--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰী হ’বলৈ ভাৰতত এগৰাকী বিজেপি বিধায়কে খৰচ কৰিব লাগে হাজাৰ হাজাৰ কোটি টকা! মুখ্যমন্ত্ৰী হ’বলৈয়ে ভৰিবলগীয়া হয় ধন৷ মুখ্যমন্ত্ৰী পাতিবলৈ কৰ্ণাটকৰ এগৰাকী বিজেপি বিধায়কক বিচৰা হৈছিল আঢ়ৈ হাজাৰ কোটি টকা৷ এই চাঞ্চল্যকৰ অভিযোগেৰে আজি দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত খলকনি তুলিছে কৰ্ণাটকৰ বিজেপি বিধায়ক বাসনগৌড়া পাটিল য়াটনালে৷ 

বিজেপি বিধায়ক বাসনগৌড়া পাটিল য়াটনালে আজি এখন বৈঠকত ধনৰ বিনিময়ত প্ৰাৰ্থিত্ব দিয়াৰ ভুৱা আশ্বাসৰ বিৰুদ্ধে সতৰ্ক কৰি দিছিল আৰু তেওঁলোকক মুখ্যমন্ত্ৰী হোৱাৰ প্ৰতিশ্ৰুতিৰ চিকাৰ নহ’বলৈ আহ্বান জনাইছিল৷ 

কালি লিঙ্গায়ত পঞ্চমাচালী সম্প্ৰদায়ৰ এক সন্মিলনত ভাষণ প্ৰদান য়াটনালে দাবী কৰে যে নতুন দিল্লীৰ পৰা অহা কিছুসংখ্যত নেতাই তেওঁক মুখ্যমন্ত্ৰী কৰাৰ প্ৰস্তাৱ লৈ আহিছিল যদিহে তেওঁ ২,৫০০ কোটি টকা পৰিশোধ কৰিবলৈ সাজু হয়। তেওঁ কয়, তেওঁলোকে মোক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব আৰু কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী আৰু বিজেপি সভাপতি জে পি নাড্ডাৰ সৈতে বৈঠকৰ বাবেও আশ্বাস দিছিল।

য়াটনেলে লগতে কৈছিল যেতিয়া সেই প্ৰস্তাৱটো দিয়া হৈছিল, তেওঁ সুধিছিল, মই ইয়াক ক’ত ৰাখিব লাগে? ইয়াক এটা কোঠা বা গুদামত ৰাখিব পাৰোনে? তেওঁ কৈছিল যে ৰাজনীতিত বহুতো লোক প্ৰাৰ্থিত্বৰ এনে আশ্বাসেৰে প্ৰতাৰিত হয়। 

তেওঁ পুনৰ কয়, মই প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ লগতে লালকৃষ্ণ আদৱানী, ৰাজনাথ সিং আৰু অৰুণ জেটলীৰ অধীনত কাম কৰিছোঁ। এনে এজন ব্যক্তিক মুখ্যমন্ত্ৰী হ’বলৈ ২,৫০০ কোটি টকা সাজু ৰাখিবলৈ কেনেকৈ কোৱা হ’ব? 

বাসনগৌড়াৰ এই মন্তব্যৰ পাছতে আজি দেশজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য৷ মুখ্যমন্ত্ৰী হ’বলৈ ধন বিচৰা কাৰ্যই বিজেপিৰ ভিতৰচ’ৰাতো সৃষ্টি কৰিছে জোকাৰণি৷ কিয়নো, এই অভিযোগ আনিছে দলটোৰ এগৰাকী দায়িত্বশীল বিধায়কে৷ ইয়াৰ পাছত বিধায়কগৰাকীৰ এই মন্তব্যক দলটোৱে কিধৰণে গ্ৰহণ কৰে, সেয়া হ’ব লক্ষ্যণীয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান