--°C
Loading...
Advertisement
Listen to Article
3 min read
80%

In Short

  • উল্লেখযোগ্য যে শান্তনু তামুলীয়ে ৰচনা কৰা 'বনত ৰঙৰ মেলা' আৰু এইখন গ্ৰন্থৰে তেওঁ নিজেই ইংৰাজীলৈ অনুবাদ কৰা 'JOY IN THE JUNGLE' এই দুয়োখনেই প্রকাশ কৰিছিল নেশ্যনেল বুক ট্রাষ্ট, ইণ্ডিয়াই।

ডিজিটেল ডেস্ক : অসমীয়া ভাষাত শিশু-সাহিত্যৰ ৰচনাৰে শিশুৰ মনোজগতৰ মাজলৈ সোমাব বিচৰা অনুসন্ধিৎসু লেখক তথা শিশুৱে ৰচনা কৰা মনৰ ভাব, অনুভূতি, আৱেগক মার্জিত ৰূপত সাহিত্য পর্যায়লৈ উন্নীত কৰাৰ ক্ষেত্ৰত নিৰলস প্রচেষ্টা চলাই থকাসকলৰ অন্যতম হৈছে শান্তনু তামুলী।


ইতিমধ্যে দুকুৰি বছৰ অতিক্ৰম কৰা শিশু আলোচনী 'মৌচাক' আৰু বিজ্ঞান জনপ্ৰিয়কৰণৰ লক্ষ্যৰে প্ৰকাশৰ ধাৰাবাহিকতা ৰক্ষা কৰি ৩৬ বছৰত খোজ দিয়া শিশু আলোচনী 'নতুন আৱিষ্কাৰ'ৰ সম্পাদক এইজন শান্তনু তামুলীৰ সাহিত্য কৃতিয়ে এইবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈও সমর্থ হোৱা বিষয়টোৱেও অসমীয়া ভাষাত বিচাৰ-বিশ্লেষণৰ মাজেৰে শিশু- সাহিত্য ৰচনাত জড়িতসকলৰ বাবে অতিশয় গৌৰৱৰ বিষয়ৰূপে চিহ্নিত হৈছে।


উল্লেখযোগ্য যে শান্তনু তামুলীয়ে ৰচনা কৰা 'বনত ৰঙৰ মেলা' আৰু এইখন গ্ৰন্থৰে তেওঁ নিজেই ইংৰাজীলৈ অনুবাদ কৰা 'JOY IN THE JUNGLE' এই দুয়োখনেই প্রকাশ কৰিছিল নেশ্যনেল বুক ট্রাষ্ট, ইণ্ডিয়াই। এই দুয়োখন গ্রন্থ পৰৱৰ্তী সময়ত চি বি এছ ই আৰু আই চি আই চি ইয়ে তেওঁলোকৰ অধীনৰ ভাৰতৰ বিভিন্ন ৰাজ্যৰ বিদ্যালয়সমূহৰ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ দ্রুত পাঠ্যক্রমতো অন্তর্ভুক্ত কৰিছিল।


শেহতীয়াকৈ 'JOY IN THE JUNGLE' এইখন শিশু উপযোগী ৰঙীন সচিত্র গ্রন্থক হায়দৰাবাদস্থিত সুখ্যাত প্রকাশন গোষ্ঠী 'অৰিয়েন্ট ব্লেক ছ-ৱন'ৰ তৰফৰ পৰা নিজস্বভাৱে প্ৰকাশ কৰি দক্ষিণ আৰু পশ্চিম এছিয়াৰ দেশসমূহৰ বিদ্যালয় পর্যায়ত দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তর্ভুক্তৰ বাবে সংশ্লিষ্ট দেশসমূহে অনুমতি প্রদান কৰাৰ পাছত এতিয়া গ্ৰন্থখনৰ লেখক শান্তনু তামুলীৰ পৰা প্ৰকাশৰ বাবে গ্রন্থস্বত্বৰ অনুমতি বিচাৰি যোৱা ২৭ মে'ত পত্ৰ প্ৰেৰণ কৰে।


উক্ত পত্ৰ লাভ কৰাৰ পাছতেই সকলো দিশ বিৱেচনা কৰি লেখক তামুলীয়ে যোৱা ২৮ মে'ত 'অৰিয়েন্ট ব্লেক ছ-বন'ক আনুষ্ঠানিক অনুমতি প্রদান কৰে। প্ৰসংগক্রমে উনুকিয়াব পাৰি যে দক্ষিণ আৰু পশ্চিম এছিয়াৰ ২৬খন দেশৰ বিদ্যালয় পর্যায়ৰ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তর্ভুক্ত হ'ব শান্তনু তামুলীৰ 'জয় ইন দ্য জাংগল' শীর্ষক সচিত্র গ্রন্থখন। হায়দৰাবাদস্থিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উক্ত প্রকাশন প্রতিষ্ঠানে প্রকাশ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা শিশু উপযোগী এই গ্রন্থখন চলিত ২০২৫ বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব লগা সংশ্লিষ্ট দেশসমূহৰ নতুন শিক্ষাবৰ্ষৰ পৰাই পাঠ্যক্ৰমত অন্তর্ভুক্তিৰ ব্যৱস্থা গ্রহণ কৰিব।


'জয় ইন দ্য জাংগল' সন্দৰ্ভত লেখক তামুলীয়ে 'দৈনিক জনমভূমি'ৰ আগত প্রকাশ কৰে যে কাজিৰঙাৰ কাষৰ এখন গাঁৱৰ এটি শিশুক কেন্দ্ৰ কৰি তথা জন্মগতভাৱেই প্রকৃতিক বুকুৰ মাজত সাবটি লৈ জীয়াই থাকিব বিচৰা এটি শিশুৰ আৱেগ, অনুভৱক মূল বিষয়বস্তু ৰূপে লৈ সচিত্র গ্রন্থখন ৰচনা কৰা হৈছে। সচিত্ৰ গ্ৰন্থখনৰ অলংকৰণ শিল্পী দুর্লভ ভট্টাচাৰ্যৰ। গ্ৰন্থখনত মুঠ ৩৫৯টা শব্দৰ ব্যৱহাৰেৰে কাহিনীটো বৰ্ণনা কৰা হৈছে বুলিও লেখকে জানিবলৈ দিয়ে। এই প্রসংগতে লেখক তামুলীয়ে জানিবলৈ দিয়ে যে ২০০৮ চনত এন বি টিয়ে ত্ৰিপুৰাত আয়োজন কৰা শিশু-সাহিত্যৰ এখন কর্মশালাত এই গ্ৰন্থখনৰ পাণ্ডুলিপিটো প্ৰস্তুত কৰা হৈছিল।


এই কর্মশালাতে অংশগ্ৰহণ কৰা চিত্রশিল্পী দুর্লভ ভট্টাচার্যই কর্মশালাতে গ্ৰন্থখনৰ অলংকৰণ সম্পৰ্কীয় যাৱতীয় কাম আৰম্ভ কৰে। একে সময়তে শান্তনু তামুলীয়ে 'জয় ইন দ্য জাংগল'ৰ অসমীয়া অনুবাদ 'বনত ৰঙৰ মেলা'খনো সম্পন্ন কৰে আৰু দুয়োখন সচিত্র গ্রন্থ ২০০৯, ২০১০ চনৰ পৰা নেশ্যনেল বুক ট্রাষ্ট, চমুকৈ এন বি টিয়ে বিভিন্ন সময়ত কেইবাটাও সংস্কৰণ প্ৰকাশ কৰি আহিছে।


এই প্রসংগতে উল্লেখ কৰিব লাগিব যে 'কাজিৰঙা ট্রেইল' ৰচনাৰ জৰিয়তে অসমৰ গৌৰৱ, যোৰহাটৰ সু-সন্তান অৰূপ কুমাৰ দত্তই ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি লাভ কৰিছে। এইবাৰ কাজিৰঙাৰ কাষৰীয়া এখন গাঁৱৰ এটি শিশুৰ মনোজগতক লৈ শান্তনু তামুলীয়ে ৰচনা কৰা এখন শিশু উপযোগী গ্রন্থই ২৬খন দেশৰ বিদ্যালয়ৰ পাঠ্যক্ৰমৰ জৰিয়তে বিশ্বজনীন ৰূপ লাভ কৰিবলৈ সমর্থ হোৱাটো দুয়োজন যোৰহটীয়া হিচাপে আমি গৌৰৱান্বিত হোৱাৰ সমান্তৰালভাৱে ৰাজ্যৰ বিদ্বৎ সমাজৰ বাবেও ই অন্যতম এটা ইতিবাচক খবৰ বুলি ক'ব লাগিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement