--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতীতত বহুতো মেচ জিকিছিল ইমৰান খানে। কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত মেচ ফিক্সিঙৰ সন্মুখীন হ'ব লগা হৈছিল বুলি সদৰী কৰিছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে। শনিবাৰে কৰাচীত অনুষ্ঠিত এখন বৈঠকত তেওঁ কয় যে, ‘কিছুমান বিদেশী শক্তিয়ে বিগত তিনি-চাৰি মাহ ধৰি ক্ষমতাৰ পৰা আঁতৰাবলৈ চেষ্টা কৰি আহিছিল।’ ইমৰানে ইয়াৰপূৰ্বেও এনে অভিযোগ কৰা দেখা গৈছিল। পোনপটীয়াকৈ নকলেও ইমৰানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফালেই আঙুলি টোঁৱাইছিল। ইয়াৰ সমান্তৰালকৈ তেওঁৰ দল এৰি যোৱা কিছুমান নেতা আৰু একাংশ পাকিস্তানী সাংবাদিকে তেওঁক আঁতৰাবলৈ পৰিকল্পনা কৰিছিল বুলিও বিস্ফোৰক অভিযোগ ইমৰান খানৰ।

ক্ৰিকেটৰ উদাহৰণ দাঙি ধৰি ইমৰানে কয়, ‘মই জানিছিলো যে মেচ ফিক্স কৰা হৈছে। ডেপুটী স্পিকাৰে সদৰী কৰিছিল যে,অনাস্থা প্ৰস্তাৱটো বিদেশী শক্তিৰ প্ৰভাৱত অনা হৈছিল আৰু সেই সময়ত সাংসদৰ কিনা-বেচা চলিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে অভিযোগবোৰৰ তদন্ত নকৰি আস্থা ভোট ৰখাৰ সিদ্ধান্ত লৈছিল।’ বিশ্বকাপ বিজয়ী পাকিস্তানৰ অধিনায়কে এই উচ্চতম ন্যায়ালয়ৰ এই পদক্ষেপক মেচ ফিক্সিঙৰ সৈতে তুলনা কৰিছে।

ইমৰানে আস্থা ভোট স্থগিত ৰাখিব বিচাৰিছিল, সেয়েহে পাকিস্তানৰ সভাপতি আৰিফ আলভীয়ে তেওঁৰ কথা শুনি সংসদ ভংগ কৰাৰ সিদ্ধান্ত লৈছিল। এই আইনক ‘অসাংবিধানিক’ বুলি অভিহিত কৰি দেশৰ উচ্চতম ন্যায়ালয়ে পুনৰ আস্থা ভোটৰ নিৰ্দেশ দিয়ে। সেই ভোটত পৰাজিত হোৱাৰ পাছত, ইমৰানে প্ৰধানমন্ত্ৰীৰ আসনৰ পৰা আঁতৰি যাব লগা হৈছিল। তেতিয়াৰ পৰাই ইমৰানে দেশত তেওঁৰ সমৰ্থন বৃদ্ধি কৰিবলৈ অপ্ৰাণ চেষ্টা কৰি আহিছে। শনিবাৰে একেধৰণৰ ৰাজহুৱা সভাত তেওঁ কয়, ‘মই জানিব বিচাৰো, পাকিস্তানৰ মানুহে ভাবে নেকি যে ষড়যন্ত্ৰৰ বাবে মোৰ চৰকাৰ ভংগ হৈছে?’ তেওঁ সভাত উপস্থিত জনতালৈ হাত দাঙি এই বিবৃতিটো সমৰ্থন কৰিবলৈ কৈছিল।

পাকিস্তানৰ বৈদেশিক নীতি সন্দৰ্ভত তেওঁ কয়, ‘মই ভাৰত বিৰোধী নহয়। কোনো দেশৰ বিৰোধিতা মই নকৰো। মই সদায় শান্তি আৰু মানৱতাৰ পক্ষত। সকলো দেশৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰাখিব বিচাৰো মই। কিন্তু মই কাৰো দাসত্বক গ্ৰহণ কৰিব নোৱাৰো। কৰাচীৰ সভাত তেওঁ মুকলিকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফালে আঙুলি টোঁৱাইছে। পাকিস্তানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসত বহি থাকোতে প্ৰধানমন্ত্ৰীৰ পৰা স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰা হৈছিল বুলিও দাবী কৰে ইমৰান খানে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ