--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মণিপুৰৰ পৰিস্থিতি উত্তপ্ত হৈ পৰা পাছত কেন্দ্ৰই ইম্ফল উপত্যকা আৰু জিৰিবামৰ ছটাকৈ আৰক্ষী অধিকাৰ ক্ষেত্ৰক বিক্ষিপ্ত অঞ্চল হিচাপে ঘোষণা কৰি ১৪ নৱেম্বৰত অধিসূচনাজৰি কৰিছিল৷ মণিপুৰৰ কেবিনেটে ১৪ নৱেম্বৰত জাৰি কৰা অধিসূচনাখন পৰ্যালোচনা আৰু প্ৰত্যাহাৰ কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক আহ্বান জনাইছে৷ 

১৬ নৱেম্বৰ শনিবাৰে মণিপুৰৰ গৃহ বিভাগৰ যুটীয়া সম্পাদক মায়েংবাম ভেটো সিঙে স্বাক্ষৰ কৰা পত্ৰখনত, শুকুৰবাৰে ৰাজ্যৰ মন্ত্ৰীসভাৰ বৈঠকত এই অধিসূচনা সম্পৰ্কত আলোচনা কৰা লগতে  কেন্দ্ৰীয় চৰকাৰক জনস্বাৰ্থৰ প্ৰতি লক্ষ্যৰাখি সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আফস্পাৰ অধিনত অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা অঞ্চল সমূহত সামৰিক বাহিনীয়ে কোনো এৰেষ্ট ৱাৰেণ্ট নোহোৱা কৈ আটক কৰাৰ লগতে প্ৰয়োজনত গুলীয়াই হত্যাও কৰিব পাৰে৷ এই এলেকাসমূহত নিয়োজিত বিষয়া সকলৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণৰ বাবে কেন্দ্ৰৰ অনুমোদনৰো প্ৰয়োজন হ’ব৷

চলিত সপ্তাহৰ আৰম্ভণিতে জিৰিবামৰ পৰা ছয়জন লোকক অপহৰণ কৰাৰ অভিযোগত শনিবাৰে মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলতো হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়৷ এই হিংসাত্মক বিদ্ৰোহৰ প্ৰতিক্ৰিয়া স্বৰূপে কৰ্তপক্ষই মেইটেইৰ আধিপত্য থকা ইম্ফলৰ পাঁচখন জিলাত অনিৰ্দিষ্টকালীন সান্ধ্য আইন প্ৰণয়ন কৰাৰ লগতে কুকি প্ৰধান কাংপকপি আৰু চুৰাচান্দপুৰৰ জিলাসমূহতো ইণ্টাৰনেট সেৱা বন্ধ কৰিছে৷

উল্লেখোগ্য যে নৱেম্বৰ মাহৰ আৰম্ভণিতে জিৰিবাম, মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ উত্থানৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। ৭ নৱেম্বৰত এগৰাকী হামাৰ মহিলাক সন্দেহযুক্ত উগ্ৰপন্থীয়ে জ্বলাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু তিনিদিন পিছত সন্দেহযুক্ত উগ্ৰপন্থীয়ে জিলাখনৰ এখন আৰক্ষী থানা আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ এটা চকীত গুলীচালনা হৈছিল। আৰু ছজন লোকক একেদিনাই অপহৰণ কৰা হয়। ঘটনাৰ তিনিদিন পিছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আফছপাৰ অধিসূচনা জাৰি কৰে।

যোৱা বছৰৰ মে’ মাহৰ পৰা মণিপুৰৰ মেইটেই আৰু কুকিৰ মাজত সংঘটিত হোৱা সাম্প্ৰদায়িক হিংসাত ২২০ জনতকৈ অধিক লোক নিহত হোৱাৰ লগতে ৬০ হাজাৰ লোক গৃহহাৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী