--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীত প্ৰদূষণে ভয়াবহ ৰূপ ধাৰণ কৰাত প্ৰশাসনে গ্ৰেডেড ৰেচপন্স একচন প্লেন, ষ্টেজ-৪ প্ৰৱৰ্তন কৰা হৈছিল৷ বতৰৰ ধৰণ সলনি হৈছে যদিও হ্ৰাস পোৱা নাই দিল্লীৰ প্ৰদূষণ। আৱশ্যে একিউআই ৩০০ৰ পৰা ২৪৭ লৈ সামান্য হ্ৰাস পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিত  প্ৰদূষণ নিয়ন্ত্ৰণৰ প্ৰমাণ পত্ৰ চমুকৈ পিইউচিচি নথকাৰ বাবে মাত্ৰ ৫০ দিনৰ ভিতৰতে ২ লাখ ৬০ হাজাৰৰো অধিক বাহনৰ পৰা ২৬০ কোটিতকৈ অধিক মূল্যৰ চালান সংগ্ৰহ হৈছে বুলি জানিব পৰা গৈছে। 

প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ বাবে প্ৰশাসনে ১৬ অক্টোবৰৰ পৰা ৬ ডিচেম্বৰৰ ভিতৰত জি আৰ এ পিৰ চাৰিওটা পৰ্যায়তে বিভাগটোৱে ২,৬০,২৫৮ খন চালান কাটিছে বুলি জানিব পৰা গৈছে। প্ৰপ্ত তথ্য অনুসৰি বিভাগটোৱে ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰৰ ভিতৰত প্ৰথম পৰ্যায়ৰ সময়ছোৱাত ১২,৭৫৬ খন চলান বিপৰীতে ২২ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰৰ ভিতৰত দ্বিতীয় পৰ্যায়ৰ জি আৰ এ পিৰ সময়ত ১,১১,২৩৫ খন চালান আৰু ১৫ৰ পৰা ১৭ নৱেম্বৰৰ ভিতৰত তৃতীয় পৰ্যায়ৰ জি আৰ এপিৰ সময়ত ১৩,৯৩৮ খন চালান জাৰি কৰে আৰু ১৮ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰৰ ভিতৰত জি আৰ এপিৰ চতুৰ্থ পৰ্যায়ৰ সময়ত ১,১৪,০৮৯ খন চালান। কটা হৈছিল।

চৰকাৰী সূত্ৰ অনুসৰি ৫ ডিচেম্বৰত জি আৰ এপিৰ চতুৰ্থ পৰ্যায়ত নিষেধাজ্ঞা উঠাই লোৱাৰ পিছত দ্বিতীয় পৰ্যায়ৰ নিষেধাজ্ঞা জাৰি কৰা হৈছিল। সেই সময়ৰ পৰা ৮,২৪০ টা চালান জাৰি কৰা হৈছিল। প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰমাণ পত্ৰ নথকাৰ বাবে বাহন চালকজনক ১০ হাজাৰ টকাৰ জৰিমনা বিহা হৈছিল। ১৭ নৱেম্বৰত দিল্লীৰ সৰ্বোচ্চ একিউআই ৪৫০ ৰেকৰ্ড কৰা হৈছিল। ইয়াৰ পিছত দিল্লীৰ পৰিস্থিতি অধিক বেয়াৰ দিশলৈ গতি কৰাৰ পৰিপ্ৰেক্ষিতত জি আৰ এপিৰ চতুৰ্থ পৰ্যায়ৰ নিষেধাজ্ঞা কাৰ্যকৰী কৰা হ’ল।


কেৱল জি আৰ এপি-৪ৰ সময়তহে পি ইউ চিৰ প্ৰমাণ পত্ৰ নথকাৰ বাবে বেছিভাগ বাহনৰ চালান  কটা হৈছিল বুলি সদৰি কৰিছে। ১৮ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰৰ ভিতৰত মুঠ ১,১৪,০৮৯খন বাহনৰ চালান কটাৰ উপৰিও গ্ৰেপ ৪ৰ অধীনত ১১,৪২৭ খন পুৰণি বাহন জব্দ কৰা হৈছে। জি আৰ এপিৰ-২ বলবৎ হোৱাৰ সময়ত ২২ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰৰ ভিতৰত সৰ্বাধিক ৫,৩৪৬খন পুৰণি বাহন জব্দ কৰা হৈছিল। ইয়াৰ পিছত ১৮ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ জি আৰ এপিৰ-৪ নিষেধাজ্ঞাৰ সময়ত ৩৬৭৯খন বাহন জব্দ কৰা হয় বুলি সদৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ