--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাকুম্ভত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এটা শংখ।‌ হয়, এটা শংখ সাধাৰণ যেন লগা এই শংখটো বহুতৰ বাবে হৈ পৰিছে অসাধাৰণ। আপুনি নিশ্চয় বহুতো ভিন্ন ধৰণৰ শংখ দেখিছে। শংখৰ শব্দই মন‌ পুলকিত কৰে। শংখৰ শব্দই ঋণাত্মক শক্তি আঁতৰাই - এই বিশ্বাস হিন্দু ধৰ্মত যুগ যুগ পুৰণি।

সাধাৰণতে পূজা সামগ্ৰীৰ দোকানৰ পৰা ২০০-৪০০ টকাত ক্ৰয় কৰিব পাৰি একো একোটা শংখ । পিছে মহা কুম্ভত মহাৰাষ্ট্ৰৰ পৰা অহা এজন ব্যৱসায়ীৰ ষ্টলত এটা বিশাল শংখৰ খোলা।  যাক লৈ কৌতুহল সকলোৰে। দৃষ্টি নিবদ্ধও হৈছে সকলোৰে।

ব্যৱসায়ীগৰাকী আহিছে নাচিকৰ পৰা। নাম তেওঁৰ ইন্দ্ৰ পাৱাৰ।  মহা কুম্ভ মেলাৰ ছেক্টৰ ২০ৰ সমীপত এখন শংখৰ দোকান স্থাপন কৰিছে তেওঁ। তাতেই ওলাইছে প্ৰায় দুফুট দীঘল আৰু ১০ ইঞ্চি পৰিধিৰ এটা শংখ। শংখটো দেখি ৰৈ গৈছে মানুহে। দাম কোৱাৰ থতমত খাইছে মানুহে ।

প্ৰশ্ন উত্থাপন হয় যে শংখটো ইমান দামী হোৱাৰ কাৰণ কি? ইয়াৰ  বিশেষত্ব কি? ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰাপ্ত তথ্য অনুসৰি উজ্জয়িনৰ পৰা বিক্ৰীৰ বাবে আনিছে দোকানী ইন্দ্ৰ পাৱাৰে। খবৰ অনুসৰি শংখটো বিষ্ণু শংখ। লক্ষ্মী পূজাত এই শংখ ব্যৱহাৰ কৰিলে ধন-সম্পত্তি আৰু শস্যত সমৃদ্ধিশালী হয়। এই শংখ গুজৰাটৰ জামনগৰৰ বেট দ্বাৰকা নামৰ ঠাইত সাগৰত পোৱা যায়।

কোৱা হয় যে সাগৰত এই ধৰণৰ শংখ পোৱাটো অতি কঠিন। ইয়াৰ বাবে মানুহে ধন দিব পাৰিবনে নাই এই প্ৰশ্নত ইন্দ্ৰ পাৱাৰে কয় যে মহা কুম্ভলৈ ধনী মানুহো আহিছে, আৰু শংখৰ বাবে ক্ৰেতা পোৱা যাব বুলি আশা কৰা হৈছে।

ইন্দ্ৰ পাৱাৰে কয় যে ২৫ লাখ টকা পৰ্যন্ত মূল্যৰ শংখৰ খোলা আছে। দেশৰ প্ৰাচীন সিদ্ধ মন্দিৰত ইয়াতকৈও দামী শংখ আছে। ধৰ্মীয় দৃষ্টিকোণৰ পৰা বৈশিষ্ট্যৰ ভিন্নতা থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post