--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৩ জানুৱাৰীৰ পৰা প্ৰয়াগৰাজত আৰম্ভ হৈছে মহাকুম্ভমেলা৷ দেশ-বিদেশৰ অগণন ভক্তই ভিৰ কৰিছেহি কুম্ভমেলাত৷ মহাকুম্ভ মেলাত কোটি কোটি ভক্তই সংগমত ডুব মাৰি স্নান কৰিছে। 

প্ৰায় ডেৰ মাহ ধৰি চলিবলগীয়া মহাকুম্ভত বৃহৎ সংখ্যক ঋষি, সন্ত আৰু বাবা উপস্থিত হৈছেহি। ইয়াৰে এগৰাকী ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে। তেওঁৰ নাম অভয় সিং। ২০০৮ চনত মুম্বাইৰ আই আই টিৰ পৰা ইঞ্জিনীয়াৰিং কৰা অভয় সিঙে এতিয়া সাংসাৰিক মায়া-মোহৰ পৰা আঁতৰি বাবা হৈ জীৱনৰ সত্যতা জনাৰ দিশত আগবাঢ়িছে। তেওঁক এতিয়া মানুহে আইআইটি বাবা বুলি মাতিবলৈ লৈছে। 

অভয় সিঙে আধ্যাত্মিকতাত জড়িত হৈ জীৱনৰ সৰ্বোচ্চ শান্তি লাভ কৰা বুলি অনুভৱ ব্যক্ত কৰিছে। তেওঁ কয় যে আধ্যাত্মিকতাৰে তেওঁৰ জীৱনৰ বাটত অহা প্ৰতিটো বাধা আঁতৰাই পেলাব বিচাৰে। পৰিয়ালৰ সৈতেও সম্পৰ্ক বিচিন্ন কৰিছে অভয় সিঙে।

অভয় সিঙে কৈছে যে তেওঁ এসময়ত হতাশাৰ বলি হৈছিল। মাজতে তেওঁ তীব্ৰ বিষণ্ণতাতো ভুগিছিল। তেওঁ ক'লে, "মই বৰ হতাশ হৈ পৰিছিলোঁ আৰু টোপনি অহা নাছিল। আমাৰ মনটো কি, মোৰ কিয় টোপনি অহা নাই, সেয়া বিচাৰি উলিয়াবলৈ চেষ্টা কৰি থাকিলোঁ। এই সকলোবোৰ জানিবলৈ মই মনোবিজ্ঞানো অধ্যয়ন কৰিলোঁ। পাছত ইস্কন আৰু ভগৱান কৃষ্ণৰ বিষয়েও অধ্যয়ন কৰিলোঁ। লাহে-লাহে মোৰ মনটো আধ্যাত্মিকতাৰ ফালে ঢাল খালে।"

অভয় সিঙে লগতে কয় যে মানুহে তেওঁক পাগল বুলিও গণ্য কৰিবলৈ আৰম্ভ কৰিছে। অৱশ্যে তেওঁ এই কথাত কোনো গুৰুত্ব নিদিয়ে। তেওঁ আৰু কয় যে ‘‘মই কোনো পন্থাৰ লগত জড়িত নহয়, মই আনকি সন্ন্যাসী বা সাধুও নহয়, মই মাত্ৰ পৰিত্ৰাণ লাভৰ বাবে চেষ্টা কৰিছোঁ। মই মুক্ত, মই যিকোনো কাম কৰিব পাৰো। আপোনালোকে মোক বাবা, সাধু, সন্ত বুলি নকৈ বৈৰাগী বুলি ক’ব পাৰে। মই বৈৰাগী হৈ ঈশ্বৰ ভক্তিত লীন থাকিব বিচাৰোঁ।’’

উল্লেখ্য যে আই আই টি মুম্বাইৰ পৰা এৰোস্পেচ বিষয়ত ডিগ্ৰী লাভ কৰা অভয় সিং ছ’চিয়েল মিডিয়াতো অতি সক্ৰিয়। ইনষ্টাগ্ৰামত ৪৫ হাজাৰতকৈ অধিক ফ’ল’ৱাৰ্চ আছে আৰু এই সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। অভয় হাৰিয়ানাৰ ঝজ্জাৰ জিলাৰ বাসিন্দা আৰু তেওঁ প্ৰথম প্ৰচেষ্টাতে আই আই টিৰ এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈছিল। 

অভয় সিঙে কয়- ‘‘যেতিয়া মই কানাডাত হাই পেকেজৰ মাহিলী ৩ লাখটকীয়া দৰমহাৰ চাকৰি কৰি আছিলোঁ তেতিয়া তাত মোৰ মন বহা নাছিল। তাত মাত্ৰ টকা আছে কিন্তু শান্তি নাই। সামাজিক জীৱন নাই। সকলোৱে নিজৰ মাজতে আৱদ্ধ হৈ থাকে। কোনেও কাৰো লগত কথা নাপাতে। তাত মোৰ লগত কথা পাতিবলৈ কোনো নাই। এনে জীৱনৰ কি কাম?’’

মহাকুম্ভ মেলাৰ পৰা ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছৰে পৰা মিডিয়া চেনেলসমূহে অভয় সিঙৰ সাক্ষাৎকাৰ ল’বলৈ শাৰী পাতিছে। এটা চেনেলৰ ৰিপ’ৰ্টাৰে অভয় সিঙক কৈছিল যে ‘‘আপুনি IITৰ এটা চিট এনেই খাই দিলে। কামতটো নাহিল।’’ তাৰ প্ৰত্যুত্তৰ হিচাপে অভয় সিঙে কলে- ‘‘ইয়াত IITৰ শিক্ষাও উপযোগী হৈ আছে। মই IITৰ শিক্ষাৰে শিক্ষিত, সেইবাবেইটো আপুনি ইয়াত মোৰ লগত কথা পাতিবলৈ বহি আছে।’’

অভয় সিঙে এতিয়া মহাকাশ প্ৰযুক্তিৰ গভীৰ জ্ঞান ব্যৱহাৰ কৰি কপি আৰু ডায়েগ্ৰামৰ জৰিয়তে মানুহক জীৱন আৰু আধ্যাত্মিকতাৰ গুৰুত্ব বুজাই আছে। তেওঁ কৈছে যে বিজ্ঞান কেৱল ভৌতিক জগতখনৰ ব্যাখ্যাৰ মাধ্যম, কিন্তু ইয়াৰ গভীৰ অধ্যয়নে আমাক আধ্যাত্মিকতাৰ দিশে লৈ যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ