--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰী মহিলা সন্মান আঁচনিৰ পঞ্চম কিস্তিৰ সন্দৰ্ভত নতুন খবৰ আহি পালে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনে ছ’চিয়েল মিডিয়া এক্সত পোষ্ট কৰিছে ৷ তেওঁ লিখিছে যে ডিচেম্বৰৰ পঞ্চম কিস্তিৰ পৰা ৫৩ লাখৰো অধিক মাতৃ-ভগ্নীক ২৫০০ টকা পৰ্যন্ত উপহাৰ দিয়া হ’ব, ডিচেম্বৰৰ পৰা প্ৰতিগৰাকী ভগ্নীক প্ৰতি বছৰে ৩০ হাজাৰ টকা দিয়া হ’ব। 




সোমবাৰে ঝাৰখণ্ডৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। য’ত মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনৰ অধ্যক্ষতাত ৩০টা প্ৰস্তাৱ অনুমোদন কৰা হয়। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী মহিলা সন্মান আঁচনিৰ পৰিমাণ ১ হাজাৰৰ পৰা ২৫ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱত মন্ত্ৰীসভাই অনুমোদন জনাইছে। এই বৰ্ধিত ধনৰাশি চলিত বৰ্ষৰ ডিচেম্বৰৰ পৰা মহিলাৰ একাউণ্টলৈ প্ৰেৰণ কৰা হ’ব। এই আঁচনিৰ অধীনত এতিয়া চৰকাৰে প্ৰতি বছৰে মহিলাক ৩০ হাজাৰ টকা দিব।


ঝাৰখণ্ডত বিধানসভা নিৰ্বাচন ঘোষণাৰ পূৰ্বে হেমন্ত ছ’ৰেণ চৰকাৰে জনসাধাৰনক এই উপহাৰ দিছে। মুখ্যমন্ত্ৰী মহিলা সন্মান আঁচনিৰ পৰিমাণ ডেৰ-দুগুণ বৃদ্ধি কৰিছে । উল্লেখ্য যে ৰাজ্যৰ ১৮ৰ পৰা ৪৯ বছৰ বয়সৰ প্ৰতিগৰাকী মহিলাক ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী মহিলা সন্মান আঁচনিৰ সুবিধা প্ৰদান কৰা হৈছে। বৰ্তমান হেমন্ত ছ’ৰেণ চৰকাৰে প্ৰায় ৫০ লাখ মহিলাক এই উপহাৰ দিছে। মহিলা সন্মান আঁচনিৰ অধীনত পূৰ্বে ১০০০ টকা দিয়া হৈছিল, কিন্তু এতিয়া ২৫০০ টকালৈ বৃদ্ধি কৰা হৈছে। ডিচেম্বৰৰ পৰা মহিলাসকলে এই বৰ্ধিত ধন লাভ কৰিবলৈ আৰম্ভ কৰিব।


আনহাতে বিজেপিয়ে গ’গ’ দীদী আঁচনিৰ অধীনত প্ৰতিমাহে ২১০০ টকা দিয়াৰ তথ্য প্ৰকাশ কৰিছে। এই সন্দৰ্ভত বিজেপিয়েও নিৰ্বাচন আয়োগলৈ প্ৰ-পত্ৰ পূৰণৰ অনুমতি বিচাৰিছে। এনে পৰিস্থিতিত ঝাৰখণ্ড মুক্তি মৰ্চাই মুখ্যমন্ত্ৰী মহিলা সন্মান যোজনাৰ অধীনত প্ৰতিমাহে ২৫০০ হাজাৰ টকা দিয়াৰ কথা ঘোষণা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ