--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাহনৰ দীঘলীয়া শাৰী, ঘণ্টাৰ পিছত ঘণ্টা ধৰি অপেক্ষা ৷ প্ৰয়াগৰাজৰ মহাকুম্ভৰ বাবে অথন্তৰ যান-বাহন ব্যৱস্থা। ২৯ জানুৱাৰীত মৌনি অমৱস্যা স্নানৰ পিছত ভিৰ কিছু কমি আহিছিল যদিও ৫ ফেব্ৰুৱাৰীৰ পৰা হঠাতে ভক্তৰ সংখ্যা বৃদ্ধি পালে। ইয়াৰ বাবে প্ৰয়াগৰাজ ঘাইপথৰ পৰা সংগম ঘাটলৈ যান-জঁটৰ সৃষ্টি হৈছে। 

মহাকুম্ভলৈ যোৱা লোকসকল সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। পথত যান-জঁটৰ বাবে বিচলিত হৈ পৰিছে ৰাইজ।ইয়াকে লৈ শাসক-বিৰোধীৰ মাজত হৈছে বাক-বিতণ্ডা। এই ক্ষেত্ৰত নিজ নিজ কৰ্মীসকলক ৰাইজক সহায় কৰিবলৈ আহ্বান জনাইছে ৰাজনৈতিক দলসমূহে। ইয়াৰ মাজতে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰিছে অৱহেলাৰ অভিযোগ। তেওঁ কয়, সকলো মানুহ বিচলিত, অস্থিৰ তথা চিন্তিত হৈ পৰিছে। কিন্তু ইয়াত কোনো দায়িত্বশীল মন্ত্ৰী বা ব্যক্তি দেখা পোৱা নাই। ইফালে মেলা পথত কেইবা কিলোমিটাৰ যান-জঁটৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক মন্ত্ৰী বি এল সন্তোষে জামত আবদ্ধ হৈ থকা লোকসকলক খাদ্য আৰু পানী যোগান ধৰাৰ কথা উল্লেখ কৰে।

উল্লেখযোগ্য যে ৫ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কুম্ভ স্নানৰ পিছত ভক্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পালে। যোৱা ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীত লাখ লাখ লোকে নিজৰ বাহনেৰে প্ৰয়াগৰাজ পালেহি। খবৰ অনুসৰি যোৱা তিনিদিনত প্ৰায় ১৫ লাখ বাহন মহানগৰীত প্ৰৱেশ কৰিছিল কিন্তু ইমান বৃহৎ সংখ্যক বাহন একে বেগেৰে বাহিৰলৈ ওলাই আহিব নোৱাৰিলে যাৰ ফলত যান-জঁটৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে।

প্ৰয়াগৰাজৰ সকলো পাৰ্কিং স্থান সম্পূৰ্ণ ভৰপূৰ। প্ৰায় ১৫ কিলোমিটাৰ দূৰৈৰ মহানগৰীৰ উপকণ্ঠ অঞ্চলত নিজৰ বাহন এৰি পবিত্ৰ স্নানৰ বাবে সংগমত উপস্থিত হৈছে হাজাৰ হাজাৰ ভক্তই। স্নান কৰাৰ পিছত তেওঁলোকে পুনৰ নিজৰ বাহনলৈ উভতি অহাত বহু অসুবিধাৰ সন্মুখীন হৈছে।

মহাকুম্ভত ক্ৰমাৎ বৃদ্ধি পোৱা যান-জঁটৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ সক্ৰিয় হৈছে। মহাকুম্ভৰ ব্যৱস্থা পৰ্যালোচনা কৰাৰ সময়ত তেওঁ বিষয়াসকলক কঠোৰ নিৰ্দেশ দিয়ে যে মাঘী পূৰ্ণিমাত স্নান কৰাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে আৰু প্ৰয়াগৰাজত কোনো ধৰণৰ যান-জঁট হ’ব নালাগে। মেলা চৌহদত অকৰ্তৃত্বশীল যান-বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ সমান্তৰালকৈ ভক্তৰ সুবিধাৰ্থে শ্বাটল বাছৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ লগতে যিকোনো ৰেল ষ্টেচনত জনসমাগম ৰোধ কৰাৰ বাবেও কঠোৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে যাতে যাতায়ত ব্যৱস্থা সুকলমে থাকে।

মহাকুম্ভত যান-বাহন আৰু ভিৰ নিয়ন্ত্ৰণৰ বাবে ২৮ জন এডিএম আৰু এছডিএম পৰ্যায়ৰ বিষয়াৰ এটা বিশেষ দল নিয়োগ কৰা হৈছে। কোনো ভক্তক কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলৈ দিয়া নহ’ব বুলি প্ৰশাসনৰ দাবী।

প্ৰচণ্ড যান-জঁটৰ মাজতে আজিৰে পৰা আৰম্ভ হৈছে মাঘী পূৰ্ণিমাৰ পবিত্ৰ স্নান। দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হ’ব পূৰ্ণিমাৰ তাৰিখ বুধবাৰ (১২ ফেব্ৰুৱাৰী) পৰ্যন্ত চলিব। প্ৰচণ্ড জনসমাগমৰ বাবে প্ৰয়াগৰাজকে ধৰি অন্যান্য চহৰতো যাতায়ত ব্যৱস্থা ক্ষতিগ্ৰস্ত হৈছে।

মহা কুম্ভৰ বাবেই প্ৰয়াগৰাজলৈ যোৱা ৰে’লবোৰত বিপুল ভিৰ। ৰেল’ত আসনৰ অভাৱৰ বাবে বহু ঠাইত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হ’ল। মধুবনীত ক্ষুব্ধ যাত্ৰীসকলে ৰে’লৰ দবাৰ গ্লাছ ভাঙি পেলোৱাৰ বিপৰীতে নাৱাদাৰ পৰাও হুলস্থুল আৰু কাজিয়াৰ খবৰ পোহৰলৈ আহিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ