--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰী হ’বলৈ ভাৰতত এগৰাকী বিজেপি বিধায়কে খৰচ কৰিব লাগে হাজাৰ হাজাৰ কোটি টকা! মুখ্যমন্ত্ৰী হ’বলৈয়ে ভৰিবলগীয়া হয় ধন৷ মুখ্যমন্ত্ৰী পাতিবলৈ কৰ্ণাটকৰ এগৰাকী বিজেপি বিধায়কক বিচৰা হৈছিল আঢ়ৈ হাজাৰ কোটি টকা৷ এই চাঞ্চল্যকৰ অভিযোগেৰে আজি দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত খলকনি তুলিছে কৰ্ণাটকৰ বিজেপি বিধায়ক বাসনগৌড়া পাটিল য়াটনালে৷ 

বিজেপি বিধায়ক বাসনগৌড়া পাটিল য়াটনালে আজি এখন বৈঠকত ধনৰ বিনিময়ত প্ৰাৰ্থিত্ব দিয়াৰ ভুৱা আশ্বাসৰ বিৰুদ্ধে সতৰ্ক কৰি দিছিল আৰু তেওঁলোকক মুখ্যমন্ত্ৰী হোৱাৰ প্ৰতিশ্ৰুতিৰ চিকাৰ নহ’বলৈ আহ্বান জনাইছিল৷ 

কালি লিঙ্গায়ত পঞ্চমাচালী সম্প্ৰদায়ৰ এক সন্মিলনত ভাষণ প্ৰদান য়াটনালে দাবী কৰে যে নতুন দিল্লীৰ পৰা অহা কিছুসংখ্যত নেতাই তেওঁক মুখ্যমন্ত্ৰী কৰাৰ প্ৰস্তাৱ লৈ আহিছিল যদিহে তেওঁ ২,৫০০ কোটি টকা পৰিশোধ কৰিবলৈ সাজু হয়। তেওঁ কয়, তেওঁলোকে মোক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব আৰু কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী আৰু বিজেপি সভাপতি জে পি নাড্ডাৰ সৈতে বৈঠকৰ বাবেও আশ্বাস দিছিল।

য়াটনেলে লগতে কৈছিল যেতিয়া সেই প্ৰস্তাৱটো দিয়া হৈছিল, তেওঁ সুধিছিল, মই ইয়াক ক’ত ৰাখিব লাগে? ইয়াক এটা কোঠা বা গুদামত ৰাখিব পাৰোনে? তেওঁ কৈছিল যে ৰাজনীতিত বহুতো লোক প্ৰাৰ্থিত্বৰ এনে আশ্বাসেৰে প্ৰতাৰিত হয়। 

তেওঁ পুনৰ কয়, মই প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ লগতে লালকৃষ্ণ আদৱানী, ৰাজনাথ সিং আৰু অৰুণ জেটলীৰ অধীনত কাম কৰিছোঁ। এনে এজন ব্যক্তিক মুখ্যমন্ত্ৰী হ’বলৈ ২,৫০০ কোটি টকা সাজু ৰাখিবলৈ কেনেকৈ কোৱা হ’ব? 

বাসনগৌড়াৰ এই মন্তব্যৰ পাছতে আজি দেশজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য৷ মুখ্যমন্ত্ৰী হ’বলৈ ধন বিচৰা কাৰ্যই বিজেপিৰ ভিতৰচ’ৰাতো সৃষ্টি কৰিছে জোকাৰণি৷ কিয়নো, এই অভিযোগ আনিছে দলটোৰ এগৰাকী দায়িত্বশীল বিধায়কে৷ ইয়াৰ পাছত বিধায়কগৰাকীৰ এই মন্তব্যক দলটোৱে কিধৰণে গ্ৰহণ কৰে, সেয়া হ’ব লক্ষ্যণীয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ