--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ পাটিয়ালা হাউছ কোৰ্টে ‘গৰম ধৰম ধাবা’ ফ্ৰেঞ্চাইজি গোচৰত বলীউডৰ অভিনেতা ধৰ্মেন্দ্ৰকে ধৰি দুজন লোকক চমন জাৰি কৰিছে। এই বিষয়টো প্ৰৱঞ্চনাৰ সৈতে জড়িত। দিল্লীৰ এজন ব্যৱসায়ীৰ অভিযোগৰ পিছতে ন্যায়িক দণ্ডাধীশ (প্ৰথম শ্ৰেণী) যশদীপ চাহালে চমন জাৰি কৰিছে। য'ত অভিযোগকাৰীয়ে লাখ লাখ টকাৰ জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছে।

এই এজাহাৰ দাখিল কৰিছে দিল্লীৰ ব্যৱসায়ী সুশীল কুমাৰে। তেওঁ অভিযোগ কৰে যে গৰাম ধৰম ধাবাৰ ফ্ৰেঞ্চাইজিত বিনিয়োগ কৰাত তেওঁক ভুলকৈ জড়িত কৰা হৈছিল। ধৰ্মেন্দ্ৰৰ বাহিৰেও এই গোচৰত আৰু দুজন লোক আছে যাৰ বিৰুদ্ধে আদালতে চমন জাৰি কৰিছে।

এই গোচৰত আদালতে কয় যে এই অভিযুক্তসকলে অভিযোগকাৰীক প্ৰভাৱিত কৰা বুলি সকলো ৰেকৰ্ডৰ পৰাই বুজা যায়। এনে পৰিস্থিতিত আই পি চিৰ ৪২০, ১২০বি আৰু ৩৪ ধাৰাত ধৰ্মেন্দ্ৰ আৰু আন দুজন লোকক হাজিৰ হ’বলৈ কোৱা হৈছে।

অভিযোগকাৰীৰ অধিবক্তা ডি ডি পাণ্ডেই কয় যে এই গোচৰটো ২০১৮ চনৰ। যেতিয়া তেওঁৰ লগত ধৰ্মেন্দ্ৰই যোগাযোগ কৰিছিল। তেওঁক ২৪ নং ৰাষ্ট্ৰীয় ঘাইপথ/৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ‘গৰম ধৰম ধাবা’ৰ ফ্ৰেঞ্চাইজি খুলিবলৈ দিয়া হৈছিল। বিনিময়ত তেওঁক প্ৰলোভন দিয়া হৈছিল যে তেওঁ দিল্লীত কন’ট প্লেচ, মুৰ্থালৰ দৰে বিখ্যাত ৰেষ্টুৰেণ্ট খুলিব পাৰিব। ই প্ৰতিমাহে ৭০-৮০ লাখ টকাৰ ব্যৱসায় কৰে।

অভিযোগকাৰীয়ে কয় যে তেওঁক প্ৰতিশ্ৰুতি দিয়া হৈছিল যে তেওঁ ৪১ লাখ টকা বিনিয়োগ কৰিব লাগিব। ইয়াৰ ওপৰত তেওঁ ৭% লাভ পাব। ইয়াৰ পিছত দুয়োপক্ষৰ মাজত কেইবাখনো বৈঠক অনুষ্ঠিত হয়। তাৰপাছত অভিযোগকাৰীক ৬৩ লাখ টকা লৈ মাটিৰ ব্যৱস্থা কৰিবলৈ কোৱা হয়। উত্তৰ প্ৰদেশৰ গজৰৌলাতো তেওঁ মাটি ক্ৰয় কৰিছিল। কিন্তু তাৰ পিছত আন পক্ষৰ লগত কোনো ধৰণৰ আলোচনা নহ’ল আৰু তেওঁলোকক প্ৰতাৰণা কৰা হ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post