--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি মহাশিৱৰাত্ৰি। শিৱক উপাসনা কৰিলে অলপতে সন্তুষ্ট হয়। কিন্তু শিৱ যেনেকৈ অলপতে তুষ্ট হয় ঠিক তেনেকৈ তেওঁ অলপতে ৰুষ্টও হয়। গতিকে শিৱক উপাসনা কৰোতে সাৱধান হওক। আপুনি জানেনে যে শিৱ বা শিৱলিংগত কেতিয়াও কিছুমান বস্তু আগবঢ়াব নালাগে। আহক জানো শিৱ পূজাত কি কি বস্তু নিষিদ্ধ। ১)ভঙা চাউল: ভগৱান শিৱক কেতিয়াও ভঙা চাউল আগনবঢ়াব। শাস্ত্ৰ অনুসৰি ভঙা চাউল অসম্পূৰ্ণ আৰু অপৰিষ্কাৰ সেয়েহে সদায়ে সঠিক চাউল প্ৰদান কৰিব লাগে যাক অক্ষত চাউল বুলি কোৱা হয়। ২)সেন্দুৰঃ শিৱক উপাসনা কৰোতে কেতিয়াও সেন্দুৰ ব্যৱহাৰ নকৰিব। যিহেতু ভগৱান শিৱ এজন বৈৰাগী, সেয়ে তেওঁ সেন্দুৰ ভাল নাপায়। বাবা ভোলেনাথক চন্দনৰ ফোঁট দিয়াটো শুভ বুলি গণ্য কৰা হয়। ৩)নাৰিকল: শিৱলিংগত নাৰিকল আগবঢ়োৱা নিষিদ্ধ। শাস্ত্ৰ অনুসৰি নাৰিকলক দেৱী লক্ষ্মীৰ প্ৰতীক বুলি গণ্য কৰা হয়। দেৱী লক্ষ্মী ভগৱান বিষ্ণুৰ সৈতে সম্পৰ্কিত সেয়েহে ভগৱান শিৱক কেতিয়াও নাৰিকল আগবঢ়োৱা নহয়। ৪)শংখঃ ভগৱান শিৱৰ উপাসনাত শংখৰ কেতিয়াও ব্যৱহাৰ কৰা নহয়। শংখচূড় নামৰ এজন অসুৰ ভগৱান বিষ্ণুৰ ভক্ত আছিল, যাক ভগৱান শিৱই হত্যা কৰিছিল। শংখক শংখচূড়ৰ প্ৰতীক বুলি গণ্য কৰা হয়, এইকাৰণেই ভগৱান শিৱৰ উপাসনাৰ সময়ত শংখ ব্যৱহাৰ কৰা নহয়। ৫)কেতেকী ফুলঃ মহাদেৱৰ পূজাত কেতকীৰ ফুল ব্যৱহাৰ কৰা নহয়। মহাদেৱে কেতেকী ফুলক অভিশাপ দিছিল যে কেতকীৰ ফুল তেওঁৰ উপাসনাত কেতিয়াও গ্ৰহণ কৰা নহ'ব। ইয়াৰ বাহিৰেও ৰঙা ৰঙৰ ফুলো মহাদেৱক আগবঢ়াব নালাগে। ৬)তুলসীঃ তুলসী পূৰ্বৰ জন্মত বৃন্দা আছিল। তেওঁৰ স্বামীৰ নাম আছিল জলন্ধৰ। জলন্ধৰক শিৱজীয়ে বধ কৰিছিল, তাৰপাছত তুলসীয়ে নিজকে মহাদেৱৰ উপাসনাত অন্তৰ্ভুক্ত কৰিবলৈ অস্বীকাৰ কৰিছিল। তেতিয়াৰ পৰা আজিলৈকে মহাদেৱৰ উপাসনাত তুলসী ব্যৱহাৰ কৰা নহয়। ৭)হালধিঃ মহাদেৱৰ পূজাত কেতিয়াও হালধি ব্যৱহাৰ কৰা নহয়। মহাদেৱ এজন বৈৰাগী আৰু তেওঁ কপালত ছাই-ভস্ম লগায় ৰাখে। গতিকে হালধি ব্যৱহাৰ নিষিদ্ধ। উল্লেখ্য যে আজি মন্দিৰলৈ যাওঁতে বা ঘৰতো ক'লা কাপোৰ পৰিধান নকৰিব। আজিৰ দিনটোত ক'লা কাপোৰ পিন্ধিলে শিৱ হ'ব ৰুষ্ট। আৰু পঢ়কঃ মহাশিৱৰাত্ৰিত কেনে যাব আপোনাৰ দিনটো…চাওঁ আহক ৰাশিফল

FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ