--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ডাৱৰ বিস্ফোৰণৰ ফলত অহা আকস্মিক বানৰ ধলে শ্ৰমিকসকলৰ শিবিৰটো উটুৱাই লৈ যায়

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাত দেওবাৰে পুৱা পুনৰ ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ভূমিস্খলনত দুজন শ্রমিকৰ মৃত্যু হয় আৰু সাতজন শ্রমিক সন্ধানহীন হৈ আছে।


চৰকাৰী প্রশাসনে প্রকাশ কৰা অনুসৰি, যমোনেত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ চিলাই এলেকাত এখন নির্মীয়মাণ হোটেলৰ সমীপত ১৯জন নিৰ্মাণ শ্রমিকে শিবিৰ পাতি আছিল। ডাৱৰ বিস্ফোৰণৰ ফলত অহা আকস্মিক বানৰ ধলে শ্ৰমিকসকলৰ শিবিৰটো উটুৱাই লৈ যায়। দহজন শ্রমিকক নিৰাপদে উদ্ধাৰ কৰা হয়। ২জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও ৭জন শ্রমিক এতিয়াও সন্ধানহীন হৈ আছে। দেওবাৰে পুৱা প্ৰায় ৩ বজাত ডাৱৰ বিস্ফোৰণৰ ঘটনাটো সংঘটিত হয়।


ইফালে, এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু আৰক্ষীয়ে অহর্নিশে উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ৰাজ্যখনৰ প্ৰতিজন ব্যক্তিৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী বিষয়াসকলৰ সৈতে যোগাযোগ ৰাখিছে। আনহাতে, উত্তৰাখণ্ড চৰকাৰে ঘোষণা কৰিছে যে প্ৰবল বৰষুণৰ বাবে এদিনৰ বাবে চাৰিধাম যাত্রা স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। আনহাতে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেওবাৰ আৰু সোমবাৰে উত্তৰাখণ্ডত বৰষুণৰ 'ৰেড এলার্ট' জাৰি কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ