--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মানাহ ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়, হাতী, ম'হ, হৰিণা, বাইচন, দৰিক পক্ষী, ময়ূৰৰ উপৰি ৰ'য়েল বেংগল টাইগাৰৰ বাবে বিখ্যাত।

ডিজিটেল ডেস্ক: মানাহ ৰাষ্ট্ৰীয় উদ্যান ২৫ জুনৰ পৰা দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব বুলি ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই জানিবলৈ দিছে। ইতিমধ্যে যোৱা ১ জুনৰ পৰা ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং প্রশাসনে বন্ধ ৰাখিছে। অতিমাত্রা বৰষুণ, প্রাকৃতিক ভাৰসাম্য ৰক্ষা, বেঁকী নৈৰ জলপৃষ্ঠ বৃদ্ধি আৰু বন্য জন্তুৰ মুক্ত বিচৰণৰ অৰ্থে উদ্যান কর্তৃপক্ষই দৰ্শনাৰ্থীৰ বাবে গ্রীষ্মকালীন তিনি মাহৰ বাবে উদ্যানখন বন্ধ ৰাখে। 

উল্লেখযোগ্য যে প্রাকৃতিক সৌন্দৰ্য আৰু বিভিন্ন প্ৰজাতিৰ বন্যপ্রাণী দৰ্শন কৰাৰ বাবে এই অঞ্চলটোত প্ৰতি বছৰে হাজাৰ হাজাৰ পৰ্যটকে ভিৰ কৰে। এই বছৰো বাতৰি যুগুত কৰাৰ সময়লৈকে ৬৯০০০ দেশী-বিদেশী পর্যটক উদ্যানখনলৈ আহে। মানাহ ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়, হাতী, ম'হ, হৰিণা, বাইচন, দৰিক পক্ষী, ময়ূৰৰ উপৰি ৰ'য়েল বেংগল টাইগাৰৰ বাবে বিখ্যাত। আনহাতে, যোৱা তিনিটা মাহ ধৰি ব্লেক পেন্থাৰ আৰু দুটা পোৱালিয়ে উদ্যানৰ ভিতৰৰ উপৰি সীমান্তৰ ফাটেমাবাদ চাহ বাগিচাত দর্শনার্থীক যথেষ্ট আমোদ প্রদান কৰে। 

ব্লেক পেন্থাৰ দৰ্শন কৰাৰ বাবে দেশ আৰু বিদেশৰ পৰা অসংখ্য দর্শনার্থীয়ে অভয়াৰণ্যত ভিৰ কৰেহি। বাঁহবাৰী বনাঞ্চলিক বিষয়া প্রাঞ্জল তালুকদাৰে জনোৱা মতে, এই বছৰ 'কেমপাৰ' অধীনত ১ হেক্টৰ ঘাঁহনিবাৰী (গ্ৰাছলেণ্ড নাৰ্ছাৰী) স্থাপন কৰা হৈছে আৰু এই নাৰ্চাৰীৰ জৰিয়তে থলুৱা ঘাঁহ উৎপাদন কৰি উদ্যানখনৰ ঘাঁহনি পুনৰুদ্ধাৰ আৰু বন্যপ্ৰাণীৰ বাসস্থান উন্নয়নত ব্যৱহাৰ কৰিব পৰা যাব। তেওঁ আৰু উল্লেখ কৰে যে অহা বছৰৰ পৰা দৰ্শনাৰ্থীৰ বাবে বন বিভাগে নতুনকৈ প্রিমিয়াম ছাফাৰীৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ ফলত উদ্যানখনত বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

উৎস: দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ