--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেৰিছ এআই সন্মিলনত ভাগ ল’বলৈ ফ্ৰান্সত উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ এই সন্মিলন ভাৰতৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে কূটনৈতিক মহলত ৷


বিশ্বৰ ৯০ ৰাষ্ট্ৰই অংশগ্ৰহণ কৰা এই পেৰিছ  এআই সন্মিলনৰ উপাধ্যক্ষ হ’ব প্ৰধানমন্ত্ৰী মোদী ৷ এই সন্মিলনত এআইক লৈ প্ৰস্তুত কৰা হ’ব কিছু নীতি-নিৰ্দেশনা, এআইৰ বিকাশ আৰু প্ৰত্যাহ্বান সন্দৰ্ভতো আলোচনা কৰা হ’ব পেৰিছত অনুষ্ঠিত এই সন্মিলনত ৷

কিন্তু ভাৰতৰ বাবে পেৰিছ এআই সন্মিলন কিয় গুৰুত্বপূৰ্ণ? 

এই সন্মিলনত উপাধ্যক্ষতা কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এআইৰ ক্ষেত্ৰত বিশ্বৰ চতুৰ্থ স্থানত ভাৰত ৷ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে মানৱ সমাজৰ বিকাশ সাধন কৰাই হৈছে ভাৰতৰ মূলমন্ত্ৰ ৷ এআইৰ অপব্যৱহাৰ প্ৰতিৰোধ কৰাটো অগ্ৰাধিকাৰ দিব ভাৰতে ৷


ফ্ৰান্স ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হ’ব আমেৰিকাত ৷ ড'নাল্ড ট্ৰাম্পৰ সৈতে ভাৰত আমেৰিকাৰ সম্পৰ্ক শক্তিশালী কৰাৰ লগতে এআইকলৈ বিভিন্ন চৰ্চা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে, যাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ ফ্ৰান্স আৰু আমেৰিকা ভ্ৰমণ অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হৈছে ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post