--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেম্পিয়নছ ট্ৰ’ফীৰ গোচৰত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে বিচাৰিছিল যে হাইব্ৰিড মডেল গ্ৰহণ কৰাৰ বিনিময়ত তেওঁলোকেও সুবিধা লাভ কৰিব লাগে আৰু বিচিচিআইয়েও সন্তুষ্ট হ’ব লাগে।

আচলতে পিচিবিয়ে কৈছিল যে যদি ভাৰতীয় দলটোৱে নিজৰ দেশলৈ আহিব নিবিচাৰে, তেন্তে পাকিস্তানৰ দলটোও আগন্তুক ইভেণ্টত খেলিবলৈ ভাৰতলৈ নাযায় আৰু তাৰ বাবেও হাইব্ৰিড মডেল ৰূপায়ণ কৰা উচিত। পাকিস্তানৰ পৰা ডুবাইত ভাৰত-পাক মেচ অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰা হৈছিল। এতিয়া এটা নতুন তথ্য পোহৰলৈ আহিছে যে বিচিচিআইয়ে হাইব্ৰিড মডেলৰ অধীনত পৰৱৰ্তী ভাৰত বনাম পাকিস্তানৰ মেচ অনুষ্ঠিত কৰাৰ দাবী নাকচ কৰিছে।

প্ৰতিবেদন অনুসৰি বিচিচিআইয়ে পূৰ্বে এই ‘পাৰ্টনাৰশ্বিপ’ ফৰ্মুলাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল, যাৰ অধীনত ভাৰত বনাম পাকিস্তানৰ মেচসমূহ পৰৱৰ্তী ৩ বছৰলৈ ডুবাইত অনুষ্ঠিত হ’ব। দেওবাৰে ছুটীৰ কথা উল্লেখ কৰি বিচিচিআইয়ে কোনো সিদ্ধান্ত দিয়া নাই, আনহাতে ইউএইত সোমবাৰ আৰু মঙলবাৰে কাৰ্যালয় বন্ধ থাকে। ইফালে ১ ডিচেম্বৰত আইচিচিৰ অধ্যক্ষ পদৰ দায়িত্ব গ্ৰহণ কৰিছে জয় শ্বাহে। এই সকলোবোৰ ঘটনাৰ মাজতে চেম্পিয়নছ ট্ৰফী গোচৰৰ সিদ্ধান্ত এতিয়াও ভাৰসাম্যত ওলমি আছে।

পিচিবিৰ সূত্ৰই জনায় যে, ‘‘আমি সম্পূৰ্ণ উপযুক্ত সমাধান দাঙি ধৰিছিলোঁ। এতিয়া যদি ভাৰতে এই সূত্ৰ গ্ৰহণ নকৰে তেন্তে ভৱিষ্যতে আমাৰ দলটোক তেওঁলোকৰ দেশলৈ পঠিয়াম বুলি আশা কৰা উচিত নহয়। ভৱিষ্যতে যদি ভাৰতত আইচিচিৰ কোনো ইভেণ্ট অনুষ্ঠিত হয় তেন্তে আমাৰ বিৰুদ্ধে ডুবাইত মেচখন খেলিব লাগিব।’’




FOLLOW US F
POPULAR
FEATURE
TRENDY
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান