--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ChatGPT ৰ সকলো বৈশিষ্ট্য থকাৰ পিছতো কিছুমান কথা আছে যাৰ বাবে ইয়াৰ ওপৰত নিৰ্ভৰ কৰাটো সঠিক নহ’ব।যাৰ ফলত আপুনি পৰিব পাৰে বিপদত

ডিজিটেল ডেস্কঃ ২০২২ চনত আৰম্ভ হোৱাৰ পিছৰে পৰা সমগ্ৰ বিশ্বতে ChatGPT-এ দ্ৰুত জনপ্ৰিয়তা লাভ কৰিছে। খবৰ অনুসৰি এই সঁজুলিটোত প্ৰতিদিনে ১ বিলিয়ন বাৰ সন্ধান কৰা হয়, যাৰ ফলত ই গুগলতকৈও দ্ৰুতগতিত জনপ্ৰিয়তা লাভ কৰা প্লেটফৰ্ম হিচাপে পৰিগণিত হৈছে।


কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ সহায়ত চলি থকা ChatGPT য়ে আজি মানুহ আৰু কোম্পানীক লিখা, ক'ডিং, গৱেষণা আৰু গ্ৰাহক সেৱাৰ দৰে বহু কামত সহায় কৰি আছে। কিন্তু ইয়াৰ সকলো বৈশিষ্ট্য থকাৰ পিছতো কিছুমান কথা আছে যাৰ বাবে ইয়াৰ ওপৰত নিৰ্ভৰ কৰাটো সঠিক নহ’ব।যাৰ ফলত আপুনি পৰিব পাৰে বিপদত ।


স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ গ্ৰহণ নকৰিব


ChatGPT এ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিলেও ইয়াৰ অৰ্থ এইটো নহয় যে ই আপোনাৰ চিকিৎসক হ’ব পাৰে। কেতিয়াবা ডাক্তৰৰ ওচৰলৈ যোৱাটো এটা হেঁচা যেন লাগে, কিন্তু কোনো ৰোগ চিনাক্ত আৰু চিকিৎসাৰ বাবে প্ৰকৃত ডাক্তৰৰ পৰামৰ্শহে প্ৰয়োজনীয়। ChatGPT ৰ পৰা স্বাস্থ্যৰ পৰামৰ্শ লোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে।


হেকিঙৰ কথা সুধিব নালাগে


যদি আপুনি ভাবে যে ChatGPT ক কাৰোবাৰ ছ’চিয়েল মিডিয়া বা ইমেইল কেনেকৈ হেক কৰিব পাৰি বুলি সুধিব পাৰি, তেন্তে আপুনি ভুল কৰিছে। হেকিং কেৱল অবৈধেই নহয়, ChatGPTৰ দৰে AI সঁজুলিয়েও এনে তথ্য প্ৰদান কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ই আপোনাক এনে কোনো প্ৰচেষ্টাক কঠোৰভাৱে নাকচ কৰিব।


আইনী পৰামৰ্শ বিচৰাটো বিপদজনক হ’ব পাৰে


আইনী বিষয়ৰ জটিলতা আৰু গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি, ChatGPT ৰ পৰা লোৱা আইনী পৰামৰ্শ আপোনাৰ বাবে ভুল বুলি প্ৰমাণিত হ’ব পাৰে। যেতিয়ালৈকে বিষয়টো সাধাৰণ তথ্যৰ মাজতে সীমাবদ্ধ থাকিব, তেতিয়ালৈকে সেয়া ঠিকেই আছে, কিন্তু কোনো আইনী পদক্ষেপ লোৱাৰ আগতে অধিবক্তাৰ পৰামৰ্শ লোৱাটো বুদ্ধিমানৰ কাম হ’ব।


আৰ্থিক বা বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ নকৰিব


যদি আপুনি ChatGPT এ ষ্টক মাৰ্কেট বা বিনিয়োগৰ সৈতে জড়িত ভৱিষ্যদ্বাণী কৰিব বিচাৰে, তেন্তে সাৱধান হওক। AI ভিত্তিক তথ্য কেতিয়াবা অসম্পূৰ্ণ বা পুৰণি তথ্যৰ ওপৰত ভিত্তি কৰি হ’ব পাৰে। এনে সিদ্ধান্ত লোৱাৰ আগতে কোনো বিত্তীয় বিশেষজ্ঞৰ পৰা বা নিজৰ পৰা তথ্য সংগ্ৰহ কৰি সিদ্ধান্ত লোৱাটো ভাল হ’ব।


বিপদজনক বা হিংসাত্মক তথ্য একেবাৰেই সুধিব নালাগে


যদি আপুনি ChatGPTক বোমা বনোৱাৰ দৰে বিপজ্জনক তথ্যৰ বিষয়ে সুধিবলৈ চেষ্টা কৰে তেন্তে ই লগে লগে নাকচ কৰিব। এই সঁজুলিটোৱে নিৰাপত্তা আৰু নৈতিকতা কঠোৰভাৱে অনুসৰণ কৰে আৰু কোনো ধৰণৰ হিংসাত্মক বা অবৈধ তথ্য দিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰে।


ChatGPT ক'ত সহায় কৰিব পাৰে?


যদিও কিছুমান সীমাবদ্ধতা আছে, তথাপিও আপুনি ChatGPT ৰ সহায়ত বহুত ভাল কাম কৰিব পাৰে যেনে ভ্ৰমণৰ পৰিকল্পনা কৰা, নতুন চহৰৰ বিষয়ে তথ্য লাভ কৰা, অধ্যয়নত সহায় লোৱা, বা দক্ষতা উন্নত কৰা। ই ভাৰ্চুৱেল শিক্ষকৰ দৰে কাম কৰিব পাৰে, আপোনাক কথাবোৰ বুজাব পাৰে, প্ৰশ্ন প্ৰণয়ন কৰিব পাৰে আৰু লগতে আপোনাৰ উত্তৰ বিশ্লেষণ কৰিব পাৰে।


কেৱল এয়াই নহয়, মনোৰঞ্জনৰ মাধ্যমো হৈ পৰিছে। শেহতীয়াকৈ ভাইৰেল ট্ৰেণ্ডত মানুহে ChatGPT ৰ সহায়ত নিজৰ ফটো এনিমে ষ্টাইললৈ ৰূপান্তৰিত কৰি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।ই ভৱিষ্যতৰ বাবে বিপদজনক হ'ব পাৰে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি