--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ আমৰোহা নয়দাৰ পৰা পোহৰলৈ আহিছে লাভ জেহাদৰ এক ভয়ংকৰ ঘটনা। আমৰোহাৰ নৌগাঁও সাদাত নিবাসী বিজেপি সংখ্যালঘু মৰ্চাৰ সদস্য হিচাপে পৰচিত তাবিশ আছঘৰ নামৰ মুছলমান যুৱকজনে হিন্দুৰ ভুৱা পৰিচয় দি ধ্বংস কৰে এগৰাকী হিন্দু যুৱতীৰ জীৱন। 

হিন্দু নাম লৈ হিন্দু ছোৱালীক বিয়া কৰাইছিল তাবিশ আছঘৰে। ইয়াৰ পিছত তেওঁ হিন্দু ছোৱালীজনীক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। 

এটা ব্যৱসায়ী পৰিয়ালৰ হিন্দু ছোৱালীজনীক ফান্দত পেলোৱাৰ সমগ্ৰ ঘটনাত মুছলমান ল’ৰাটোৰ পৰিয়ালৰ লোকো জড়িত হৈ আছিল। পাহাৰৰ পৰা ঠেলি দি হিন্দু ছোৱালীজনীক আনকি হত্যা কৰাৰো চেষ্টা কৰা হৈছিল। এই সংক্ৰান্তত আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী যুৱতীগৰাকী। ইয়াৰ পিছতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি মুছলমান যুৱকজনক গ্ৰেপ্তাৰ কৰে।

এই গোটেই বিষয়টো নয়ডাৰ ১১৩ নং ছেক্টৰ থানাৰ। ২০২৪ চনৰ ৩ ডিচেম্বৰত ছোৱালীজনীয়ে থানাত এজাহাৰ দাখিল কৰে। ৪ বছৰ পূৰ্বে ফেচবুকৰ জৰিয়তে যুৱকজনৰ সৈতে পৰিচয় হৈছিল যুৱতীগৰাকীৰ। ফেচবুক প্ৰফাইলত তেওঁৰ নাম আছিল বিশাল ৰাণা। ইয়াৰ পিছত তেওঁলোকৰ মাজত বন্ধুত্ব গঢ় লৈ উঠে। নিজকে বিশাল বুলি পৰিচয় দিয়া মুছলমান যুৱকজনে নিজকে হিন্দুৰ ৰাজপুত জাতিৰ বুলি পৰিচয় দি প্ৰেমৰ জালত আবদ্ধ কৰি ৰাখিছিল যুৱতীগৰাকীক। ২০২১ চনৰ ২০ ডিচেম্বৰত ভুক্তভোগী যুৱতীগৰাকী আৰু বিশাল ৰাণাৰ এংগেজমেণ্ট সম্পন্ন হৈছিল।

বিশালৰ ভাতৃও এই অনুষ্ঠানত উপস্থিত আছিল যিয়ে সেই সময়ত নিজৰ নাম বাসু ৰাণা বুলি কৈছিল। ২০২৩ চনৰ ২২ ফেব্ৰুৱাৰীত গাজিয়াবাদৰ এটা বিবাহ ভৱনত হিন্দু ৰীতি-নীতি অনুসৰি ছোৱালীজনী আৰু বিশাল ৰাণাৰ বিবাহ সম্পন্ন হয়। এই বিবাহত ভুক্তভোগীৰ পৰিয়াল আৰু অন্যান্য আত্মীয়ও উপস্থিত আছিল। বিয়াৰ পিছত বিশাল আৰু হিন্দু ছোৱালীজনীয়ে একেলগে থাকিবলৈ আৰম্ভ কৰিলে। বিয়াৰ কিছুদিন পিছতে বিশাল ৰাণাই ছোৱালীজনীক কোৰ্ট মেৰেজ কৰাৰ কথা কয়। ইয়াৰ বাবে বিশাল ৰাণাই তেওঁক এলাহাবাদ উচ্চ ন্যায়ালয়লৈ লৈ গ’ল। বিশাল ৰাণাৰ প্ৰকৃত পৰিচয় ইয়াতেই ওলাই পৰে। 

ছোৱালীজনীয়ে ইয়াত কাগজ-পত্ৰবোৰ দেখি গম পালে যে তেওঁৰ নাম বিশাল ৰাণা নহয়, আচল নাম তাবিশ আজগৰ। তাতেই তেওঁ গম পালে যে এংগেজমেণ্টত বাসু ৰাণা বুলি পৰিচয় দিয়া যুৱকজনৰ নাম ৱাছিম। ​​ছোৱালীজনীয়ে এই বিষয়ে প্ৰশ্ন কৰাত তাবিশে ভৱিষ্যতৰ ভয় দেখুৱাই তেওঁক মৌন কৰি পেলালে। সত্য প্ৰকাশ পোৱাৰ পাছতেই তাবিশ আজগৰে ভুক্তভোগী যুৱতীগৰাকীক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে। লগতে ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত যেতিয়া ভুক্তভোগী যুৱতীগৰাকী গৰ্ভৱতী হৈছিল তেতিয়া তাবিশে গৰ্ভপাত কৰিবলৈ বাধ্য কৰাইছিল। ইয়াৰ পিছতে যুৱতীগৰাকীয়ে বিচলিত হৈ মাতৃগৃহত থাকিবলৈ আৰম্ভ কৰে। কিছুদিন পিছত তাবিশে যুৱতীৰ মাতৃৰ ঘৰলৈ গৈ বহু কাতৰ অনুৰোধৰ অন্তত তেওঁক নিজৰ ওচৰলৈ লৈ আহে।

অভিযোগত কি ক’লে ভুক্তভোগী হিন্দু যুৱতীয়ে?

ভুক্তভোগী যুৱতীগৰাকীয়ে তেওঁৰ অভিযোগত উল্লেখ কৰিছে যে কেইদিনমান ভালকৈ থকাৰ পাছত তাবিশে তেওঁক পুনৰ ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে। এই বিষয়ে ভুক্তভোগীয়ে আৰক্ষীক অৱগত কৰাত তাবিশে পলায়ন কৰে আৰু ভুক্তভোগী যুৱতীগৰাকীক অকলে এৰি থৈ যায় তাৰ পিছত ভুক্তভোগীয়ে নয়ডা আৰক্ষীত তাবিশৰ নিৰুদ্দেশৰ অভিযোগ দাখিল কৰে। প্ৰায় ২০ দিনৰ ভিতৰতে আৰক্ষীয়ে তাবিশক উদ্ধাৰ কৰে। তাবিশে অনুনয় বিনয় কৰাত ভুক্তভোগী যুৱতীৰ অন্তৰখন কুমলি যায় আৰু তেওঁৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰা নহ’ল। ইফালে এবাৰ তেওঁ যুৱতীগৰাকীক পাহাৰৰ পৰা ঠেলি দি হত্যা কৰিবলৈও চেষ্টা কৰিছিল। এই সময়ছোৱাত ভুক্তভোগীৰ হাত আঘাতপ্ৰাপ্ত হৈছিল।

আৰক্ষীক দিয়া এজাহাৰত ভুক্তভোগীয়ে এতিয়া তাবিশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। আৰক্ষীয়ে তাবিশৰ বিৰুদ্ধে ৩২৩, ৩১৩, ৫০৬ ধাৰা আৰু ধৰ্মান্তৰকৰণ বিৰোধী আইনৰ অধীনত গোচৰ ৰুজু কৰিছে। লাভ জেহাদৰ এই ঘটনাই গৰম কৰি ৰাখিছে উত্তৰ প্ৰদেশৰ পৰিৱেশ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ