--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীত সোমবাৰে পুৱা বিদ্যালয় খোলাৰ লগে লগে আতংকময় পৰিৱেশৰ সৃষ্টি হয়৷ দিল্লীৰ প্ৰায় ৪০ খন বিদ্যালয়লৈ আহিছে বোমা বিস্ফোৰণৰ ভাবুকি। এনে পৰিস্থিতিত বিদ্যালয়ৰ  কৰ্তৃপক্ষই বিদ্যালয়ৰ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীক ঘৰলৈ পঠিয়াই দিয়ে আৰু তাৰ পাছতে আৰম্ভ হয় আৰক্ষীৰ তালাচী অভিযান৷    

ঘটনা ক্ৰম অনুসৰি  দিল্লীৰ এই বিদ্যালয়সমূহলৈ বোমা বিস্ফোৰণৰ ভাবুকিৰ ইমেইল প্ৰেৰণ কৰা হৈছিল। বিদ্যালয়ৰ ভৱনজুৰি বোমা সংস্থাপন কৰা বুলি উল্লেখৰাৰ লগতে লগতে ৩০ হাজাৰ ডলাৰ নোপোৱালৈকে বোমা নিষ্ক্ৰিয় কৰা নহ’ব বুলিও হুংকাৰ দিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, দেওবাৰে নিশা প্ৰায় ১১:৩০ বজাত এই ইমেইল প্ৰেৰণ কৰা হৈছিল। আজি পুৱাৰভাগত বিদ্যালয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হয়। বোমা বিস্ফোৰণে বিদ্যালয় ভৱনৰ বিশেষ ক্ষতি নকৰে যদিও বহুত আহত হ’ব বুলিও উল্লেখ কৰিছে ইমেইলটোত৷

এই ভাবুকিৰ দাবী সংলগ্ন ইমেইল দৃষ্টিগোচৰ হোৱাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰা হয়। খবৰ লাভ কৰাৰ লগে লগে দিল্লী আৰক্ষীৰ দুটা দলে বিদ্যালয় দুখনত উপস্থিত হয়। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি বিদ্যালয়খনলৈ কোনে এই ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰিছিল তদন্ত চলাই আছে। অৱশ্যে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, ডগ স্কোয়াড, বোমা স্কোয়াড ভাবুকি লাভ কৰা বিদ্যালয়সমূহত উপস্থিত হৈ তালাচী অভিযান চলাইছে যদিও এতিয়ালৈকে কোনো ধৰণৰ বিস্ফোৰক উদ্ধাৰ হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post