--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মন গ’লেই থাকিব নোৱাৰিব ‘লিভ-ইন’ত৷ ভাৰতৰ এখন ৰাজ্যই বান্ধি দিলে নিয়ম৷ ৰাজস্থান উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠে ৰাজ্য চৰকাৰক লিভ-ইন সম্পৰ্ক পঞ্জীয়ন কৰিবলৈ পৰ্টেল আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। কেইবাটাও লিভ-ইন দম্পতীৰ আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ অনুপ কুমাৰ ধনে কয় যে যেতিয়ালৈকে এনে আইন প্ৰণয়ন নহয় তেতিয়ালৈকে লিভ-ইন ৰিলেচনশ্বিপৰ গোচৰ যোগ্য কৰ্তৃপক্ষ/ট্ৰিবিউনেলত পঞ্জীয়ন কৰিব লাগিব। আবেদনসমূহত লিভ-ইন দম্পতীয়ে নিৰাপত্তা প্ৰদানৰ বাবে অনুৰোধ জনাইছিল।

বিচাৰপীঠে কয় যে বহু দম্পতীয়ে লিভ-ইন ৰিলেচনশ্বিপত বাস কৰি আছে আৰু তেওঁলোকৰ সম্পৰ্কক গ্ৰহণ নকৰাৰ বাবে পৰিয়াল আৰু সমাজৰ অন্যান্য লোকৰ পৰা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। আধুনিকতাৰ নামত লিভ-ইন ৰিলেচনশ্বিপ আকৰ্ষণীয় যেন লাগিব পাৰে, কিন্তু বাস্তৱত ইয়াৰ ফলত বহু সমস্যাৰ সৃষ্টি হয়। লগতে লিভ-ইন ৰিলেচনশ্বিপ বহুত প্ৰত্যাহ্বানমূলক। এনে সম্পৰ্কত নাৰীৰ মৰ্যাদা কেতিয়াও পত্নীৰ দৰে নহয় আৰু দুয়োৰে সামাজিক স্থিতিও নিম্নগামী হয়। সমাজে সহজে গ্ৰহণ নকৰে। লগতে লিভ-ইন ৰিলেচনশ্বিপত থকা বেছিভাগ সম্পৰ্কই বিবাহৰ ৰূপ পোৱাৰ আগতেই ভাঙি যায়, আনকি বহু অঘটনো ঘটা দেখিবলৈ পোৱা যায়। 

ইয়াৰ বাহিৰেও বিচাৰপীঠে কয় যে ৰাজস্থানৰ প্ৰতিখন জিলাতে লিভ-ইন ৰিলেচনশ্বিপৰ পঞ্জীয়নৰ বিষয়টো চোৱাচিতা কৰিবলৈ এনে এখন কমিটী গঠন কৰিব লাগে যিয়ে এনে দম্পতীৰ অভিযোগৰ প্ৰতি গুৰুত্ব দিব আৰু সেইবোৰৰ সমাধান কৰিব। এই ক্ষেত্ৰত এটা ৱেবছাইট বা ৱেব পৰ্টেল আৰম্ভ কৰিব লাগে, যাতে এনে সম্পৰ্কৰ বাবে উদ্ভৱ হোৱা সমস্যাসমূহ সমাধান কৰিব পৰা যায়।

এতিয়াৰে পৰা ৰূম এটা ভাড়া কৰি মন গ’লেই কোনেও লিভ-ইনত থাকিব নোৱাৰিব তাৰ আগতে চৰকাৰে স্থাপন কৰা যোগ্য পৰ্টেলত  কৰি ল’ব লাগিব পঞ্জীয়ন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post