--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইকেইদিন সকলোতে কেৱল মনালিছাৰ চৰ্চা। ইণ্টাৰনেটত বিচৰণ কৰিলেই মনালিছাৰ ফটো, ভিডিঅ’ই মানুহৰ চকুত চানি ধৰেহি। মনালিছাৰ দুচকুৰ মায়াই সকলোকে সন্মোহিত কৰিছে। বৰ্তমান সময়ৰ ইণ্টাৰনেট চেন্সেশন মনালিছা ভোছলে। মধ্যপ্ৰদেশৰ খাৰগুন জিলাৰ মহেশ্বৰৰ বাসিন্দা মনালিছাই প্ৰয়াগৰাজ মহাকুম্ভলৈ আহিছিল মালা বিক্ৰী কৰিবলৈ। পাছে ব্যৱসায়ত ভাল ফলাফল নাপালে মনালিছাই। 

মনালিছাই সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত কয় যে তেওঁৰ  ব্যৱসায় সম্পূৰ্ণ অসাৰ! মনালিছাই যোৱা ২৩ জানুৱাৰীত প্ৰয়াগৰাজৰ মহাকুম্ভৰ পৰা খাৰগোণ জিলাৰ গৃহ চহৰ মহেশ্বৰত উপস্থিত হৈছিল। ইয়াৰ পাছৰে পৰা তেওঁ কাৰোৰে চকুত ধৰা দিয়া নাই। 

যেতিয়া সংবাদ মাধ্যমৰ ব্যক্তিসকলে বাৰে বাৰে মনালিছাৰ সাক্ষাৎকাৰ ল’বলৈ আহিছিল, তেতিয়া তেওঁ আত্মগোপনেই কৰি আছিল কিন্তু সোমবাৰে এগৰাকী সাংবাদিকে মনালিছাৰ সাক্ষাৎকাৰ ল’বলৈ সক্ষম হয়। যেতিয়া তেওঁক সোধা হৈছিল যে প্ৰয়াগৰাজ মহাকুম্ভত তেওঁৰ মালা বিক্ৰীৰ ব্যৱসায় কেনেকুৱা আছিল। তেওঁ ক’লে – একেবাৰে অসাৰ। ৩৫ হাজাৰ টকা ধাৰ লৈহে ঘৰলৈ উভতি আহিব লগা হৈছে।
Monalisa News
তেওঁক ঘৰলৈ উভতি অহাৰ পিছত কেনে লাগিল বুলি সোধা প্ৰশ্নত ভাললগা বুলি উত্তৰ দিয়ে মনালিছাই। কিয় সোনকালে মহাকুম্ভ মেলাৰ পৰা ঘূৰি আহিল বুলি সোধাত তেওঁ কয় যে সংবাদ মাধ্যম আৰু জনসাধাৰণে তেওঁক বহুত হাৰাশাস্তি কৰিছিল। ভাল লাগিছিল যদিও বহুত অসুবিধাৰ সৃষ্টি কৰিছিল। লগতে তেওঁ অলপ অসুস্থও অনুভৱ কৰিছিল। চিনেমাত কাম কৰাৰ সন্দৰ্ভত মনালিছাই কয় যে যদি মা আৰু দেউতাই অনুমতি দিয়ে তেন্তে মই চিনেমাত কাম কৰিম।
Mahakumbh Ki Monalisa' Gets Makeover, Garland Seller-Turned-Viral Sensation  For Dusky Skin Beauty Captured Getting Hair and Makeup Done in New Video  (Watch) | ???? LatestLY
তেওঁৰ পিতৃ জয়সিংহ ভোছলেই কয় যে প্ৰয়াগৰাজত মনালিছাই বহুত মৰম পাইছিল যদিও বহুত বিপদৰো সন্মুখীন হৈছিল। কৰ্তৃপক্ষৰ পৰাও নিৰাপত্তাৰ নিশ্চয়তা আহিছিল যদিও মনালিছা গোটেই দিনটো ভিতৰত বহি থাকিব লগা হৈছিল আৰু অসুস্থতাৰ বাবে তেওঁক ঘৰলৈ ঘূৰাই আনিবলগীয়া হৈছিল। ডাক্তৰক দেখালোঁ, এতিয়া ভালেই আছে। ফিল্ম অফাৰৰ সন্দৰ্ভত তেওঁ কয় যে মহেশ্বৰলৈ এজন ফিল্ম প্ৰযোজক আহিব। পৰিয়াল আৰু বয়োজ্যেষ্ঠসকলে এই সন্দৰ্ভত যি কয় আমি সেয়াই কৰিম। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ