--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সুহেল আলম, ইফতিকাৰ আহমেদ আৰু সাব্বিৰ আহমেদ নামৰ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক

ডিজিটেল ডেস্কঃ এয়াৰটেল কোম্পানীৰ নাম লিখা বাহনৰ পৰা প্ৰায় ছয় কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ। লগতে এয়াৰটেল কোম্পানীৰ এগৰাকী অভিযন্তাসহ আন দুজন সৰবৰাহকাৰী আটক।


শ্রীভূমি জিলাৰ নিলামবজাৰৰ লালপুল এলেকাত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত গোপন সূত্ৰৰ ভিত্তিত মিজোৰামৰ চম্পাই পৰা অহা এখন বলেৰো বাহনত (TR/01/M/2262) তালাচী চলোৱা হয়।


এই তালাচীত বাহনখনৰ ভিতৰৰ পৰা ৭৬টাকৈ চাবোনৰ বাকছ ভৰ্তি সন্দেহজনক হেৰোইন উদ্ধাৰ কৰা হয়।


ড্ৰাগছখিনি জব্দ কৰা লগতে সুহেল আলম, ইফতিকাৰ আহমেদ আৰু সাব্বিৰ আহমেদ নামৰ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হয়। এজনৰ ঘৰ হাইলাকান্দি, এজনৰ গুৱাহাটী আৰু আনজনৰ ঘৰ শ্ৰীভূমিৰ পাথাৰকান্দিত বুলি জানিব পৰা গৈছে।


উল্লেখ্য যে ধৃত ইফতিকাৰ আহমেদ এয়াৰটেল কোম্পানীৰ এগৰাকী অভিযন্তা হিচাপে কৰ্মৰত। বৰ্তমানে আৰক্ষীয়ে তিনিওজনৰে জেৰা অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ