--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি মহাশিৱৰাত্ৰি। শিৱক উপাসনা কৰিলে অলপতে সন্তুষ্ট হয়। কিন্তু শিৱ যেনেকৈ অলপতে তুষ্ট হয় ঠিক তেনেকৈ তেওঁ অলপতে ৰুষ্টও হয়। গতিকে শিৱক উপাসনা কৰোতে সাৱধান হওক। আপুনি জানেনে যে শিৱ বা শিৱলিংগত কেতিয়াও কিছুমান বস্তু আগবঢ়াব নালাগে। আহক জানো শিৱ পূজাত কি কি বস্তু নিষিদ্ধ। ১)ভঙা চাউল: ভগৱান শিৱক কেতিয়াও ভঙা চাউল আগনবঢ়াব। শাস্ত্ৰ অনুসৰি ভঙা চাউল অসম্পূৰ্ণ আৰু অপৰিষ্কাৰ সেয়েহে সদায়ে সঠিক চাউল প্ৰদান কৰিব লাগে যাক অক্ষত চাউল বুলি কোৱা হয়। ২)সেন্দুৰঃ শিৱক উপাসনা কৰোতে কেতিয়াও সেন্দুৰ ব্যৱহাৰ নকৰিব। যিহেতু ভগৱান শিৱ এজন বৈৰাগী, সেয়ে তেওঁ সেন্দুৰ ভাল নাপায়। বাবা ভোলেনাথক চন্দনৰ ফোঁট দিয়াটো শুভ বুলি গণ্য কৰা হয়। ৩)নাৰিকল: শিৱলিংগত নাৰিকল আগবঢ়োৱা নিষিদ্ধ। শাস্ত্ৰ অনুসৰি নাৰিকলক দেৱী লক্ষ্মীৰ প্ৰতীক বুলি গণ্য কৰা হয়। দেৱী লক্ষ্মী ভগৱান বিষ্ণুৰ সৈতে সম্পৰ্কিত সেয়েহে ভগৱান শিৱক কেতিয়াও নাৰিকল আগবঢ়োৱা নহয়। ৪)শংখঃ ভগৱান শিৱৰ উপাসনাত শংখৰ কেতিয়াও ব্যৱহাৰ কৰা নহয়। শংখচূড় নামৰ এজন অসুৰ ভগৱান বিষ্ণুৰ ভক্ত আছিল, যাক ভগৱান শিৱই হত্যা কৰিছিল। শংখক শংখচূড়ৰ প্ৰতীক বুলি গণ্য কৰা হয়, এইকাৰণেই ভগৱান শিৱৰ উপাসনাৰ সময়ত শংখ ব্যৱহাৰ কৰা নহয়। ৫)কেতেকী ফুলঃ মহাদেৱৰ পূজাত কেতকীৰ ফুল ব্যৱহাৰ কৰা নহয়। মহাদেৱে কেতেকী ফুলক অভিশাপ দিছিল যে কেতকীৰ ফুল তেওঁৰ উপাসনাত কেতিয়াও গ্ৰহণ কৰা নহ'ব। ইয়াৰ বাহিৰেও ৰঙা ৰঙৰ ফুলো মহাদেৱক আগবঢ়াব নালাগে। ৬)তুলসীঃ তুলসী পূৰ্বৰ জন্মত বৃন্দা আছিল। তেওঁৰ স্বামীৰ নাম আছিল জলন্ধৰ। জলন্ধৰক শিৱজীয়ে বধ কৰিছিল, তাৰপাছত তুলসীয়ে নিজকে মহাদেৱৰ উপাসনাত অন্তৰ্ভুক্ত কৰিবলৈ অস্বীকাৰ কৰিছিল। তেতিয়াৰ পৰা আজিলৈকে মহাদেৱৰ উপাসনাত তুলসী ব্যৱহাৰ কৰা নহয়। ৭)হালধিঃ মহাদেৱৰ পূজাত কেতিয়াও হালধি ব্যৱহাৰ কৰা নহয়। মহাদেৱ এজন বৈৰাগী আৰু তেওঁ কপালত ছাই-ভস্ম লগায় ৰাখে। গতিকে হালধি ব্যৱহাৰ নিষিদ্ধ। উল্লেখ্য যে আজি মন্দিৰলৈ যাওঁতে বা ঘৰতো ক'লা কাপোৰ পৰিধান নকৰিব। আজিৰ দিনটোত ক'লা কাপোৰ পিন্ধিলে শিৱ হ'ব ৰুষ্ট। আৰু পঢ়কঃ মহাশিৱৰাত্ৰিত কেনে যাব আপোনাৰ দিনটো…চাওঁ আহক ৰাশিফল

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে