--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ২০২৫ৰ প্ৰথম মাহটোতে ভাৰতীয় ক্রীড়াত অভিলেখ গঢ়িলে দেশৰ পুৰুষ-মহিলা খো খো দলে। যোৱা ১৩-১৯ জানুৱাৰীলৈ নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তর্জাতিক ষ্টেডিয়ামত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত খো খো বিশ্ব কাপত ভাৰতৰ পুৰুষ-মহিলা দলে চেম্পিয়ন হৈ ইতিহাস ৰচনা কৰে। 

ভাৰতৰ পুৰুষ-মহিলা খো খো দলে প্রথম বিশ্ব কাপতে খিতাপ জয় কৰি গৌৰৱ অৰ্জন কৰাৰ লগতে দেশৰ প্ৰথম ক্রীড়া হিচাপে খো খোৰ দল দুটাই এটা বর্ষতে বিশ্ব চেম্পিয়ন হোৱাৰ অনন্য সফলতাও লাভ কৰিছে। ইফালে, প্রথম বিশ্ব কাপ খো খোৰ এই ঐতিহাসিক ভাৰতীয় ক্রীড়াৰ চিৰগৌৰৱ সোণালী ঘটনাটোৰ লগত জড়িত হৈ থাকিল অসমৰ দুই কণ্ঠশিল্পীৰ নামো। উল্লেখযোগ্য যে বিশ্ব কাপ খেলা ভাৰতীয় দলত অসমৰ খেলুৱৈয়ে স্থান লাভ কৰা নাছিল যদিও বিশ্ব কাপ হাতত লৈ যেতিয়া ভাৰতৰ চেম্পিয়ন পুৰুষ-মহিলাৰ দল দুটাৰ লগতে ষ্টেডিয়ামৰ বাহিৰে-ভিতৰে হাজাৰ হাজাৰ ক্ৰীড়াপ্রেমীয়ে যিটো গীতৰ তালে তালে নৃত্য কৰি আছিল সেই বিশেষ গীতটোৰ কণ্ঠশিল্পী হ'ল অসমৰ ড° সংগীতা কাকতি আৰু তেওঁৰ কন্যা অনৌষ্কা বৰুৱা। 

প্রণিধানযোগ্য যে কেন্দ্ৰীয় চৰকাৰ তথা ভাৰতীয় অলিম্পিক সন্থাৰ সহযোগিতাত খো খো ফেডাৰেশ্যন অব ইণ্ডিয়াই আয়োজন কৰিব লগা বিশ্ব কাপত ২৪খন দেশৰ ৪০টা দলে অংশ লৈছিল। ভাৰতৰ পৰম্পৰাগত খেলবিধক বিশ্বৰ মঞ্চলৈ নি ২০৩৬ৰ অলিম্পিক গেমছত প্ৰৱেশৰ লক্ষ্যৰে এই বিশ্ব কাপ আয়োজন কৰা হয়। সেয়েহে প্রতিযোগিতাখনৰ বিশ্বজনীন প্ৰচাৰৰ দিশটোত গুৰুত্ব দি আয়োজকে বলিউডৰ ভাইজান ছলমান খানক প্রতিযোগিতাৰ ব্ৰেণ্ড এম্বেছাডৰ কৰিছিল। আনহাতে, সহ-ব্ৰেণ্ড এম্বেছাডৰ আছিল আন এজন ছুপাৰষ্টাৰ টাইগাৰ শ্রফ। এই দুই শিল্পীৰ উপৰি বলিউডৰ জনপ্রিয় অভিনেত্রী অনন্যা পাণ্ডে আৰু ছাৰা আলী খান তথা অভিনেতা বিবেক অবেৰয়ৰ লগতে অলিম্পিকত ভাৰতৰ একক স্বর্ণজয়ী ক্রীড়াবিদ অভিনৱ বিন্দ্ৰা- নিৰজ চোপ্ৰা ক্রিকেটাৰ শচীন তেণ্ডুলকাৰ আদিয়ে খো খো বিশ্ব কাপৰ প্ৰচাৰত জড়িত হৈছিল। 

এনে এক তাৰকা সমৃদ্ধ অভিজাত প্ৰচাৰ ব্যৱস্থাত অসমৰ মাতৃ-কন্যা সংগীতা আৰু অনৌষ্কাও এটা ইংৰাজী ভাষাৰ গীতেৰে জড়িত হৈছিল। কে কে এফ আয়ে প্রায় দুমাহ আগৰ পৰাই সামাজিক মাধ্যমৰ জৰিয়তে সমগ্র বিশ্বতে প্রতিযোগিতাৰ প্ৰচাৰ কৰিছিল। তেতিয়াৰে পৰাই সংগীতা আৰু অনৌষ্কাৰ ইংৰাজী গীতটো সামাজিক মাধ্যমযোগে দেশ-বিদেশত জনপ্রিয় হৈ পৰে। প্রতিযোগিতাৰ সময়ত বিভিন্ন হিন্দী ছবিৰ ক্ৰীড়া বিষয়ক গীত ষ্টেডিয়ামত বজোৱা হয় যদিও খো খো বিশ্ব কাপক লৈ নিৰ্মাণ কৰা একমাত্র এই বিশেষ গীতটোৱে
ভাৰতৰ লগতে অন্য দেশৰ খেলুৱৈকো আকৃষ্ট কৰে। যাৰবাবে জয়ৰ আনন্দত ইংৰাজী ভাষাৰ গীতত আনন্দ প্রকাশ কৰিছিল অংশগ্রহণকাৰী বিদেশৰ খেলুৱৈসকলে। 

বিশ্ব কাপ চলি থকাৰ সময়ত গীতটোৱে আৰম্ভণিৰ পৰা সামৰণিলৈ ক্ৰীড়াস্থলী মুখৰিত কৰি ৰাখে। ইংৰাজী ভাষাৰ গীতটোৰ ৰচনা, সুৰ তথা সংগীতো জনপ্রিয় কণ্ঠশিল্পী ড° কাকতিৰে। ভাৰতীয় খো খোৰ থীম ছং 'চোলো চোলো খো খো খেলটে হো' গীতটোৰো কথা-সুৰ-সংগীত সংগীতাৰে তথা কন্যা অনৌষ্কাৰ লগত তেওঁ কণ্ঠদানো কৰিছে। আনহাতে, অসমত অনুষ্ঠিত এছিয়ান খো খো প্রতিযোগিতাৰ থীম ছং 'ৰূপহী অসম উখল-মাখল' গীতটোৰ কথা-সুৰো ড° কাকতিৰে আছিল, লগতে কণ্ঠদানত শিল্পীগৰাকীক অনৌষ্কাই সহযোগ কৰিছিল। গীতটোত ১২খন বিদেশী ৰাষ্ট্ৰৰ নিজৰ নিজৰ মাতৃভাষাৰ লগতে হিন্দী, ইংৰাজী, অসমীয়া আৰু বড়োসহ মুঠ ১৬টা ভাষা সন্নিৱিষ্ট আছিল। কিন্তু এইবাৰ বিশ্ব কাপৰ 'খো খো বর্ল্ড কাপ, ইণ্ডিজিনিয়াছ গেম অব্ ইণ্ডিয়া' গীতটো কেৱল ইংৰাজী ভাষাৰ। সংগীতাৰ কন্যা অনৌষ্কাৰ ইংৰাজী গীত গোৱা শৈলীয়ে গীতটোক অনন্য মাত্রা প্রদান কৰিছে। ষ্টেডিয়ামত গীতটো বাজি থাকোঁতে এবাৰো অনুভৱ হোৱা নাছিল এয়া যে অসমীয়া শিল্পীৰ কণ্ঠৰ যাদু। 

বিশ্ব কাপৰ যেনে মৰ্যাদা একেদৰে গীতটোৰ আবেদনো বিশ্বজনীন। উল্লেখযোগ্য যে অসমত হোৱা ৰাষ্ট্ৰীয় ক্রীড়াৰ থীম ছং 'ৰংমন ৰংমন' গীত পৰিৱেশন কৰি পৃথক পৰিচয় তথা অপাৰ জনপ্রিয়তা লাভ কৰা সংগীতাই গুৱাহাটীত অনুষ্ঠিত দ্বাদশ ছাফ গেমছত 'ছাউথ এছিয়ান গেমছ শুভ বিদায়...' শীর্ষক এটি গীত পৰিৱেশন কৰিছিল। গীতটোত অসমীয়া আৰু হিন্দী ভাষাৰ লগতে অংশগ্ৰহণকাৰী সাত বিদেশী ৰাষ্ট্ৰৰ মাতৃভাষাও সন্নিৱিষ্ট আছিল। দেশত অনুষ্ঠিত কেইবাখনো আন্তর্জাতিক আৰু ৰাজ্যিক ক্রীড়া মহোৎসৱত থীম ছঙৰ লগতে প্রতিযোগিতাৰ বিশেষ গীত পৰিৱেশন কৰি সমাদৃত হোৱা সংগীতাৰ লগতে অনৌষ্কাই ৰাজ্যৰ প্ৰথম কণ্ঠশিল্পীৰূপে বিশ্ব কাপত গীত গোৱাৰ অনন্য সফলতা লাভ কৰিলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
কমনৱেলথ গেমছলৈ নির্বাচিত তেজপুৰৰ লিছা দাস
NHPCয়ে সোৱণশিৰিত, নীপকোৱে ৰঙানদীত এৰিলে পানী
কেৱল সোৱাদতেই নহয়, বহু উপকাৰী গুণেৰেও অতুলনীয় খৰিচা
বৰপেটাৰোডত যান-বাহনৰ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত কলেজীয়া ছাত্ৰৰ তীব্ৰ প্ৰতিবাদ
বিশ্বত পুনৰ শক্তি সংকটৰ আশংকা; ইৰানী সেনাই বন্ধ কৰিলে হৰমুজ প্রণালী
ৰাজ্যত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা ১৫,৪৩,৩৫০জন
‘ডিজিটেল স্ক্ৰীনৰ পৰা আঁতৰি মামাৰ ঘৰলৈ যোৱা...’ গৰমৰ বন্ধত ভাগিনসকললৈ মুখ্যমন্ত্ৰীৰ মুকলি চিঠি
গুৱাহাটী ৰে’লৱে ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; চেন্নাইলৈ যোৱাৰ চেষ্টা ব্যৰ্থ কৰিলে RPFএ
চামগুৰিত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ডুৰাণ্ড কাপৰ ট্ৰফী; ১৬-১৭ জুলাইত গুৱাহাটীত হ’ব প্রদর্শন
মহাকাব্যিক প্ৰত্যাৱৰ্তন
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
Advertisement