--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • একাংশ চালকে ফাষ্টটেগ নলগোৱাকৈ গাড়ীত বহি টোল প্লাজাত টোল পৰিশোধ কৰে

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰে ফাষ্টটেগৰ ক্ষেত্ৰত অচিৰেই নতুন নিয়ম কাৰ্যকৰী কৰিব। যিসকল চালকে গাড়ীৰ সন্মুখৰ আইনাত ফাষ্টটেগ সঠিকভাৱে নলগাই গাড়ীৰ ভিতৰৰ পৰা টেগ দেখুৱাই টোল আদায় দিয়ে, তেওঁলোকৰ টেগ একেবাৰে বন্ধ কৰি দিয়া হ'ব।


একাংশ চালকে ফাষ্টটেগ নলগোৱাকৈ গাড়ীত বহি টোল প্লাজাত টোল পৰিশোধ কৰে। ইয়াৰ ফলত টোল প্লাজাত যান-বাহনৰ ভিৰ বৃদ্ধি পোৱাৰ লগতে কেতিয়াবা টোল লোৱাসকলৰ সৈতে তর্কাতর্কিও কৰে।


ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ কর্তৃপক্ষৰ (এন এইচ এ আই) কোম্পানী আই এইচ এম চি এলে (ইণ্ডিয়ান হাইৱে' মেনেজমেন্ট কোম্পানী লিমিটেড) ঘাইপথত টোল আদায় প্রক্রিয়া পৰিচালনা কৰে। যিসকল চালকে টোল প্লাজাত ফাষ্টটেগ দেখুৱাই বাৰে বাৰে টোল আদায় দিয়ে, তেনে লোকৰ তথ্য লগে লগে দিবলৈ টোল প্লাজাৰ কৰ্মচাৰী, ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণ আৰু ইয়াৰ চোৱা-চিতা কৰা সংগঠনক জনাইছে।


আই এইচ এম চি এলে এই সম্পর্কত লিখা পত্ৰত উল্লেখ কৰা হৈছে যে টোল প্লাজাত ফাষ্টটেগ দেখুৱাই টোল আদায় দিয়াৰ ফলত প্লাজাৰ লেনত ভিৰ হোৱাৰ লগতে নিয়মৰ উলংঘা কৰা হয়। ইয়াৰ লগতে ইলেক্ট্রনিক টোল কানেকশ্যন প্রণালীতো সমস্যাৰ সৃষ্টি হয়। উল্লেখযোগ্য যে এল এইচ এ আয়ে দেশত মাল্টি-লেন ফ্রী ফ্ল' টোলিং আৰু বার্ষিক টোল পাছ দিয়াৰ কাম আৰম্ভ কৰিবলৈ লৈছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি গাড়ীত ফাষ্টটেগ নলগোৱাকৈ গাড়ীত বহি টেগৰ দ্বাৰা টোল আদায় দিয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ গ্রহণ কৰা হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ