--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ChatGPT ৰ সকলো বৈশিষ্ট্য থকাৰ পিছতো কিছুমান কথা আছে যাৰ বাবে ইয়াৰ ওপৰত নিৰ্ভৰ কৰাটো সঠিক নহ’ব।যাৰ ফলত আপুনি পৰিব পাৰে বিপদত

ডিজিটেল ডেস্কঃ ২০২২ চনত আৰম্ভ হোৱাৰ পিছৰে পৰা সমগ্ৰ বিশ্বতে ChatGPT-এ দ্ৰুত জনপ্ৰিয়তা লাভ কৰিছে। খবৰ অনুসৰি এই সঁজুলিটোত প্ৰতিদিনে ১ বিলিয়ন বাৰ সন্ধান কৰা হয়, যাৰ ফলত ই গুগলতকৈও দ্ৰুতগতিত জনপ্ৰিয়তা লাভ কৰা প্লেটফৰ্ম হিচাপে পৰিগণিত হৈছে।


কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ সহায়ত চলি থকা ChatGPT য়ে আজি মানুহ আৰু কোম্পানীক লিখা, ক'ডিং, গৱেষণা আৰু গ্ৰাহক সেৱাৰ দৰে বহু কামত সহায় কৰি আছে। কিন্তু ইয়াৰ সকলো বৈশিষ্ট্য থকাৰ পিছতো কিছুমান কথা আছে যাৰ বাবে ইয়াৰ ওপৰত নিৰ্ভৰ কৰাটো সঠিক নহ’ব।যাৰ ফলত আপুনি পৰিব পাৰে বিপদত ।


স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ গ্ৰহণ নকৰিব


ChatGPT এ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিলেও ইয়াৰ অৰ্থ এইটো নহয় যে ই আপোনাৰ চিকিৎসক হ’ব পাৰে। কেতিয়াবা ডাক্তৰৰ ওচৰলৈ যোৱাটো এটা হেঁচা যেন লাগে, কিন্তু কোনো ৰোগ চিনাক্ত আৰু চিকিৎসাৰ বাবে প্ৰকৃত ডাক্তৰৰ পৰামৰ্শহে প্ৰয়োজনীয়। ChatGPT ৰ পৰা স্বাস্থ্যৰ পৰামৰ্শ লোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে।


হেকিঙৰ কথা সুধিব নালাগে


যদি আপুনি ভাবে যে ChatGPT ক কাৰোবাৰ ছ’চিয়েল মিডিয়া বা ইমেইল কেনেকৈ হেক কৰিব পাৰি বুলি সুধিব পাৰি, তেন্তে আপুনি ভুল কৰিছে। হেকিং কেৱল অবৈধেই নহয়, ChatGPTৰ দৰে AI সঁজুলিয়েও এনে তথ্য প্ৰদান কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ই আপোনাক এনে কোনো প্ৰচেষ্টাক কঠোৰভাৱে নাকচ কৰিব।


আইনী পৰামৰ্শ বিচৰাটো বিপদজনক হ’ব পাৰে


আইনী বিষয়ৰ জটিলতা আৰু গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি, ChatGPT ৰ পৰা লোৱা আইনী পৰামৰ্শ আপোনাৰ বাবে ভুল বুলি প্ৰমাণিত হ’ব পাৰে। যেতিয়ালৈকে বিষয়টো সাধাৰণ তথ্যৰ মাজতে সীমাবদ্ধ থাকিব, তেতিয়ালৈকে সেয়া ঠিকেই আছে, কিন্তু কোনো আইনী পদক্ষেপ লোৱাৰ আগতে অধিবক্তাৰ পৰামৰ্শ লোৱাটো বুদ্ধিমানৰ কাম হ’ব।


আৰ্থিক বা বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ নকৰিব


যদি আপুনি ChatGPT এ ষ্টক মাৰ্কেট বা বিনিয়োগৰ সৈতে জড়িত ভৱিষ্যদ্বাণী কৰিব বিচাৰে, তেন্তে সাৱধান হওক। AI ভিত্তিক তথ্য কেতিয়াবা অসম্পূৰ্ণ বা পুৰণি তথ্যৰ ওপৰত ভিত্তি কৰি হ’ব পাৰে। এনে সিদ্ধান্ত লোৱাৰ আগতে কোনো বিত্তীয় বিশেষজ্ঞৰ পৰা বা নিজৰ পৰা তথ্য সংগ্ৰহ কৰি সিদ্ধান্ত লোৱাটো ভাল হ’ব।


বিপদজনক বা হিংসাত্মক তথ্য একেবাৰেই সুধিব নালাগে


যদি আপুনি ChatGPTক বোমা বনোৱাৰ দৰে বিপজ্জনক তথ্যৰ বিষয়ে সুধিবলৈ চেষ্টা কৰে তেন্তে ই লগে লগে নাকচ কৰিব। এই সঁজুলিটোৱে নিৰাপত্তা আৰু নৈতিকতা কঠোৰভাৱে অনুসৰণ কৰে আৰু কোনো ধৰণৰ হিংসাত্মক বা অবৈধ তথ্য দিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰে।


ChatGPT ক'ত সহায় কৰিব পাৰে?


যদিও কিছুমান সীমাবদ্ধতা আছে, তথাপিও আপুনি ChatGPT ৰ সহায়ত বহুত ভাল কাম কৰিব পাৰে যেনে ভ্ৰমণৰ পৰিকল্পনা কৰা, নতুন চহৰৰ বিষয়ে তথ্য লাভ কৰা, অধ্যয়নত সহায় লোৱা, বা দক্ষতা উন্নত কৰা। ই ভাৰ্চুৱেল শিক্ষকৰ দৰে কাম কৰিব পাৰে, আপোনাক কথাবোৰ বুজাব পাৰে, প্ৰশ্ন প্ৰণয়ন কৰিব পাৰে আৰু লগতে আপোনাৰ উত্তৰ বিশ্লেষণ কৰিব পাৰে।


কেৱল এয়াই নহয়, মনোৰঞ্জনৰ মাধ্যমো হৈ পৰিছে। শেহতীয়াকৈ ভাইৰেল ট্ৰেণ্ডত মানুহে ChatGPT ৰ সহায়ত নিজৰ ফটো এনিমে ষ্টাইললৈ ৰূপান্তৰিত কৰি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।ই ভৱিষ্যতৰ বাবে বিপদজনক হ'ব পাৰে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ