--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেম্পিয়নছ ট্ৰ’ফীৰ গোচৰত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে বিচাৰিছিল যে হাইব্ৰিড মডেল গ্ৰহণ কৰাৰ বিনিময়ত তেওঁলোকেও সুবিধা লাভ কৰিব লাগে আৰু বিচিচিআইয়েও সন্তুষ্ট হ’ব লাগে।

আচলতে পিচিবিয়ে কৈছিল যে যদি ভাৰতীয় দলটোৱে নিজৰ দেশলৈ আহিব নিবিচাৰে, তেন্তে পাকিস্তানৰ দলটোও আগন্তুক ইভেণ্টত খেলিবলৈ ভাৰতলৈ নাযায় আৰু তাৰ বাবেও হাইব্ৰিড মডেল ৰূপায়ণ কৰা উচিত। পাকিস্তানৰ পৰা ডুবাইত ভাৰত-পাক মেচ অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰা হৈছিল। এতিয়া এটা নতুন তথ্য পোহৰলৈ আহিছে যে বিচিচিআইয়ে হাইব্ৰিড মডেলৰ অধীনত পৰৱৰ্তী ভাৰত বনাম পাকিস্তানৰ মেচ অনুষ্ঠিত কৰাৰ দাবী নাকচ কৰিছে।

প্ৰতিবেদন অনুসৰি বিচিচিআইয়ে পূৰ্বে এই ‘পাৰ্টনাৰশ্বিপ’ ফৰ্মুলাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল, যাৰ অধীনত ভাৰত বনাম পাকিস্তানৰ মেচসমূহ পৰৱৰ্তী ৩ বছৰলৈ ডুবাইত অনুষ্ঠিত হ’ব। দেওবাৰে ছুটীৰ কথা উল্লেখ কৰি বিচিচিআইয়ে কোনো সিদ্ধান্ত দিয়া নাই, আনহাতে ইউএইত সোমবাৰ আৰু মঙলবাৰে কাৰ্যালয় বন্ধ থাকে। ইফালে ১ ডিচেম্বৰত আইচিচিৰ অধ্যক্ষ পদৰ দায়িত্ব গ্ৰহণ কৰিছে জয় শ্বাহে। এই সকলোবোৰ ঘটনাৰ মাজতে চেম্পিয়নছ ট্ৰফী গোচৰৰ সিদ্ধান্ত এতিয়াও ভাৰসাম্যত ওলমি আছে।

পিচিবিৰ সূত্ৰই জনায় যে, ‘‘আমি সম্পূৰ্ণ উপযুক্ত সমাধান দাঙি ধৰিছিলোঁ। এতিয়া যদি ভাৰতে এই সূত্ৰ গ্ৰহণ নকৰে তেন্তে ভৱিষ্যতে আমাৰ দলটোক তেওঁলোকৰ দেশলৈ পঠিয়াম বুলি আশা কৰা উচিত নহয়। ভৱিষ্যতে যদি ভাৰতত আইচিচিৰ কোনো ইভেণ্ট অনুষ্ঠিত হয় তেন্তে আমাৰ বিৰুদ্ধে ডুবাইত মেচখন খেলিব লাগিব।’’




FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post