--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতীতত বহুতো মেচ জিকিছিল ইমৰান খানে। কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত মেচ ফিক্সিঙৰ সন্মুখীন হ'ব লগা হৈছিল বুলি সদৰী কৰিছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে। শনিবাৰে কৰাচীত অনুষ্ঠিত এখন বৈঠকত তেওঁ কয় যে, ‘কিছুমান বিদেশী শক্তিয়ে বিগত তিনি-চাৰি মাহ ধৰি ক্ষমতাৰ পৰা আঁতৰাবলৈ চেষ্টা কৰি আহিছিল।’ ইমৰানে ইয়াৰপূৰ্বেও এনে অভিযোগ কৰা দেখা গৈছিল। পোনপটীয়াকৈ নকলেও ইমৰানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফালেই আঙুলি টোঁৱাইছিল। ইয়াৰ সমান্তৰালকৈ তেওঁৰ দল এৰি যোৱা কিছুমান নেতা আৰু একাংশ পাকিস্তানী সাংবাদিকে তেওঁক আঁতৰাবলৈ পৰিকল্পনা কৰিছিল বুলিও বিস্ফোৰক অভিযোগ ইমৰান খানৰ।

ক্ৰিকেটৰ উদাহৰণ দাঙি ধৰি ইমৰানে কয়, ‘মই জানিছিলো যে মেচ ফিক্স কৰা হৈছে। ডেপুটী স্পিকাৰে সদৰী কৰিছিল যে,অনাস্থা প্ৰস্তাৱটো বিদেশী শক্তিৰ প্ৰভাৱত অনা হৈছিল আৰু সেই সময়ত সাংসদৰ কিনা-বেচা চলিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে অভিযোগবোৰৰ তদন্ত নকৰি আস্থা ভোট ৰখাৰ সিদ্ধান্ত লৈছিল।’ বিশ্বকাপ বিজয়ী পাকিস্তানৰ অধিনায়কে এই উচ্চতম ন্যায়ালয়ৰ এই পদক্ষেপক মেচ ফিক্সিঙৰ সৈতে তুলনা কৰিছে।

ইমৰানে আস্থা ভোট স্থগিত ৰাখিব বিচাৰিছিল, সেয়েহে পাকিস্তানৰ সভাপতি আৰিফ আলভীয়ে তেওঁৰ কথা শুনি সংসদ ভংগ কৰাৰ সিদ্ধান্ত লৈছিল। এই আইনক ‘অসাংবিধানিক’ বুলি অভিহিত কৰি দেশৰ উচ্চতম ন্যায়ালয়ে পুনৰ আস্থা ভোটৰ নিৰ্দেশ দিয়ে। সেই ভোটত পৰাজিত হোৱাৰ পাছত, ইমৰানে প্ৰধানমন্ত্ৰীৰ আসনৰ পৰা আঁতৰি যাব লগা হৈছিল। তেতিয়াৰ পৰাই ইমৰানে দেশত তেওঁৰ সমৰ্থন বৃদ্ধি কৰিবলৈ অপ্ৰাণ চেষ্টা কৰি আহিছে। শনিবাৰে একেধৰণৰ ৰাজহুৱা সভাত তেওঁ কয়, ‘মই জানিব বিচাৰো, পাকিস্তানৰ মানুহে ভাবে নেকি যে ষড়যন্ত্ৰৰ বাবে মোৰ চৰকাৰ ভংগ হৈছে?’ তেওঁ সভাত উপস্থিত জনতালৈ হাত দাঙি এই বিবৃতিটো সমৰ্থন কৰিবলৈ কৈছিল।

পাকিস্তানৰ বৈদেশিক নীতি সন্দৰ্ভত তেওঁ কয়, ‘মই ভাৰত বিৰোধী নহয়। কোনো দেশৰ বিৰোধিতা মই নকৰো। মই সদায় শান্তি আৰু মানৱতাৰ পক্ষত। সকলো দেশৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰাখিব বিচাৰো মই। কিন্তু মই কাৰো দাসত্বক গ্ৰহণ কৰিব নোৱাৰো। কৰাচীৰ সভাত তেওঁ মুকলিকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফালে আঙুলি টোঁৱাইছে। পাকিস্তানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসত বহি থাকোতে প্ৰধানমন্ত্ৰীৰ পৰা স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰা হৈছিল বুলিও দাবী কৰে ইমৰান খানে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ