--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ অধ্যক্ষ জয় শ্বাহে গ্ৰহণ কৰিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আইচিচিৰ অধ্যক্ষ পদ গ্ৰহণ কৰিছে। নিউজিলেণ্ডৰ গ্ৰেগ বাৰ্কলেৰ কাৰ্যকালৰ অন্তত জয় শ্বাহ এই পদত অধিস্থিত হয়৷ ৩৬ বছৰ বয়সত এই পদবী লাভ কৰি জয় শ্বাহ আইচিচিৰ আটাইতকৈ কম বয়সীয়া অধ্যক্ষ হিচাপে পৰিগণিত হৈছে।

ছ’চিয়েল মিডিয়াত দিয়া আইচিচিৰ এটা পোষ্টত এই তথ্য প্ৰদান কৰি লিখিছে যে আই চি চিৰ অধ্যক্ষ হিচাপে জয় শ্বাহৰ কাৰ্যকাল আৰম্ভ হোৱাৰ লগে লগে বিশ্ব ক্ৰিকেটৰ এক নতুন অধ্যায় আৰম্ভ হৈছে। দায়িত্ব গ্ৰহণ কৰাৰ পিছত শ্বাহে ক্ৰিকেটৰ বিভিন্ন ফৰ্মেটৰ প্ৰচাৰ তথ মহিলা ক্ৰিকেটক আৰু অধিক ক্ষীপ্ৰতাৰে প্ৰসাৰ প্ৰকৰাটো আমাৰ অগ্ৰাধিকাৰ বুলি মন্তব্য কৰে৷

আইচিচিৰ আধক্ষ্যৰ পদৰ বাবে নিৰ্বাচিত কৰাৰ বাবে পৰিচালনা সমিতি আৰু সদস্যসকলৰ সমৰ্থন আৰু আস্থাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।আৰু লগতে কয় বিশ্ব ক্ৰিকেটত অপৰিসীম সম্ভাৱনা আছে, ক্ৰিকেটক এক নতুন উচ্চতালৈ লৈ যাবলৈ আগ্ৰহী।

জয় শ্বাহে এই যাত্ৰা আৰম্ভ কৰিছিল আহমেদাবাদ ক্ৰিকেট ব’ৰ্ডৰ পৰা৷ ১৫ বছৰ ধৰি সক্ৰিয় হৈ থকা পাছত ২০০৯ চনত আহমেদাবাদৰ কেন্দ্ৰীয় ক্ৰিকেট ব’ৰ্ডৰ কাৰ্যবাহী ব’ৰ্ডৰ সদস্য পদ লাভ কৰে। ২০১৩ চনৰ ছেপ্টেম্বৰত তেওঁ গুজৰাট ক্ৰিকেট সন্থাৰ যুটীয়া সম্পাদকৰ দায়িত্ব লাভ কৰে। ২০১৫ চনত বিচিচিআইৰ বিত্ত সমিতিৰ সদস্য হয়। ২০১৯ চনত প্ৰথমবাৰৰ বাবে বিচিচিআইৰ সম্পাদক হয়। 

জয় শ্বাহ ২০২১ চনত এছিয়ান ক্ৰিকেট কাউন্সিলৰ সভাপতিৰ পদত অধিস্থিত হৈছিল। ২০২৪ চনৰ জানুৱাৰী মাহত তেওঁ পুনৰ এচিচিৰ সভাপতি নিৰ্বাচিত হৈছিল। ২০২২ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ বিত্ত আৰু বাণিজ্যিক পৰিক্ৰমা সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে। ইয়াৰ উপৰিও জয় শ্বাহ অলিম্পিক গেমছৰ বাবে আইচিচিঅ’লিম্পিক ৱৰ্কিং গ্ৰুপৰ সদস্য হিচাপে নিযুক্ত হয়।

দয়িত্বভাৰ গ্ৰহণ কৰি শ্বাহে কয়, ২০২৮ চনত অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্ত হোৱাটো এক ডাঙৰ কৃতিত্ব। অলিম্পিকৰ জৰিয়তে ক্ৰিকেটৰ বিশ্বব্যাপী স্বীকৃতি প্ৰদান চেষ্টা কৰাৰ লগতে আৰু ক্ৰিকেটক অধিক দেশলৈ প্ৰসাৰ কৰাৰ চেষ্টা কৰিব বুলি উল্লেখ কৰে।

উল্লেখযেগ্য যে ইতিমধ্যে শৰদ পাৱাৰকে ধৰি চাৰিজন ভাৰতীয়ই আই চি চিৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈছে৷ জয় শ্বাহ এই পদত অধিস্থিত হোৱা পঞ্চমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে। তেওঁৰ পূৰ্বে জগমোহন দালমিয়া, শৰদ পাৱাৰ, এন শ্ৰীনিবাসন আৰু শশাংক মনোহৰ আইচিচিৰ মুৰব্বীৰ দায়িত্ব বহন কৰিছিল। ২০১৫ চনলৈকে আইচিচিৰ মুৰব্বীগৰাকীক প্ৰেচিডেণ্ট বুলি কোৱা হৈছিল। ইয়াৰ পিছত ইয়াক চেয়াৰমেন বুলি ক’বলৈ আৰম্ভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
বাংলাদেশৰ গ্ৰামীণ বেংকত আল-কায়দাৰ পুঁজি, চি আই এৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে ৱাল ষ্ট্ৰীট জার্নেলত প্রকাশিত বাতৰিক লৈ চাঞ্চল্য
গুৱাহাটীৰ যান-জঁট সমস্যাৰ নতুন সমাধানসূত্ৰ ; ITMS প্ৰযুক্তিৰে এতিয়াৰে পৰা গুৱাহাটীত চলিব ASTCৰ বাছ
৫০খন আন্তর্জাতিক মহোৎসৱত সাফল্য 'লাচিত দ্য ৱাৰিয়ৰ'ৰ, সর্বশ্রেষ্ঠ ডকুমেন্টৰী, এনিমেটেড ফিল্মকে ধৰি বিভিন্ন বঁটা লাভ
খাদ্য খোৱাৰ পিছত ইলাচি কিয় চোবাই খাব লাগে? জানিলে আচৰিত হ’ব আপুনি
থলুৱাভাৱে নিৰ্মিত আই এন এছ 'মাহে'ক নৌ সেনাত অন্তর্ভুক্তি, শক্তি বৃদ্ধি হ'ল নৌ-প্ৰতিৰক্ষা খণ্ডৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী