--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাকুম্ভত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এটা শংখ।‌ হয়, এটা শংখ সাধাৰণ যেন লগা এই শংখটো বহুতৰ বাবে হৈ পৰিছে অসাধাৰণ। আপুনি নিশ্চয় বহুতো ভিন্ন ধৰণৰ শংখ দেখিছে। শংখৰ শব্দই মন‌ পুলকিত কৰে। শংখৰ শব্দই ঋণাত্মক শক্তি আঁতৰাই - এই বিশ্বাস হিন্দু ধৰ্মত যুগ যুগ পুৰণি।

সাধাৰণতে পূজা সামগ্ৰীৰ দোকানৰ পৰা ২০০-৪০০ টকাত ক্ৰয় কৰিব পাৰি একো একোটা শংখ । পিছে মহা কুম্ভত মহাৰাষ্ট্ৰৰ পৰা অহা এজন ব্যৱসায়ীৰ ষ্টলত এটা বিশাল শংখৰ খোলা।  যাক লৈ কৌতুহল সকলোৰে। দৃষ্টি নিবদ্ধও হৈছে সকলোৰে।

ব্যৱসায়ীগৰাকী আহিছে নাচিকৰ পৰা। নাম তেওঁৰ ইন্দ্ৰ পাৱাৰ।  মহা কুম্ভ মেলাৰ ছেক্টৰ ২০ৰ সমীপত এখন শংখৰ দোকান স্থাপন কৰিছে তেওঁ। তাতেই ওলাইছে প্ৰায় দুফুট দীঘল আৰু ১০ ইঞ্চি পৰিধিৰ এটা শংখ। শংখটো দেখি ৰৈ গৈছে মানুহে। দাম কোৱাৰ থতমত খাইছে মানুহে ।

প্ৰশ্ন উত্থাপন হয় যে শংখটো ইমান দামী হোৱাৰ কাৰণ কি? ইয়াৰ  বিশেষত্ব কি? ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰাপ্ত তথ্য অনুসৰি উজ্জয়িনৰ পৰা বিক্ৰীৰ বাবে আনিছে দোকানী ইন্দ্ৰ পাৱাৰে। খবৰ অনুসৰি শংখটো বিষ্ণু শংখ। লক্ষ্মী পূজাত এই শংখ ব্যৱহাৰ কৰিলে ধন-সম্পত্তি আৰু শস্যত সমৃদ্ধিশালী হয়। এই শংখ গুজৰাটৰ জামনগৰৰ বেট দ্বাৰকা নামৰ ঠাইত সাগৰত পোৱা যায়।

কোৱা হয় যে সাগৰত এই ধৰণৰ শংখ পোৱাটো অতি কঠিন। ইয়াৰ বাবে মানুহে ধন দিব পাৰিবনে নাই এই প্ৰশ্নত ইন্দ্ৰ পাৱাৰে কয় যে মহা কুম্ভলৈ ধনী মানুহো আহিছে, আৰু শংখৰ বাবে ক্ৰেতা পোৱা যাব বুলি আশা কৰা হৈছে।

ইন্দ্ৰ পাৱাৰে কয় যে ২৫ লাখ টকা পৰ্যন্ত মূল্যৰ শংখৰ খোলা আছে। দেশৰ প্ৰাচীন সিদ্ধ মন্দিৰত ইয়াতকৈও দামী শংখ আছে। ধৰ্মীয় দৃষ্টিকোণৰ পৰা বৈশিষ্ট্যৰ ভিন্নতা থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ