--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সম্প্ৰতি দেশত সূলভ হৈ পৰিছে ভাবুকি প্ৰদানৰ দৰে কাণ্ডৰ৷ শেহতীয়া খবৰ অনুসৰি বোমা বিস্ফোৰণৰ ভাবুকি আহিল ৰিজাৰ্ভ বেংকলৈ। এজন ব্যক্তিয়ে নিজকে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ ‘চিইঅ’’ বুলি পৰিচয় দি ফোনযোগে ৰিজাৰ্ভ বেংকত বোমা বিস্ফোৰণৰ ভাবুকি প্ৰদান কৰিছিল। শনিবাৰে বেংকৰ হেল্পলাইনত এই ভাবুকিমূলক ফোন আহিছিল বুলি জানিব পৰা গৈছে৷   

ঘটনাৰ লগে লগে মুম্বাই আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। আৰু ৰিজাৰ্ভ বেংকৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। আৰু এই ফোনটো ক’ৰ পৰা কৰা কৰা হৈছে চিনাক্ত কৰিবলৈ চেষ্টা কৰাৰ লগতে ভুৱা ভাবুকি নেকি সেই সন্দৰ্ভতো তদন্ত চলাইছে আৰক্ষীয়ে। 

উল্লেখযেগ্য যে বিগত সয়ছোৱাত দিল্লী, ৰাজস্থান, উত্তৰ প্ৰদেশকে ধৰি দেশৰ কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়লৈও এনেধৰণৰ ভাবুকি বাৰ্তা প্ৰেৰণ কৰা হৈছে। শেহতীয়াকৈ গুজৰাট আৰু অন্ধ্ৰ প্ৰদেশৰ কেইবাখনো বিলাসী হোটেলতো বোমাতংকৰ ঘটনা ঘটিছিল।

বিগত দুমাহত শ শ আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা বিমানত বোমা বিস্ফোৰণৰ ভাবুকিয়ে আতংকৰ সৃষ্টি কৰিছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ইখনৰ পিছত সিখন বিমানত বোমা আক্ৰমণৰ ভাবুকিক লৈ উদ্বেগ প্ৰকাশ কৰিছে । ইতিমধ্যে দেশৰ তদন্তকাৰী সংস্থাই এনেধৰণৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

ছত্তীশগড়ৰ পৰা বিমান আক্ৰমণৰ ভাবুকি প্ৰদানৰ সৈতে জড়িত এজন কিশোৰ গ্ৰেপ্তাৰ কৰাৰ লগতে। পিছত আন এজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰা হয়। বিমানত বাৰে বাৰে বোমা বিস্ফোৰণৰ ভাবুকিৰ বাবে কিছু ক্ষেত্রত বিমান সেৱা ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে উদ্বেগ প্ৰকাশ কৰি কয় যে এনে ভুৱা বোমা আতংকই কেৱল নাগৰিকৰ মাজত আতংক বিয়পাই দিয়াৰ লগতে দেশৰ আৰ্থিক সুৰক্ষাৰ ক্ষেত্ৰতো প্ৰভাৱ পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post