--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বত কোভিডৰ সমান্তৰাল ভাবে ত্ৰাসৰ সৃষ্টি কৰা মাংকি পক্সৰ সামূহিক সংক্ৰমণ ঘটিছে৷ আজি এই কথা নিশ্চিত কৰে বিশ্ব স্বাস্থ্য সংস্থাই ৷বিশ্ব স্বাস্থ্য সংস্থাই বৃহস্পতিবাৰে কয় যে কেইখনমান দেশত মাংকি পক্সৰ সামূহিক  সংক্ৰমণ ঘটিছে৷ এনে পৰিস্থিতিত শিশু আৰু গৰ্ভৱতী মহিলাসকলে সতৰ্ক হৈ থকা ভাল বুলি বিশ্ব স্বাস্থ্য সংস্থাই সাৱধান কৰি দিছে৷

 বিশ্বত এতিয়ালৈকে ২৯ খন দেশৰ ১,০০০ ৰো অধিক লোক মাংকি পক্সত আক্ৰান্ত হৈছে৷ এনে সময়তে বিশ্ব স্বাস্থ্য সংস্থাই কয় যে  "শিশু আৰু গৰ্ভৱতী মহিলাকে ধৰি দুৰ্বল প্ৰতিৰোধ ক্ষমতাৰ লোকসকলৰ সংক্ৰমণৰ বিপদাশংকা বেছি " ৷বিমান যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ বিষয়তো বিশ্ব স্বাস্থ্য সংস্থাই  বিশেষ গুৰুত্ব দিছে৷ 

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে এক সংবাদমেলত কয় যে ২৯ খন দেশত এহেজাৰৰো অধিক  লোক মাংকি পক্সত আক্ৰান্ত হৈছে যদিও কোনো দেশৰ পৰা এতিয়ালৈকে   মৃত্যুৰ খবৰ পোৱা হোৱা নাই। মাংকি পক্স হৈছে এক ভাইৰাছ যি  কেতবোৰ বিশেষ প্ৰাণী যেনে নিগনি আদিৰ দ্বাৰা বিয়পিব পাৰে৷

বেছিভাগ মাংকি পক্সত আক্ৰান্ত হোৱাৰ ঘটনা মধ্য আৰু পশ্চিম আফ্ৰিকাত হৈছে৷ ১৯৫৮ চনত বিজ্ঞানীসকলে প্ৰথমবাৰৰ বাবে এই ৰোগটো চিনাক্ত কৰিছিল৷ সেই সময়ত বান্দৰৰ ক্ষেত্ৰত "পক্স সদৃশ" ৰোগ ধৰা পৰিছিল৷

 বান্দৰৰ দেহত প্ৰথমে পোৱাৰ বাবেই ৰোগ বিধৰ নাম  মাংকি পক্স হৈ পৰে৷মাংকি পক্সৰ প্ৰথম জ্ঞাত মানৱ সংক্ৰমণ আছিল ১৯৭০ চনত ধৰা পৰিছিল৷সেই সময়ত  কঙ্গোৰ এটি ৯  বছৰীয়া শিশুৰ দেহত এই ৰোগ ধৰা পৰিছিল৷

মাংকি পক্সত আক্ৰান্ত ৰোগীয়ে  জ্বৰ, শৰীৰৰ বিষ, ঠাণ্ডা লগা আৰু ভাগৰ অনুভৱ কৰা আদি লক্ষণত ভোগে। ৰোগ অধিক গুৰুতৰ হ’লে আক্ৰান্ত  লোকৰ মুখ আৰু হাতত চোকোৰা বান্ধে আৰু ঘা হ'ব পাৰে৷ সেই ঘা  শৰীৰৰ আন অংশলৈ বিয়পি পৰিব পাৰে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক