--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভমেলা৷ ইয়াত অংশ লবলৈ দেশ-বিদেশৰ ভক্ত, সাধু, সন্ন্যাসী,বাবাসকল উপস্থিত হৈছেহি। ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহাকুম্ভমেলাৰ অন্ত পৰিব ২৬ ফেব্ৰুৱাৰীত।

মহাকুম্ভমেলাত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কিছু ঋষি-সাধুৰ অনন্য ৰূপ। ইয়াৰ ভিতৰত ভক্তসকলৰ দৃষ্টি আকৰ্ষণ কৰি থকা বাবাজন হৈছে গল্ডেন বাবা। প্ৰায় ৬ কোটি টকাৰ সোণ পৰিধান কৰি আছে গল্ডেন বাবাই। বাবাই কয় যে এই সোণৰ সাধনাৰ লগত সম্পৰ্ক আছে। তেওঁ লগতে কয় যে যদি কোনোবাই তেওঁক গোল্ডেন বাবা বুলি কয় তেন্তে তেওঁৰ কোনো আপত্তি নাই।

গল্ডেন বাবাৰ প্ৰকৃত নাম এছ কে নাৰায়ণ গিৰি জি মহাৰাজ। তেওঁ মূলতঃ কেৰালাৰ বাসিন্দা। বৰ্তমান তেওঁ দিল্লীত বাস কৰে। নিৰঞ্জনী আখৰাৰ লগত জড়িত এইজন বাবা সোণেৰে সজ্জিত অনন্য শৈলী আৰু ব্যক্তিত্বৰ বাবে কুম্ভমেলাত চৰ্চাৰ বিষয় হৈ পৰিছে।

গল্ডেন বাবাই প্ৰায় ৪ কেজি সোণ পিন্ধে, যাৰ মূল্য প্ৰায় ৬ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। বাবাৰ প্ৰতিটো মণিৰ জিলিকনি বেলেগ বেলেগ। তেওঁৰ হাতত সোণৰ আঙঠি, ব্ৰেচলেট, ঘড়ী আনকি সোণৰ লাঠিও আছে। লাঠিডালত দেৱ-দেৱীৰ লকেট লগোৱা আছে, যিবোৰ তেওঁৰ ভক্তিৰ প্ৰতীক। বাবাই কয় যে এই সোণ সাধনাৰ লগত জড়িত, আৰু প্ৰতিটো মণিৰ আধ্যাত্মিক শক্তি আছে।
महाकुंभ में मौजूद गोल्डन बाबा. (Photo: Aajtak)
৬৭ বছৰীয়া গোল্ডেন বাবাই আখাদাৰ সভাপতি ৰবীন্দ্ৰ পুৰী মহাৰাজৰ পৰা দীক্ষা লৈ নিৰঞ্জনী আখাদাত যোগদান কৰে। বাবাই শিক্ষাৰ ক্ষেত্ৰতো কাম কৰি আছে। তেওঁ কয় যে ধৰ্ম আৰু শিক্ষা দুয়োটাকে একেলগে লৈ সমাজত ইতিবাচক পৰিৱৰ্তন আনিব পৰা যায়।

বাবা য’তেই যায় তাতেই তেওঁৰ ওপৰত বিশ্বাস থকা মানুহৰ ভিৰ গোট খায়। তেওঁৰ মোবাইলটোও সোণৰ তৰপেৰে আবৃত।

বাবাই কয় যে তেওঁ কৰা সকলো কাম সাধনাৰ লগত জড়িত। তেওঁৰ সোণেৰে সজ্জিত ৰূপটো প্ৰদৰ্শনৰ বাবে নহয়। এই সোণ তেওঁৰ সাধনাৰ লগত জড়িত। ই তেওঁৰ আধ্যাত্মিক জীৱন আৰু গুৰুৰ প্ৰতি থকা ভক্তিৰ প্ৰতীক। কুম্ভমেলাত বাবাৰ ব্যক্তিত্বই সকলোকে মোহিত কৰিছে। গল্ডেন বাবাই আধ্যাত্মিকতা আৰু ভক্তিৰ বাৰ্তা বিলাই আছে মহাকুম্ভমেলাত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ