--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সম্প্ৰতি দেশত সূলভ হৈ পৰিছে ভাবুকি প্ৰদানৰ দৰে কাণ্ডৰ৷ শেহতীয়া খবৰ অনুসৰি বোমা বিস্ফোৰণৰ ভাবুকি আহিল ৰিজাৰ্ভ বেংকলৈ। এজন ব্যক্তিয়ে নিজকে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ ‘চিইঅ’’ বুলি পৰিচয় দি ফোনযোগে ৰিজাৰ্ভ বেংকত বোমা বিস্ফোৰণৰ ভাবুকি প্ৰদান কৰিছিল। শনিবাৰে বেংকৰ হেল্পলাইনত এই ভাবুকিমূলক ফোন আহিছিল বুলি জানিব পৰা গৈছে৷   

ঘটনাৰ লগে লগে মুম্বাই আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। আৰু ৰিজাৰ্ভ বেংকৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। আৰু এই ফোনটো ক’ৰ পৰা কৰা কৰা হৈছে চিনাক্ত কৰিবলৈ চেষ্টা কৰাৰ লগতে ভুৱা ভাবুকি নেকি সেই সন্দৰ্ভতো তদন্ত চলাইছে আৰক্ষীয়ে। 

উল্লেখযেগ্য যে বিগত সয়ছোৱাত দিল্লী, ৰাজস্থান, উত্তৰ প্ৰদেশকে ধৰি দেশৰ কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়লৈও এনেধৰণৰ ভাবুকি বাৰ্তা প্ৰেৰণ কৰা হৈছে। শেহতীয়াকৈ গুজৰাট আৰু অন্ধ্ৰ প্ৰদেশৰ কেইবাখনো বিলাসী হোটেলতো বোমাতংকৰ ঘটনা ঘটিছিল।

বিগত দুমাহত শ শ আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা বিমানত বোমা বিস্ফোৰণৰ ভাবুকিয়ে আতংকৰ সৃষ্টি কৰিছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ইখনৰ পিছত সিখন বিমানত বোমা আক্ৰমণৰ ভাবুকিক লৈ উদ্বেগ প্ৰকাশ কৰিছে । ইতিমধ্যে দেশৰ তদন্তকাৰী সংস্থাই এনেধৰণৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

ছত্তীশগড়ৰ পৰা বিমান আক্ৰমণৰ ভাবুকি প্ৰদানৰ সৈতে জড়িত এজন কিশোৰ গ্ৰেপ্তাৰ কৰাৰ লগতে। পিছত আন এজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰা হয়। বিমানত বাৰে বাৰে বোমা বিস্ফোৰণৰ ভাবুকিৰ বাবে কিছু ক্ষেত্রত বিমান সেৱা ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে উদ্বেগ প্ৰকাশ কৰি কয় যে এনে ভুৱা বোমা আতংকই কেৱল নাগৰিকৰ মাজত আতংক বিয়পাই দিয়াৰ লগতে দেশৰ আৰ্থিক সুৰক্ষাৰ ক্ষেত্ৰতো প্ৰভাৱ পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ