইয়াৰ ওপৰত তেওঁ ৭% লাভ পাব। ইয়াৰ পিছত দুয়োপক্ষৰ মাজত কেইবাখনো বৈঠক অনুষ্ঠিত হয়। তাৰপাছত অভিযোগকাৰীক ৬৩ লাখ টকা লৈ মাটিৰ ব্যৱস্থা কৰিবলৈ কোৱা হয়। উত্তৰ প্ৰদেশৰ গজৰৌলাতো তেওঁ মাটি ক্ৰয় কৰিছিল। কিন্তু তাৰ পিছত আন পক্ষৰ লগত কোনো ধৰণৰ আলোচনা নহ’ল আৰু তেওঁলোকক প্ৰতাৰণা কৰা হ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ