--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জীৱনত সুখে-সন্তোষেনো থাকিব নিবিচাৰে কোনে? পিছে সাংসাৰিক জীৱনত সুখেৰে সময় অতিবাহিত কৰাৰ সৌভাগ্য খুব কম লোকৰে হয়। ইয়াৰ বাবে কোন দায়ী বা কোন দায়ী নহয় সেই কথা বিচাৰ কৰাতকৈ কিছু এৰা-ধৰা আৰু মানসিকতাৰ পৰিৱৰ্তনৰ জৰিয়তে আপুনি আপোনাৰ জীৱন সুখকৰ কৰি তুলিব পাৰে। যদিহে মনৰ মানুহজনৰ সৈতেই আপুনি বিচৰাধৰণে জীৱনটো অতিবাহিত কৰাৰ সুযোগ লাভ কৰিছে তেন্তে তাতকৈ ভাল কথাটো কি হ’ব পাৰে? কিন্তু স্বাভাৱিকতেই সকলো সম্পৰ্কতে ভালেমান খলা-বমা থাকিব পাৰে তথা বিভিন্ন উত্থান-পতনো থাকে। এইবোৰ আঁতৰ কৰি যদি আগুৱাই যাবলৈ আপুনি শিকিব পাৰে তেন্তে আপোনাৰ জীৱনত সুখৰ হেন্দোলনি উঠাৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে। [caption id="attachment_141440" align="alignright" width="300"] (SYMBOLIC PHOTO. SOUCE: INTERNET)[/caption] বিশেষজ্ঞসকলে কৈছে যে প্ৰতিজন ব্যক্তিয়ে সম্পৰ্কটো নিজৰ ধৰণে ভাল ৰাখিব বিচাৰে। তেওঁলোকে তেওঁলোকৰ নিজৰ ৰসায়ন সৃষ্টি কৰে। এই ৰসায়নৰ ওপৰত নিৰ্ভৰ কৰি, তেওঁলোকে ভালদৰে থাকিব বিচাৰে। কিন্তু জীৱনৰ গতিৰ দৰে, সম্পৰ্কত যেতিয়া খলা-বমা আহে তেতিয়া ইয়াক কেনেদৰে চম্ভালিব লাগে জনাটোৱেই হৈছে স্থায়ী সুখৰ মূল আধাৰ।

ইতিবাচকভাৱে চিন্তা কৰক

ইতিবাচক চিন্তাই যিকোনো ব্যক্তিৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰে। ইতিবাচক চিন্তাৰ ফলত মানুহৰ শৰীৰত কিছুমান ভাল হৰমনৰ নিঃসৰণ হয় আৰু যিয়ে শৰীৰ আৰু স্বাস্থ্য ভাল ৰখাৰ লগতে মনটো ভাল ৰাখিব পাৰে। আৰু যদি মনটো ভাল হয়, তেন্তে যি সম্পৰ্ক ভালদৰে চলিবই। গতিকে প্ৰতিদিনে ইতিবাচক চিন্তা কৰক।

সন্মান কৰক

সকলোৱে নিজক সন্মান কৰাটো বিচাৰে। কিন্তু বহুসময়ত দেখা যায় যে সম্পৰ্কত থকা দুয়োজন ব্যক্তিয়ে ইজনে সিজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ সক্ষম নহয়। যদি আপুনি এইবাৰ সন্মান প্ৰদৰ্শন কৰিব নোৱাৰে, আপোনাৰ এটাৰ পিছত এটা সমস্যা হ'ব পাৰে। তাৰ পাছতে সম্পৰ্কত ফাট মেলিবলৈ আৰম্ভ কৰে। গতিকে প্ৰতিজন ব্যক্তিয়ে এইটো মনত ৰাখিব লাগিব। তেতিয়াহে ভাল সম্পৰ্ক ধৰি ৰখাটো সম্ভৱ।

আপোনাৰ নিজৰ চিন্তাবোৰ প্ৰকাশ কৰক

আপুনি কেৱল সম্পৰ্কত থকাৰ বাবেই সকলো বিষয়ে ইজনে সিজনৰ সৈতে সন্মত হ'ব লাগিবই বুলি ধৰি ল’ব নালাগে। কাৰণ প্ৰতিজন ব্যক্তিৰ নিজা ভাব-চিন্তা তথা ধৰণ কৰণ থাকিব পাৰে। এই পৰিস্থিতিত যিকোনো কথাকে হয় বুলি প্ৰতিপন্ন কৰিবলৈ যত্ন নকৰিব। বা অনিচ্ছাস্বত্তেও কাৰো কথাত সন্মতিও নিদিব। যদি আপুনি এইটো ভাল নাপায়, তেন্তে সেয়া স্পষ্টকৈ ক’বলৈ আৰম্ভ কৰক। তেতিয়াহে সম্পৰ্ক উন্নত হ'ব।

জেদ কৰি বহি নাথাকিব

বহুলোকৰ এটা অভ্যাস আছে, কিছুমান কথা নিজৰ মতে নহ’লেই জেদ কৰি বহি থাকে। এই জেদৰ বাবেই বহুতৰে জীৱনত বহু সমস্যাৰ উদ্ভৱ হোৱা দেখা যায়। এনে কৰাৰ সলনি, ইজনে সিজনক বুজিবলৈ আৰম্ভ কৰক। সুখী সম্পৰ্কৰ বাবে বহু ক্ষেত্ৰত এৰা-ধৰাও কৰিবলগীয়া হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ