--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ডাৱৰ বিস্ফোৰণৰ ফলত অহা আকস্মিক বানৰ ধলে শ্ৰমিকসকলৰ শিবিৰটো উটুৱাই লৈ যায়

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাত দেওবাৰে পুৱা পুনৰ ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ভূমিস্খলনত দুজন শ্রমিকৰ মৃত্যু হয় আৰু সাতজন শ্রমিক সন্ধানহীন হৈ আছে।


চৰকাৰী প্রশাসনে প্রকাশ কৰা অনুসৰি, যমোনেত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ চিলাই এলেকাত এখন নির্মীয়মাণ হোটেলৰ সমীপত ১৯জন নিৰ্মাণ শ্রমিকে শিবিৰ পাতি আছিল। ডাৱৰ বিস্ফোৰণৰ ফলত অহা আকস্মিক বানৰ ধলে শ্ৰমিকসকলৰ শিবিৰটো উটুৱাই লৈ যায়। দহজন শ্রমিকক নিৰাপদে উদ্ধাৰ কৰা হয়। ২জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও ৭জন শ্রমিক এতিয়াও সন্ধানহীন হৈ আছে। দেওবাৰে পুৱা প্ৰায় ৩ বজাত ডাৱৰ বিস্ফোৰণৰ ঘটনাটো সংঘটিত হয়।


ইফালে, এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু আৰক্ষীয়ে অহর্নিশে উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ৰাজ্যখনৰ প্ৰতিজন ব্যক্তিৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী বিষয়াসকলৰ সৈতে যোগাযোগ ৰাখিছে। আনহাতে, উত্তৰাখণ্ড চৰকাৰে ঘোষণা কৰিছে যে প্ৰবল বৰষুণৰ বাবে এদিনৰ বাবে চাৰিধাম যাত্রা স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। আনহাতে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেওবাৰ আৰু সোমবাৰে উত্তৰাখণ্ডত বৰষুণৰ 'ৰেড এলার্ট' জাৰি কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক