--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বত কোভিডৰ সমান্তৰাল ভাবে ত্ৰাসৰ সৃষ্টি কৰা মাংকি পক্সৰ সামূহিক সংক্ৰমণ ঘটিছে৷ আজি এই কথা নিশ্চিত কৰে বিশ্ব স্বাস্থ্য সংস্থাই ৷বিশ্ব স্বাস্থ্য সংস্থাই বৃহস্পতিবাৰে কয় যে কেইখনমান দেশত মাংকি পক্সৰ সামূহিক  সংক্ৰমণ ঘটিছে৷ এনে পৰিস্থিতিত শিশু আৰু গৰ্ভৱতী মহিলাসকলে সতৰ্ক হৈ থকা ভাল বুলি বিশ্ব স্বাস্থ্য সংস্থাই সাৱধান কৰি দিছে৷

 বিশ্বত এতিয়ালৈকে ২৯ খন দেশৰ ১,০০০ ৰো অধিক লোক মাংকি পক্সত আক্ৰান্ত হৈছে৷ এনে সময়তে বিশ্ব স্বাস্থ্য সংস্থাই কয় যে  "শিশু আৰু গৰ্ভৱতী মহিলাকে ধৰি দুৰ্বল প্ৰতিৰোধ ক্ষমতাৰ লোকসকলৰ সংক্ৰমণৰ বিপদাশংকা বেছি " ৷বিমান যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ বিষয়তো বিশ্ব স্বাস্থ্য সংস্থাই  বিশেষ গুৰুত্ব দিছে৷ 

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে এক সংবাদমেলত কয় যে ২৯ খন দেশত এহেজাৰৰো অধিক  লোক মাংকি পক্সত আক্ৰান্ত হৈছে যদিও কোনো দেশৰ পৰা এতিয়ালৈকে   মৃত্যুৰ খবৰ পোৱা হোৱা নাই। মাংকি পক্স হৈছে এক ভাইৰাছ যি  কেতবোৰ বিশেষ প্ৰাণী যেনে নিগনি আদিৰ দ্বাৰা বিয়পিব পাৰে৷

বেছিভাগ মাংকি পক্সত আক্ৰান্ত হোৱাৰ ঘটনা মধ্য আৰু পশ্চিম আফ্ৰিকাত হৈছে৷ ১৯৫৮ চনত বিজ্ঞানীসকলে প্ৰথমবাৰৰ বাবে এই ৰোগটো চিনাক্ত কৰিছিল৷ সেই সময়ত বান্দৰৰ ক্ষেত্ৰত "পক্স সদৃশ" ৰোগ ধৰা পৰিছিল৷

 বান্দৰৰ দেহত প্ৰথমে পোৱাৰ বাবেই ৰোগ বিধৰ নাম  মাংকি পক্স হৈ পৰে৷মাংকি পক্সৰ প্ৰথম জ্ঞাত মানৱ সংক্ৰমণ আছিল ১৯৭০ চনত ধৰা পৰিছিল৷সেই সময়ত  কঙ্গোৰ এটি ৯  বছৰীয়া শিশুৰ দেহত এই ৰোগ ধৰা পৰিছিল৷

মাংকি পক্সত আক্ৰান্ত ৰোগীয়ে  জ্বৰ, শৰীৰৰ বিষ, ঠাণ্ডা লগা আৰু ভাগৰ অনুভৱ কৰা আদি লক্ষণত ভোগে। ৰোগ অধিক গুৰুতৰ হ’লে আক্ৰান্ত  লোকৰ মুখ আৰু হাতত চোকোৰা বান্ধে আৰু ঘা হ'ব পাৰে৷ সেই ঘা  শৰীৰৰ আন অংশলৈ বিয়পি পৰিব পাৰে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ