--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইকেইদিন সকলোতে কেৱল মনালিছাৰ চৰ্চা। ইণ্টাৰনেটত বিচৰণ কৰিলেই মনালিছাৰ ফটো, ভিডিঅ’ই মানুহৰ চকুত চানি ধৰেহি। মনালিছাৰ দুচকুৰ মায়াই সকলোকে সন্মোহিত কৰিছে। বৰ্তমান সময়ৰ ইণ্টাৰনেট চেন্সেশন মনালিছা ভোছলে। মধ্যপ্ৰদেশৰ খাৰগুন জিলাৰ মহেশ্বৰৰ বাসিন্দা মনালিছাই প্ৰয়াগৰাজ মহাকুম্ভলৈ আহিছিল মালা বিক্ৰী কৰিবলৈ। পাছে ব্যৱসায়ত ভাল ফলাফল নাপালে মনালিছাই। 

মনালিছাই সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত কয় যে তেওঁৰ  ব্যৱসায় সম্পূৰ্ণ অসাৰ! মনালিছাই যোৱা ২৩ জানুৱাৰীত প্ৰয়াগৰাজৰ মহাকুম্ভৰ পৰা খাৰগোণ জিলাৰ গৃহ চহৰ মহেশ্বৰত উপস্থিত হৈছিল। ইয়াৰ পাছৰে পৰা তেওঁ কাৰোৰে চকুত ধৰা দিয়া নাই। 

যেতিয়া সংবাদ মাধ্যমৰ ব্যক্তিসকলে বাৰে বাৰে মনালিছাৰ সাক্ষাৎকাৰ ল’বলৈ আহিছিল, তেতিয়া তেওঁ আত্মগোপনেই কৰি আছিল কিন্তু সোমবাৰে এগৰাকী সাংবাদিকে মনালিছাৰ সাক্ষাৎকাৰ ল’বলৈ সক্ষম হয়। যেতিয়া তেওঁক সোধা হৈছিল যে প্ৰয়াগৰাজ মহাকুম্ভত তেওঁৰ মালা বিক্ৰীৰ ব্যৱসায় কেনেকুৱা আছিল। তেওঁ ক’লে – একেবাৰে অসাৰ। ৩৫ হাজাৰ টকা ধাৰ লৈহে ঘৰলৈ উভতি আহিব লগা হৈছে।
Monalisa News
তেওঁক ঘৰলৈ উভতি অহাৰ পিছত কেনে লাগিল বুলি সোধা প্ৰশ্নত ভাললগা বুলি উত্তৰ দিয়ে মনালিছাই। কিয় সোনকালে মহাকুম্ভ মেলাৰ পৰা ঘূৰি আহিল বুলি সোধাত তেওঁ কয় যে সংবাদ মাধ্যম আৰু জনসাধাৰণে তেওঁক বহুত হাৰাশাস্তি কৰিছিল। ভাল লাগিছিল যদিও বহুত অসুবিধাৰ সৃষ্টি কৰিছিল। লগতে তেওঁ অলপ অসুস্থও অনুভৱ কৰিছিল। চিনেমাত কাম কৰাৰ সন্দৰ্ভত মনালিছাই কয় যে যদি মা আৰু দেউতাই অনুমতি দিয়ে তেন্তে মই চিনেমাত কাম কৰিম।
Mahakumbh Ki Monalisa' Gets Makeover, Garland Seller-Turned-Viral Sensation  For Dusky Skin Beauty Captured Getting Hair and Makeup Done in New Video  (Watch) | ???? LatestLY
তেওঁৰ পিতৃ জয়সিংহ ভোছলেই কয় যে প্ৰয়াগৰাজত মনালিছাই বহুত মৰম পাইছিল যদিও বহুত বিপদৰো সন্মুখীন হৈছিল। কৰ্তৃপক্ষৰ পৰাও নিৰাপত্তাৰ নিশ্চয়তা আহিছিল যদিও মনালিছা গোটেই দিনটো ভিতৰত বহি থাকিব লগা হৈছিল আৰু অসুস্থতাৰ বাবে তেওঁক ঘৰলৈ ঘূৰাই আনিবলগীয়া হৈছিল। ডাক্তৰক দেখালোঁ, এতিয়া ভালেই আছে। ফিল্ম অফাৰৰ সন্দৰ্ভত তেওঁ কয় যে মহেশ্বৰলৈ এজন ফিল্ম প্ৰযোজক আহিব। পৰিয়াল আৰু বয়োজ্যেষ্ঠসকলে এই সন্দৰ্ভত যি কয় আমি সেয়াই কৰিম। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান