--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমকে ধৰি দেশৰ প্ৰায় সকলো স্থানতে পোৱা নেমুৰ বহু গুণ আছে। নেমুত থকা  ভিটামিন চিয়ে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা  বৃদ্ধি কৰাত যথেষ্ট সহায় কৰে। কিন্তু এই নেমুৱে কেতিয়াবা  বিপদো মাতিব পাৰে। নেমুৰ সৈতে কেইবিধমান বিশেষ খাদ্য গ্ৰহণ কৰিলে স্বাস্থ্যজনিত  সমস্যাৰ সৃষ্টি  হ'ব পাৰে, আনকি কেতিয়াবা  স্বাস্থ্যৰ গুৰুতৰ ক্ষতিও হ'ব পাৰে।নেমুৰ সৈতে কেনে  খাদ্য নাখাব জানো আহক-

বিলাহী: চালাডত যদি  বিলাহীৰ সৈতে নেমুও তেন্তে অৱশ্যে এই দুয়োটাৰ সংমিশ্ৰণে শৰীৰৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে। ইয়াৰ কাৰণ হৈছে বিলাহী আৰু নেমু দুয়োটাতে এচিড বেছি থাকে। ফলস্বৰূপে যদি একেবাৰতে অধিক এচিড শৰীৰত প্ৰৱেশ কৰে, হজমৰ বিজুতি, কোষ্ঠকাঠিন্য আদিৰ দৰে বহু  সমস্যাই দেখা দিব পাৰে। 

মিঠা ফল: নেমুৰ টেঙা সোৱাদত বহু গুণ আছে। মিঠা ফলৰ সোৱাদে এই টেঙা গুণ  নষ্ট কৰে। সেয়ে মিঠা ফলৰ সৈতে নেমু মিহলাই নোখোৱাই ভাল। অৱশ্যে যদি আপুনি যিকোনো ফলৰ সৈতে নেমু মিহলি কৰিব বিচাৰে, তেন্তে নিশ্চিতভাৱে সোৱাদ অনুসৰি নেমুৰ ৰস সীমিত পৰিমাণেহে ব্যৱহাৰ কৰিব পাৰে। আপুনি সোৱাদ বঢ়াবলৈ অলপ মৌও ব্যৱহাৰ কৰিব পাৰে।

পালেং শাক:পালেং শাকৰ  সৈতে নেমুৰ ৰস মিহলি কৰিলে শাকৰ  ৰং ক'লা হ'ব পাৰে আৰু শাক খিনিৰ ভিটামিন আদি  ধ্বংস কৰিব পাৰে। ফলস্বৰূপে নেমুৰ সৈতে পালেং শাক খালেও হজমৰ বসংগতি হ’ব পাৰে। পৰাপক্ষত সেয়ে  পালেং শাক আন শাকৰ সৈতে  নেমু  মিহলি নকৰাই ভাল। 



গাখীৰ: গাখীৰৰ সৈতে নেমুৰ ৰস মিহলি কৰিলে গাখীৰ ফাটি যায় । গাখীৰৰ সৈতে নেমু খালে   এচিডিটি বা বুকু জ্বলাৰ দৰে সমস্যা হ'ব পাৰে। সেয়েহে গাখীৰৰ পৰা তৈয়াৰী কোনো খাদ্যৰ সৈতে নেমু মিহলি নকৰিব। নেমু খোৱাৰ কিছু সময় আগতে খাব পাৰে।

ঘোল: গাখীৰৰ দৰে, নেমুৰ ৰসে দৈৰ  ঘোলৰ ওপৰতো ক্ৰিয়া কৰে। নেমুৰ ৰসে  দৈৰ ৰাসায়নিক পৰিৱৰ্তন ঘটাব পাৰে। অৱশ্যে, কেৱল নেমুৱেই নহয়, দৈৰ সৈতে যিকোনো নেমু সদৃশ টেঙা ফল মিহলাব নালাগে বাবে একেলগে খাব নালাগে। এনে কৰি  শৰীৰত বিষাক্ত পদাৰ্থৰ পৰিমাণ বৃদ্ধি হ’ব পাৰে। ইয়াৰ ফলত এলাৰ্জিৰ সমস্যা হ’ব পাৰে। মূৰৰ বিষ, উশাহ চুটি হোৱা আদিৰ দৰে সমস্যাও হ'ব পাৰে।

সুগন্ধি মচলা: নেমুৰ সোৱাদ আৰু গোন্ধ দুয়োটাই অতি তীব্ৰ। গতিকে সুগন্ধি মচলা যেনে লং বা ইলাচী আদিৰ সৈতে নেমুৰ ৰস  মিহলি কৰিলে সোৱাদ নষ্ট হ'ব পাৰে। গতিকে এই মচলাযুক্ত খাদ্যবোৰত অতি কম পৰিমাণতহে নেমু ব্যৱহাৰ কৰা ভাল।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ