ডিজিটেল ডেস্কঃ মঙলবাৰে গুজৰাটৰ পোৰবন্দৰৰ সমীপত ৪০০ কোটি টকাৰ ড্ৰাগছ কঢ়িয়াই অনা ৬ পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ কৰা হয়৷
এক গোপন সূত্ৰৰ পম খেদি নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰো (এনচিবি), ইণ্ডিয়ান ক’ষ্ট গাৰ্ড আৰু গুজৰাট এণ্টি টেৰৰিজম স্কোয়াডৰ বিষয়াসকলে যোৱা নিশা পাকিস্তানী নাগৰিকক ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে।
গুজৰাটৰ এ টি এছৰ তথ্য অনুসৰি এই ছয়জন লোকে ভাৰতীয় নাও ব্যৱহাৰ কৰি দিল্লী আৰু পঞ্জাবলৈ নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাইছিল।যোৱা ৩০ দিনত গুজৰাটৰ উপকূলত জব্দ কৰা এয়া দ্বিতীয়টো বৃহৎ ড্ৰাগছৰ চালান।
যোৱা ২৮ ফেব্ৰুৱাৰীত গুজৰাটৰ উপকূলৰ পৰা সন্দেহযুক্ত পাকিস্তানী ক্ৰু মেম্বাৰে চলোৱা এখন নাওৰ পৰা কমেও ৩৩০০ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰা হৈছিল। এই ঔষধসমূহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য আছিল ২০০০ কোটিতকৈও অধিক।উল্লেখ্য যে ভাৰত উপমহাদেশত নিচাজাতীয় দ্ৰব্য জব্দ কৰাৰ পৰিমাণ হৈছে সৰ্বাধিক।ইয়াৰ পূৰ্বেও ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে সাগৰত কেইবাটাও অভিযানত কোটি কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ কৰিছিল।