spot_img
24 C
Guwahati
24 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeৰাষ্ট্ৰীয়দীপাৱলীৰ উপহাৰ! এলপিজিৰ মূল্য একেবাৰতে বৃদ্ধি ২৬৫ টকা

দীপাৱলীৰ উপহাৰ! এলপিজিৰ মূল্য একেবাৰতে বৃদ্ধি ২৬৫ টকা

গুৱাহাটী: দৈনিক মূল্যবৃদ্ধিয়ে কোঙা কৰিছে দেশবাসীক৷ অত্যাৱশ্যকীয় সামগ্ৰী তেল, পাচলিৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছলৈকে এতিয়া যেন মূল্যবৃদ্ধিৰ প্ৰতিযোগিতাত নামি পৰিছে সকলো৷ দীপাৱলীৰ সময়তে এলপিজিৰ মূল্যবৃদ্ধিয়ে এতিয়া সংকটত পেলাইছে সাধাৰণ জনতাক৷

এইবাৰ কমাৰ্চিয়েল এলপিজি চিলিণ্ডাৰৰ মূল্য একেবাৰতে ২৬৫টকা বৃদ্ধি পাইছে। এই মূল্যবৃদ্ধিয়ে বম ফুটা দিছে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ মূল্য পূৰ্বৰ দৰেই আছে। যাৰ ফলত এতিয়াৰেপৰা দেশৰ বিভিন্ন ঠাইত কমাৰ্চিয়েল ৰন্ধন গেছৰ মূল্য প্ৰায় ২০০০ৰ ওচৰা-ওচৰি হৈছে। ৰাজধানী দিল্লীত একোটা ১৯ কেজি ওজনৰ কমাৰ্চিয়েন গেছৰ মূল্য ২০০০ টকা।

ইয়াৰ পূৰ্বে এই কমাৰ্চিয়েল একোটা ৰন্ধন গেছৰ মূল্য ১৭৩৩ টকা আছিল। ইয়াৰ সমান্তৰালকৈ এই ১৯ কেজি ওজনৰ একোটা কমাৰ্চিয়েল গেছৰ মূল্য মুম্বাইত ১৯৪০টকা, কলিকতাত ২০৭০.৫০ টকা আৰু চেন্নাইত ২১৩৩ টকা।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular