--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জীৱনত সুখে-সন্তোষেনো থাকিব নিবিচাৰে কোনে? পিছে সাংসাৰিক জীৱনত সুখেৰে সময় অতিবাহিত কৰাৰ সৌভাগ্য খুব কম লোকৰে হয়। ইয়াৰ বাবে কোন দায়ী বা কোন দায়ী নহয় সেই কথা বিচাৰ কৰাতকৈ কিছু এৰা-ধৰা আৰু মানসিকতাৰ পৰিৱৰ্তনৰ জৰিয়তে আপুনি আপোনাৰ জীৱন সুখকৰ কৰি তুলিব পাৰে। যদিহে মনৰ মানুহজনৰ সৈতেই আপুনি বিচৰাধৰণে জীৱনটো অতিবাহিত কৰাৰ সুযোগ লাভ কৰিছে তেন্তে তাতকৈ ভাল কথাটো কি হ’ব পাৰে? কিন্তু স্বাভাৱিকতেই সকলো সম্পৰ্কতে ভালেমান খলা-বমা থাকিব পাৰে তথা বিভিন্ন উত্থান-পতনো থাকে। এইবোৰ আঁতৰ কৰি যদি আগুৱাই যাবলৈ আপুনি শিকিব পাৰে তেন্তে আপোনাৰ জীৱনত সুখৰ হেন্দোলনি উঠাৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে। [caption id="attachment_141440" align="alignright" width="300"] (SYMBOLIC PHOTO. SOUCE: INTERNET)[/caption] বিশেষজ্ঞসকলে কৈছে যে প্ৰতিজন ব্যক্তিয়ে সম্পৰ্কটো নিজৰ ধৰণে ভাল ৰাখিব বিচাৰে। তেওঁলোকে তেওঁলোকৰ নিজৰ ৰসায়ন সৃষ্টি কৰে। এই ৰসায়নৰ ওপৰত নিৰ্ভৰ কৰি, তেওঁলোকে ভালদৰে থাকিব বিচাৰে। কিন্তু জীৱনৰ গতিৰ দৰে, সম্পৰ্কত যেতিয়া খলা-বমা আহে তেতিয়া ইয়াক কেনেদৰে চম্ভালিব লাগে জনাটোৱেই হৈছে স্থায়ী সুখৰ মূল আধাৰ।

ইতিবাচকভাৱে চিন্তা কৰক

ইতিবাচক চিন্তাই যিকোনো ব্যক্তিৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰে। ইতিবাচক চিন্তাৰ ফলত মানুহৰ শৰীৰত কিছুমান ভাল হৰমনৰ নিঃসৰণ হয় আৰু যিয়ে শৰীৰ আৰু স্বাস্থ্য ভাল ৰখাৰ লগতে মনটো ভাল ৰাখিব পাৰে। আৰু যদি মনটো ভাল হয়, তেন্তে যি সম্পৰ্ক ভালদৰে চলিবই। গতিকে প্ৰতিদিনে ইতিবাচক চিন্তা কৰক।

সন্মান কৰক

সকলোৱে নিজক সন্মান কৰাটো বিচাৰে। কিন্তু বহুসময়ত দেখা যায় যে সম্পৰ্কত থকা দুয়োজন ব্যক্তিয়ে ইজনে সিজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ সক্ষম নহয়। যদি আপুনি এইবাৰ সন্মান প্ৰদৰ্শন কৰিব নোৱাৰে, আপোনাৰ এটাৰ পিছত এটা সমস্যা হ'ব পাৰে। তাৰ পাছতে সম্পৰ্কত ফাট মেলিবলৈ আৰম্ভ কৰে। গতিকে প্ৰতিজন ব্যক্তিয়ে এইটো মনত ৰাখিব লাগিব। তেতিয়াহে ভাল সম্পৰ্ক ধৰি ৰখাটো সম্ভৱ।

আপোনাৰ নিজৰ চিন্তাবোৰ প্ৰকাশ কৰক

আপুনি কেৱল সম্পৰ্কত থকাৰ বাবেই সকলো বিষয়ে ইজনে সিজনৰ সৈতে সন্মত হ'ব লাগিবই বুলি ধৰি ল’ব নালাগে। কাৰণ প্ৰতিজন ব্যক্তিৰ নিজা ভাব-চিন্তা তথা ধৰণ কৰণ থাকিব পাৰে। এই পৰিস্থিতিত যিকোনো কথাকে হয় বুলি প্ৰতিপন্ন কৰিবলৈ যত্ন নকৰিব। বা অনিচ্ছাস্বত্তেও কাৰো কথাত সন্মতিও নিদিব। যদি আপুনি এইটো ভাল নাপায়, তেন্তে সেয়া স্পষ্টকৈ ক’বলৈ আৰম্ভ কৰক। তেতিয়াহে সম্পৰ্ক উন্নত হ'ব।

জেদ কৰি বহি নাথাকিব

বহুলোকৰ এটা অভ্যাস আছে, কিছুমান কথা নিজৰ মতে নহ’লেই জেদ কৰি বহি থাকে। এই জেদৰ বাবেই বহুতৰে জীৱনত বহু সমস্যাৰ উদ্ভৱ হোৱা দেখা যায়। এনে কৰাৰ সলনি, ইজনে সিজনক বুজিবলৈ আৰম্ভ কৰক। সুখী সম্পৰ্কৰ বাবে বহু ক্ষেত্ৰত এৰা-ধৰাও কৰিবলগীয়া হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ