--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • একাংশ চালকে ফাষ্টটেগ নলগোৱাকৈ গাড়ীত বহি টোল প্লাজাত টোল পৰিশোধ কৰে

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰে ফাষ্টটেগৰ ক্ষেত্ৰত অচিৰেই নতুন নিয়ম কাৰ্যকৰী কৰিব। যিসকল চালকে গাড়ীৰ সন্মুখৰ আইনাত ফাষ্টটেগ সঠিকভাৱে নলগাই গাড়ীৰ ভিতৰৰ পৰা টেগ দেখুৱাই টোল আদায় দিয়ে, তেওঁলোকৰ টেগ একেবাৰে বন্ধ কৰি দিয়া হ'ব।

একাংশ চালকে ফাষ্টটেগ নলগোৱাকৈ গাড়ীত বহি টোল প্লাজাত টোল পৰিশোধ কৰে। ইয়াৰ ফলত টোল প্লাজাত যান-বাহনৰ ভিৰ বৃদ্ধি পোৱাৰ লগতে কেতিয়াবা টোল লোৱাসকলৰ সৈতে তর্কাতর্কিও কৰে।

ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ কর্তৃপক্ষৰ (এন এইচ এ আই) কোম্পানী আই এইচ এম চি এলে (ইণ্ডিয়ান হাইৱে' মেনেজমেন্ট কোম্পানী লিমিটেড) ঘাইপথত টোল আদায় প্রক্রিয়া পৰিচালনা কৰে। যিসকল চালকে টোল প্লাজাত ফাষ্টটেগ দেখুৱাই বাৰে বাৰে টোল আদায় দিয়ে, তেনে লোকৰ তথ্য লগে লগে দিবলৈ টোল প্লাজাৰ কৰ্মচাৰী, ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণ আৰু ইয়াৰ চোৱা-চিতা কৰা সংগঠনক জনাইছে।

আই এইচ এম চি এলে এই সম্পর্কত লিখা পত্ৰত উল্লেখ কৰা হৈছে যে টোল প্লাজাত ফাষ্টটেগ দেখুৱাই টোল আদায় দিয়াৰ ফলত প্লাজাৰ লেনত ভিৰ হোৱাৰ লগতে নিয়মৰ উলংঘা কৰা হয়। ইয়াৰ লগতে ইলেক্ট্রনিক টোল কানেকশ্যন প্রণালীতো সমস্যাৰ সৃষ্টি হয়। উল্লেখযোগ্য যে এল এইচ এ আয়ে দেশত মাল্টি-লেন ফ্রী ফ্ল' টোলিং আৰু বার্ষিক টোল পাছ দিয়াৰ কাম আৰম্ভ কৰিবলৈ লৈছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি গাড়ীত ফাষ্টটেগ নলগোৱাকৈ গাড়ীত বহি টেগৰ দ্বাৰা টোল আদায় দিয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ গ্রহণ কৰা হৈছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ