--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মানাহ ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়, হাতী, ম'হ, হৰিণা, বাইচন, দৰিক পক্ষী, ময়ূৰৰ উপৰি ৰ'য়েল বেংগল টাইগাৰৰ বাবে বিখ্যাত।

ডিজিটেল ডেস্ক: মানাহ ৰাষ্ট্ৰীয় উদ্যান ২৫ জুনৰ পৰা দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব বুলি ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই জানিবলৈ দিছে। ইতিমধ্যে যোৱা ১ জুনৰ পৰা ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং প্রশাসনে বন্ধ ৰাখিছে। অতিমাত্রা বৰষুণ, প্রাকৃতিক ভাৰসাম্য ৰক্ষা, বেঁকী নৈৰ জলপৃষ্ঠ বৃদ্ধি আৰু বন্য জন্তুৰ মুক্ত বিচৰণৰ অৰ্থে উদ্যান কর্তৃপক্ষই দৰ্শনাৰ্থীৰ বাবে গ্রীষ্মকালীন তিনি মাহৰ বাবে উদ্যানখন বন্ধ ৰাখে। 


উল্লেখযোগ্য যে প্রাকৃতিক সৌন্দৰ্য আৰু বিভিন্ন প্ৰজাতিৰ বন্যপ্রাণী দৰ্শন কৰাৰ বাবে এই অঞ্চলটোত প্ৰতি বছৰে হাজাৰ হাজাৰ পৰ্যটকে ভিৰ কৰে। এই বছৰো বাতৰি যুগুত কৰাৰ সময়লৈকে ৬৯০০০ দেশী-বিদেশী পর্যটক উদ্যানখনলৈ আহে। মানাহ ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়, হাতী, ম'হ, হৰিণা, বাইচন, দৰিক পক্ষী, ময়ূৰৰ উপৰি ৰ'য়েল বেংগল টাইগাৰৰ বাবে বিখ্যাত। আনহাতে, যোৱা তিনিটা মাহ ধৰি ব্লেক পেন্থাৰ আৰু দুটা পোৱালিয়ে উদ্যানৰ ভিতৰৰ উপৰি সীমান্তৰ ফাটেমাবাদ চাহ বাগিচাত দর্শনার্থীক যথেষ্ট আমোদ প্রদান কৰে। 


ব্লেক পেন্থাৰ দৰ্শন কৰাৰ বাবে দেশ আৰু বিদেশৰ পৰা অসংখ্য দর্শনার্থীয়ে অভয়াৰণ্যত ভিৰ কৰেহি। বাঁহবাৰী বনাঞ্চলিক বিষয়া প্রাঞ্জল তালুকদাৰে জনোৱা মতে, এই বছৰ 'কেমপাৰ' অধীনত ১ হেক্টৰ ঘাঁহনিবাৰী (গ্ৰাছলেণ্ড নাৰ্ছাৰী) স্থাপন কৰা হৈছে আৰু এই নাৰ্চাৰীৰ জৰিয়তে থলুৱা ঘাঁহ উৎপাদন কৰি উদ্যানখনৰ ঘাঁহনি পুনৰুদ্ধাৰ আৰু বন্যপ্ৰাণীৰ বাসস্থান উন্নয়নত ব্যৱহাৰ কৰিব পৰা যাব। তেওঁ আৰু উল্লেখ কৰে যে অহা বছৰৰ পৰা দৰ্শনাৰ্থীৰ বাবে বন বিভাগে নতুনকৈ প্রিমিয়াম ছাফাৰীৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ ফলত উদ্যানখনত বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান