spot_img
27 C
Guwahati
Friday, September 24, 2021
spot_img
Homeআঞ্চলিকহত্যা নে দুৰ্ঘটনা? মহিলাৰ মৃত্যুক লৈ লাহোৱাত চাঞ্চল্য, আটক তিনি

হত্যা নে দুৰ্ঘটনা? মহিলাৰ মৃত্যুক লৈ লাহোৱাত চাঞ্চল্য, আটক তিনি

ডিব্ৰুগড়ঃ ৰাজ্যজুৰি অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তে সংঘটিত হৈছে আন এক হত্যাকাণ্ড! পত্নীক মৰিয়াই হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এজন ব্যক্তিৰ বিৰুদ্ধে। লাহোৱালৰ পাত্ৰ গাঁৱৰ মজিন্দ্ৰ বড়া নামৰ এজন লোকে পত্নী পৰিণীতা বড়া(২৫)ক হত্যা কৰা বুলি এজাহাৰ দাখিল কৰিছে মহিলাগৰাকীৰ পৰিয়ালে। আনহাতে, স্বামীগৃহই হত্যাৰ পৰিৱৰ্তে মহিলাগৰাকী দুৰ্ঘটনাত নিহত হোৱা বুলি দাবী কৰিছে। মোহনবাৰী জেমছন তিনিআলিৰ সমীপত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক পথদুৰ্ঘটনাত পৰিণীতাৰ মৃত্যু হোৱা বুলি স্বামীগৃহৰ দাবীক নস্যাৎ কৰি ইয়াক ‘পৰিকল্পিত হত্যা’বুলি অভিযোগ মহিলাগৰাকীৰ পিতৃগৃহৰ। ৯বছৰৰ পূৰ্বে চাবুৱা নাডুৱা গোহাঁইগাঁৱৰ অৰুণ গন্ধীয়া আৰু মাইনু গন্ধীয়াৰ জীয়ৰী পৰিণীতা গন্ধীয়া বড়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।

মোহনবাৰী জেমছন তিনিআলিৰ মুনীন্দ্ৰ বড়াই ২০১৬ চনত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হৈছিল। সমাজে মুনীন্দ্ৰৰ দ্বিতীয় বিবাহক স্বীকৃতি নিদিয়াৰ লগতে আপত্তি কৰাত প্ৰথমা পত্নী পৰিণীতাক ওভতাই আনে আৰু ভৱিষ্যতে পত্নীক অত্যাচাৰ নকৰাৰ লিখিত প্ৰতিশ্ৰুতি দিয়ে। কিন্তু ইয়াৰ পাছতো মাজে-সময়ে অত্যাচাৰ চলাই অহাৰ গুৰুতৰ অভিযোগ তুলিছে পৰিণীতাৰ পৰিয়ালে। অভিযোগ অনুসৰি, মোহনবাৰী জেমছন তিনিআলিত থকা দোকানৰ পৰা প্ৰতিদিনে সন্ধিয়া ৬ বজাৰ লগে লগে উভতি আহে ঘৰলৈ। কিন্তু মঙলবাৰে ৰহস্যজনকভাৱে ৬ বজাৰ পৰিৱৰ্তে দুঘণ্টা পলমকৈ দোকান বন্ধ কৰি পতি-পত্নী দুয়ো এখন চাইকেলেৰে আহিছিল বাসগৃহলৈ। পৰিণীতাৰ পৰিয়ালে ঘটনা সন্দৰ্ভত এজাহাৰ দিবলৈ যোৱাৰ সময়ত লাহোৱাল আৰক্ষীয়ে অভব্য আচৰণ কৰাৰ অভিযোগ তুলিছে। প্ৰথম অৱস্থাত আৰক্ষীয়ে গ্ৰহণ কৰা নাছিল এজাহাৰ।

যাৰবাবে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে মহিলাগৰাকীৰ পৰিয়াল। ইফালে, পৰিয়ালৰ অভিযোগক নস্যাৎ কৰিছে মুনীন্দ্ৰৰ পৰিয়ালে। কোনোকাৰণতে পৰিকল্পিত হত্যাকাণ্ড হ’ব নোৱাৰে বুলি দাবী কৰি দুৰ্ঘটনা সংঘটিত হোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ কথা প্ৰকাশ কৰিছে মুনীন্দ্ৰৰ ভাতৃয়ে। আৰক্ষীৰ মতে, ডিব্ৰুগড়ৰ এখন হাস্পতালৰ পৰা মৃতদেহ আনিবলৈ বুলি যোৱা এ এছ ২৩ বি চি ৫৫১৪ নম্বৰৰ এম্বুলেঞ্চখনে ‘ছানফেষ্ট ধাবা’ৰ সন্মুখত পিছফালৰ পৰা খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হৈছে! দুৰ্ঘটনাত মহিলাগৰাকীৰ স্বামী মুনিন্দ্ৰ আঘাতপ্ৰাপ্ত হৈ বৰ্তমানেও ‘এএমচি’ত চিকিৎসাধীন হৈ আছে। আনহাতে, বাহনখন ঘটনাস্থলীত লুটি খাই পৰে। সম্প্ৰতি বাহনখনত থকা চালক ভাৰত পালেশ্বৰ, সুমন নাইক আৰু মদন পাটনায়কক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত লোককেইজন ‘ৰাইডাং চাহ বাগিচা’ৰ ৮নং পকা লাইনৰ বুলি আমাৰ সাংবাদিকে জনাইছে। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
89 %
0kmh
75 %
Fri
27 °
Sat
33 °
Sun
33 °
Mon
31 °
Tue
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular