--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • স্কুলৰ জিৰণিৰ সময়ত ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ মাজতো মিঠাই বিতৰণ ন বিধায়কগৰাকীৰ। মিঠা মুখেৰে যেন পৰিৱৰ্তনৰ যাত্ৰাৰ বাবে সাজু হৈছে ধিং সমষ্টিবাসী।

ডিজিটেল ডেস্ক: বিধানসভা নিৰ্বাচনৰ ফলাফলৰ আনন্দ উল্লাস এতিয়াও অব্যাহত আছে ধিং সমষ্টিত। ফলাফলৰ পাছত স্কুলৰ ছাত্ৰ-ছাত্ৰীকে ধৰি জুম্মাৰ নামাজীৰ মাজত ন বিধায়কৰ মিঠাই বিতৰণ।


অসমৰ ৰাজনীতিত পৰিৱৰ্তনৰ জ্বৰে তচনচ কৰিলে এ আই ইউ ডি এফৰ ভেটি। এ আই ইউ ডি এফৰ ২০ বছৰীয়া ৰাজত্বৰ অৱসান ঘটাই প্ৰাক্তন সাংবাদিক মেহবুব মুক্তাৰক দিছপুৰলৈ নিৰ্বাচিত ধিং সমষ্টিবাসীৰ। বিৰোধী মিত্ৰ-জোটৰ হৈ ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীক প্ৰায় ৭২ হাজাৰ ভোটত জয়ী হয়। প্ৰাৰ্থীগৰাকীৰ জয়ৰ পাছৰ পৰাই ধিং সমষ্টিত মিঠাইৰ বৰষুণ। 


ৰিজাল্ট ঘোষণাৰ দিন ধৰি বিভিন্ন স্থানত মিঠাই বিতৰণ। ন বিধায়কৰ মিঠাই খাইছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰা জুম্মাৰ নামাজীলৈ সকলোৱে। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছৰ প্ৰথমটো জুম্মাৰ নামাজত অংশগ্ৰহণ কৰি দুই সহস্ৰাধিক নামাজীৰ মাজত মিঠাই বিতৰণ বিধায়ক মেহবুব মুক্তাৰৰ। স্কুলৰ জিৰণিৰ সময়ত ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ মাজতো মিঠাই বিতৰণ ন বিধায়কগৰাকীৰ। মিঠা মুখেৰে যেন পৰিৱৰ্তনৰ যাত্ৰাৰ বাবে সাজু হৈছে ধিং সমষ্টিবাসী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত