--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মন গ’লেই থাকিব নোৱাৰিব ‘লিভ-ইন’ত৷ ভাৰতৰ এখন ৰাজ্যই বান্ধি দিলে নিয়ম৷ ৰাজস্থান উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠে ৰাজ্য চৰকাৰক লিভ-ইন সম্পৰ্ক পঞ্জীয়ন কৰিবলৈ পৰ্টেল আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। কেইবাটাও লিভ-ইন দম্পতীৰ আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ অনুপ কুমাৰ ধনে কয় যে যেতিয়ালৈকে এনে আইন প্ৰণয়ন নহয় তেতিয়ালৈকে লিভ-ইন ৰিলেচনশ্বিপৰ গোচৰ যোগ্য কৰ্তৃপক্ষ/ট্ৰিবিউনেলত পঞ্জীয়ন কৰিব লাগিব। আবেদনসমূহত লিভ-ইন দম্পতীয়ে নিৰাপত্তা প্ৰদানৰ বাবে অনুৰোধ জনাইছিল।

বিচাৰপীঠে কয় যে বহু দম্পতীয়ে লিভ-ইন ৰিলেচনশ্বিপত বাস কৰি আছে আৰু তেওঁলোকৰ সম্পৰ্কক গ্ৰহণ নকৰাৰ বাবে পৰিয়াল আৰু সমাজৰ অন্যান্য লোকৰ পৰা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। আধুনিকতাৰ নামত লিভ-ইন ৰিলেচনশ্বিপ আকৰ্ষণীয় যেন লাগিব পাৰে, কিন্তু বাস্তৱত ইয়াৰ ফলত বহু সমস্যাৰ সৃষ্টি হয়। লগতে লিভ-ইন ৰিলেচনশ্বিপ বহুত প্ৰত্যাহ্বানমূলক। এনে সম্পৰ্কত নাৰীৰ মৰ্যাদা কেতিয়াও পত্নীৰ দৰে নহয় আৰু দুয়োৰে সামাজিক স্থিতিও নিম্নগামী হয়। সমাজে সহজে গ্ৰহণ নকৰে। লগতে লিভ-ইন ৰিলেচনশ্বিপত থকা বেছিভাগ সম্পৰ্কই বিবাহৰ ৰূপ পোৱাৰ আগতেই ভাঙি যায়, আনকি বহু অঘটনো ঘটা দেখিবলৈ পোৱা যায়। 

ইয়াৰ বাহিৰেও বিচাৰপীঠে কয় যে ৰাজস্থানৰ প্ৰতিখন জিলাতে লিভ-ইন ৰিলেচনশ্বিপৰ পঞ্জীয়নৰ বিষয়টো চোৱাচিতা কৰিবলৈ এনে এখন কমিটী গঠন কৰিব লাগে যিয়ে এনে দম্পতীৰ অভিযোগৰ প্ৰতি গুৰুত্ব দিব আৰু সেইবোৰৰ সমাধান কৰিব। এই ক্ষেত্ৰত এটা ৱেবছাইট বা ৱেব পৰ্টেল আৰম্ভ কৰিব লাগে, যাতে এনে সম্পৰ্কৰ বাবে উদ্ভৱ হোৱা সমস্যাসমূহ সমাধান কৰিব পৰা যায়।

এতিয়াৰে পৰা ৰূম এটা ভাড়া কৰি মন গ’লেই কোনেও লিভ-ইনত থাকিব নোৱাৰিব তাৰ আগতে চৰকাৰে স্থাপন কৰা যোগ্য পৰ্টেলত  কৰি ল’ব লাগিব পঞ্জীয়ন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ