--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলাৰ পৰা আহিছে দুঃখবৰ। জানিব পৰা মতে, ত্ৰিবেণী সংগমস্থলীত হঠাৎ জনসমাগম বৃদ্ধিৰ বাবে দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত  প্ৰায় ৩০ জনলোকৰ মৃত্যু হোৱা উপৰি বহু লোক আঘাট প্ৰাপ্ত হৈছে বুলি আশংকা কৰা হৈছে। ইতিমধ্যে চিকিৎসালয়ত আহতসকলক চিকিৎসা প্ৰদান কৰিথকা হৈছে। আৰু ২৯ জানুৱাৰীৰ বাবে ‘অমৃত স্নান’ বাতিল কৰা হৈছে বুলি জানিব পৰা জানিব পৰা গৈছে।

প্ৰাপ্ত খবৰ অনুসৰি ২৯ জানুৱাৰীৰ পুৱতি নিশা ত্ৰিবেনী সংগমস্থলীত এই দুৰ্ঘটনা সংঘটিত হয়। সেই স্থানত একেলগে বহু লোক পদপিষ্টহৈ বাগৰি পৰে। এই পৰ্যন্ত ৩০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰিতে আৰু ৬০ জনলোক আঘাট প্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। মৌনি অমৱস্যাৰ এদিন আগেয়ে মেলাত বিপুল জনসমাগমৰ পৰিলক্ষিত হয়।

দুৰ্ঘটনাৰ এদিন পূৰ্বে অৰ্থাৎ ২৮ জানুৱাৰীত কৰ্তৃপক্ষই জনসমাগমৰ সন্দৰ্ভত কিছু নিৰ্দেশনা জাৰি কৰিছিল। তেওঁলোকে তীৰ্থযাত্ৰীসকলক সংগম ঘাটলৈ যাবলৈ নিৰ্দিষ্ট লেন ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল। গম ঘাট পোৱাৰ সময়ত নিজৰ লেনত থকাকে ধৰি পবিত্ৰ স্নানৰ পিছত বেছি সময় ঘাটত ৰৈ নাথাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।

শেহতীয়াকৈ পোৱা তথ্য অনুসৰি হাইলাকান্দিৰ শ্ৰীনীতি পল নামৰ ৬৪ বছৰীয়া ব্যক্তিজনে প্ৰয়াগৰাজৰ মহাকুম্ভমেলাত আজি দুৰ্ভাগ্যজনকভাৱে পদপিষ্ট হৈ মৃত্যুবৰণ কৰে। এই দুৰ্ভাগ্যজনক ঘটনাটোত অসম চৰকাৰে গভীৰ দুখ প্ৰকাশ কৰিছে আৰু মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰি পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে৷ অসম চৰকাৰে তেখেতৰ নিকটাত্মীয়ক ৫ লাখ ক্ষতিপূৰণ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ব্যক্তিজনৰ মৃতদেহ ঘৰলৈ ঘূৰাই অনাৰ বাবে পৰিয়াল আৰু কৰ্তৃপক্ষৰ সৈতে অসম চৰকাৰে যোগাযোগ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷ 
  
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা কুম্ভ মেলাত এতিয়ালৈকে প্ৰায় ১৫ কোটি লোক উপস্থিত হৈছে। আজি প্ৰায় ১০ কোটি লোক মহাকুম্ভত উপস্থিত হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ