--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মণিপুৰৰ পৰিস্থিতি উত্তপ্ত হৈ পৰা পাছত কেন্দ্ৰই ইম্ফল উপত্যকা আৰু জিৰিবামৰ ছটাকৈ আৰক্ষী অধিকাৰ ক্ষেত্ৰক বিক্ষিপ্ত অঞ্চল হিচাপে ঘোষণা কৰি ১৪ নৱেম্বৰত অধিসূচনাজৰি কৰিছিল৷ মণিপুৰৰ কেবিনেটে ১৪ নৱেম্বৰত জাৰি কৰা অধিসূচনাখন পৰ্যালোচনা আৰু প্ৰত্যাহাৰ কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক আহ্বান জনাইছে৷ 

১৬ নৱেম্বৰ শনিবাৰে মণিপুৰৰ গৃহ বিভাগৰ যুটীয়া সম্পাদক মায়েংবাম ভেটো সিঙে স্বাক্ষৰ কৰা পত্ৰখনত, শুকুৰবাৰে ৰাজ্যৰ মন্ত্ৰীসভাৰ বৈঠকত এই অধিসূচনা সম্পৰ্কত আলোচনা কৰা লগতে  কেন্দ্ৰীয় চৰকাৰক জনস্বাৰ্থৰ প্ৰতি লক্ষ্যৰাখি সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আফস্পাৰ অধিনত অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা অঞ্চল সমূহত সামৰিক বাহিনীয়ে কোনো এৰেষ্ট ৱাৰেণ্ট নোহোৱা কৈ আটক কৰাৰ লগতে প্ৰয়োজনত গুলীয়াই হত্যাও কৰিব পাৰে৷ এই এলেকাসমূহত নিয়োজিত বিষয়া সকলৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণৰ বাবে কেন্দ্ৰৰ অনুমোদনৰো প্ৰয়োজন হ’ব৷

চলিত সপ্তাহৰ আৰম্ভণিতে জিৰিবামৰ পৰা ছয়জন লোকক অপহৰণ কৰাৰ অভিযোগত শনিবাৰে মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলতো হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়৷ এই হিংসাত্মক বিদ্ৰোহৰ প্ৰতিক্ৰিয়া স্বৰূপে কৰ্তপক্ষই মেইটেইৰ আধিপত্য থকা ইম্ফলৰ পাঁচখন জিলাত অনিৰ্দিষ্টকালীন সান্ধ্য আইন প্ৰণয়ন কৰাৰ লগতে কুকি প্ৰধান কাংপকপি আৰু চুৰাচান্দপুৰৰ জিলাসমূহতো ইণ্টাৰনেট সেৱা বন্ধ কৰিছে৷

উল্লেখোগ্য যে নৱেম্বৰ মাহৰ আৰম্ভণিতে জিৰিবাম, মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ উত্থানৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। ৭ নৱেম্বৰত এগৰাকী হামাৰ মহিলাক সন্দেহযুক্ত উগ্ৰপন্থীয়ে জ্বলাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু তিনিদিন পিছত সন্দেহযুক্ত উগ্ৰপন্থীয়ে জিলাখনৰ এখন আৰক্ষী থানা আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ এটা চকীত গুলীচালনা হৈছিল। আৰু ছজন লোকক একেদিনাই অপহৰণ কৰা হয়। ঘটনাৰ তিনিদিন পিছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আফছপাৰ অধিসূচনা জাৰি কৰে।

যোৱা বছৰৰ মে’ মাহৰ পৰা মণিপুৰৰ মেইটেই আৰু কুকিৰ মাজত সংঘটিত হোৱা সাম্প্ৰদায়িক হিংসাত ২২০ জনতকৈ অধিক লোক নিহত হোৱাৰ লগতে ৬০ হাজাৰ লোক গৃহহাৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ