--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ব্যক্তিগত মালিকানাধীন ফেৰীয়ে নামানে কোনো নীতি-নিদের্শনা। এইসমূহক নাকী লগাব নোৱাৰিলে পুনৰ যাত্ৰীৰ জীৱনলৈ সংশয় নামি আহিব।

ডিজিটেল ডেস্ক : নিমাতীঘাট-মাজুলী সংযোগী জলপথত কেইবছৰমানৰ পূৰ্বে নাও দুর্ঘটনাত তিনিজনকৈ যাত্রীয়ে প্ৰাণ হেৰুওৱাৰ পাছতো গা লৰা নাই অভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ। যাত্ৰীৰ সুৰক্ষাৰ দিশটো আওকাণ কৰি মাথোঁ ধন ঘটাৰ অচিলাৰে বহু ব্যক্তিগত মালিকানাধীন ফেৰী নির্বিবাদে চলাচল কৰি আহিছে। পর্যাপ্ত লাইফ জেকেট, লাইফ বয়কে ধৰি সুৰক্ষামূলক সামগ্রীসমূহ নথকাকৈয়ে নিমাতী-মাজুলীৰ মাজত ফেৰীসেৱা চলাচল কৰি আহিছে যদিও যোৰহাট অথবা মাজুলী জিলা প্রশাসনে অকণো গুৰুত্ব আৰোপ কৰা নাই।


ফেৰীসমূহত যাত্ৰী অনুসৰি লাইফ জেকেট নোহোৱাকৈয়ে দৈনিক নাও সেৱা অব্যাহত ৰাখিছে বিভাগে। আনহাতে, কিছু সংখ্যক ফেৰীত পিন্ধাৰ অনুপযোগী তথা লাইফ জেকেটৰ ৰছী ছিগা অৱস্থাত যাত্ৰীক দেখুৱাই ৰাখি থৈছে। 


এইসমূহ ব্যৱহাৰৰ অনুপযোগী হোৱাত সম্ভাব্য বিপদৰ পৰা সাৰিব পৰাকৈ সুৰক্ষামূলক সামগ্ৰীসমূহৰ ব্যৱহাৰ কৰিব নোৱাৰিব। কালিও এনে এক অৱস্থাই সৃষ্টি হয় নিমাতী-মাজুলী জলপথত। ৰাতিপুৱা প্ৰায় ১০-৩০ বজাত নিমাতীৰ পৰা মাজুলী অভিমুখে কমলাবাৰী ঘাটেৰে যোৱা ব্যক্তিগত মালিকানাধীন ফেৰীখন ব্ৰহ্মপুত্ৰৰ মাজত প্ৰবল ধুমুহাত পৰে। নদীখনৰ মাজত ধুমুহা অহাত যাত্ৰীসকলৰ মাজত স্বাভাৱিকতে আতংকৰ সৃষ্টি হয়। নাৱৰীয়াই ব্ৰহ্মপুত্ৰৰ কাষৰ চাপৰিত নাওখন ৰখায় বুলি জানিব পৰা গৈছে। কিন্তু ধুমুহাত আতংকিত হোৱা যাত্রীয়ে লাইফ জেকেট পৰিধান কৰিবলৈ গৈ বিমুখ হ'ব লগীয়া হয়। কাৰণ লাইফ জেকেট পিন্ধাৰ বাবে থকা ব্যৱস্থাসমূহেই ছিগি আছে। 


সুৰক্ষামূলক ব্যৱস্থা ফেৰীখনত নথকাত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। এই সম্পর্কত যাত্রী আৰু নাৱৰীয়াৰ কৰ্মচাৰীৰ মাজত বাকযুদ্ধও হৈছে বুলি জানিব পৰা গৈছে। অকল কমলাবাৰী ঘাটেৰে যোৱা এইখন ব্যক্তিগত মালিকানাধীন ফেৰীয়েই নহয়, বহুকেইখন ফেৰীতে পর্যাপ্ত ব্যৱস্থা নাই। লক্ষণীয় যে ৰাজ্যখনৰ বহু ঠাইত কেইবাটাও নাও দুর্ঘটনাত ইতিমধ্যে কেইবাজনো লোকে প্রাণ হেৰুৱা বলগীয়া হৈছে। তৎসত্ত্বেও নিমাতীঘাট-মাজুলীৰ বিভাগীয় বিষয়াসকলে যাত্ৰীৰ সুৰক্ষাৰ বাবে পর্যাপ্ত ব্যৱস্থা নোলোৱাটোৱে সূচাইছে কি? 


লক্ষণীয় যে নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ পাছত ৰাজ্য চৰকাৰৰ লগতে অভ্যন্তৰীণ জলসম্পদ বিভাগে যাত্ৰীসকলৰ সুৰক্ষাৰ দিশটোত অতিশয় গুৰুত্ব আৰোপ কৰি বহুকেইটা ব্যৱস্থা গ্রহণ কৰিছিল। বিশেষকৈ নিমাতী-মাজুলী ফেৰীঘাটৰ সকলো ফেৰীতে ডাবল মেৰাইন ইঞ্জিনৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছিল। সেই সময়ত কিছুদিনলৈ চৰকাৰী নিৰ্দেশনা অনুসৰিয়ে ফেৰী চলাচল হ'ল। 


কিন্তু এতিয়া নিমাতী-মাজুলী ফেৰীত এটা ইঞ্জিনৰ ব্যক্তিগত মালিকানাধীন ফেৰীৰ চলাচল হৈ আছে। যিসমূহত সমূলঞ্চে আওকাণ কৰা হৈছে যাত্ৰীৰ জীৱনৰ নিৰাপত্তাৰ দিশটো। ৰাজনৈতিক আশিসধন্য নেতাৰ পৰা বিভাগীয় বিষয়ালৈকে ফেৰীসেৱা ধনঘটাৰ অচিলা কৰি তোলাৰ ফল এতিয়া ভুগিব লগীয়া হৈছে যাত্রীসকলে। ব্যক্তিগত মালিকানাধীন ফেৰীয়ে নামানে কোনো নীতি-নিদের্শনা। এইসমূহক নাকী লগাব নোৱাৰিলে পুনৰ যাত্ৰীৰ জীৱনলৈ সংশয় নামি আহিব। মাজুলী আৰু যোৰহাটৰ জিলা প্ৰশাসনক এই ক্ষেত্রত সময়োচিত পদক্ষেপ গ্রহণ কৰিবলৈ সচেতন ৰাইজে আহ্বান জনাইছে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান