--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰে’ল সেৱাত এক গুৰুত্বপূৰ্ণ সংযোজন বন্দে ভাৰত ৰে’ল সেৱা৷এক নজিৰ সৃষ্টিৰে বিশ্বৰ উচ্চতম ৰে’লৱে সেতুৰে পাৰ হ’ল বন্দে ভাৰত এক্সপ্ৰেছ। বন্দে ভাৰত এক্সপ্ৰেছৰ পৰীক্ষামূলক চলাচল সম্পন্ন হয় জম্মু-কাশ্মীৰৰ চেনাব ৰে’ল দলঙেৰে। বন্দে ভাৰত এক্সপ্ৰেছ বৈষ্ণো দেৱী কাটৰা ষ্টেচনৰ পৰা শ্ৰীনগৰলৈ চলে। কেৱল বিশ্বৰ উচ্চতম ৰে’ল সেতুৰেই নহয়, দেশৰ প্ৰথমখন কেবল-দলং আঞ্জি খাদৰ ওপৰেৰেও পাৰ হৈ যায় দ্ৰুতবেগী বন্দে ভাৰত এক্সপ্ৰেছ।

উল্লেখ্য যে পুৱা ৮ বজাত কাটৰা ষ্টেচনৰ পৰা ৰাওনা হয় ট্ৰেইনখন। দিনৰ প্ৰায় ১১ বজাত শ্ৰীনগৰত উপস্থিত হয় বন্দে ভাৰত এক্সপ্ৰেছ। প্ৰায় ৩ ঘন্টা সময়ৰ ভিতৰত প্ৰায় ১৬০ কিঃমিঃ পথ যাত্ৰা অতিক্ৰম কৰে বন্দে ভাৰত এক্সপ্ৰেছ৷ 

জম্মু-কাশ্মীৰৰ প্ৰতিকূল বতৰৰ বাবে ৰে’ল সেৱাত ব্যাহত কৰিলেও বন্দে ভাৰত এক্সপ্ৰেছৰ চলালচত কোনো প্ৰভাৱ নহৰে প্ৰতিকূল বতৰৰ৷ কিয়নো জম্মু-কাশ্মীৰৰ পৰিৱৰ্তিত বতৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই বন্দে ভাৰত এক্সপ্ৰেছ তৈয়াৰ কৰা হৈছে। তাপমান -৩০ ডিগ্ৰী চেলছিয়াছো হ’লেও কোনো প্ৰভাৱ নপৰে বন্দে ভাৰত এক্সপ্ৰেছত। আৰু চৌদিশ বৰফেৰে আবৃত হ’লেও ৰে’লৰ পথত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয় বুলি উল্লেখ কৰে।

সফলতাৰে সম্পন্ন হৈছে বন্দে ভাৰত এক্সপ্ৰেছৰ পৰীক্ষামূলক চলাচল।আৱষ্যে যাত্ৰীৰ বাবে কেতিয়াৰ পৰা বন্দে ভাৰত এক্সপ্ৰেছ যাত্ৰীসকলৰ বাবে মুকলি হ’ব সেয়া এতিয়াও থিৰাং হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান